নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬০ৰ ঊর্ধ্বৰ ৪১ শতাংশ লোক আক্রান্ত

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড সংক্রমণ

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ক’ভিডৰ সংক্রমণ৷ মহামাৰীৰ তৃতীয় লহৰত এদিনতে ক’ভিডত আক্রান্ত হৈছে ৮ হাজাৰতকৈ অধিক লোক৷ কার্যতঃ ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্রনৰ প্রাদুর্ভাৱত দ্রুতৰ পৰা দ্রুতগতিত বাঢ়িছে আক্রান্তৰ সংখ্যা৷ উল্লেখ্য যে বিগত বর্ষৰ দ্বিতীয় ঢ়ৌত সর্বাধিক আক্রান্তৰ সংখ্যা আছিল ৬,৫৭৩জন৷ ২০২১ চনৰ ২০ মে’ত এই সংখ্যা স্পর্শ হৈছিল৷ কিন্তু অমিক্রনৰ সংক্রমণে পূর্বৰ সকলো অভিলেখ ভংগ কৰি আজিৰ দিনটোত ৮,৩৩৯জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ৰাজ্যত অমিক্রনৰ সংক্রমণ প্রাৰম্ভিক পর্যায়তে আছে৷ এই পৰিস্থিতি অব্যাহত থাকিলে অহা সময়ছোৱাত আক্রান্তৰ হাৰ বৃদ্ধি হোৱাই নহয়, মৃত্যুৰ হাৰো বৃদ্ধি হোৱাৰ সম্ভাৱনাই দেখা দিছে৷

ইফালে স্বাস্থ্য বিভাগে শেহতীয়াকৈ চলোৱা এক সমীক্ষাত স্পষ্ট হৈছে যে ৫০–৬০ৰ ঊর্ধ্বৰ ৪১ শতাংশ লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আনহাতে, ২১ বছৰ বয়সৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰত গড়ে ১৯.৭২ শতাংশ লোক ক’ৰোনাত আক্রান্ত হৈছে৷ একেদৰে ৩১–৪০ বছৰ ঊর্ধ্বৰ ১৪.০৩ শতাংশ লোক ক’ৰোনাত আক্রান্ত হৈছে৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি অমিক্রনৰ সংক্রমণ অধিক ভয়াৱহ নহয় যদিও ই কম সময়ৰ ভিতৰতে অধিক লোকক আক্রান্ত কৰাৰ ক্ষমতা আছে৷ ফলত ২০–৪০ বছৰৰ লোক শেহতীয়াকৈ অধিক হাৰত আক্রান্ত হৈছে৷

ইফালে সংক্রমণৰ এনে উদ্বেগজনক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আজি স্বাস্থ্য বিভাগে এক নতুন নির্দেশনা জাৰি কৰিছে৷ স্বাস্থ্য বিভাগে প্রকাশ কৰা নতুন নির্দেশনা অনুসৰি ক’ভিডত আক্রান্তক ৫ দিনৰ ভিতৰতেই চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ব৷ কিন্তু আক্রান্তজন দুদিন হোম আইছ’লেচনত থাকিব লাগিব৷ চিকিৎসালয়ৰ পৰা ডিছার্জৰ সময়ত পুনৰ ক’ৰোনা পৰীক্ষাৰ প্রয়োজন নহ’ব৷ অৱশ্যে কোনো আক্রান্তৰ যদি লক্ষণ থকা বুলি চিকিৎসকে চিনাক্ত কৰে, তেন্তে তেওঁক ডিছার্জৰ সময়ত ক’ভিড পৰীক্ষা কৰা হ’ব পাৰে৷ স্বাস্থ্য বিভাগৰ নির্দেশনাত স্পষ্ট কৰি দিয়া হৈছে যে সকলো জৰুৰীকালীন সেৱা বিশেষকৈ অস্ত্রোপচাৰ আৰু গর্ভৱতী মহিলাৰ ক্ষেত্রত ক’ভিড পৰীক্ষাৰ প্রয়োজন নাই৷ অৱশ্যে কোনো ৰোগীৰ যদি ক’ভিডৰ লক্ষণ থাকে, তেন্তে পৰীক্ষাৰ প্রয়োজন হ’ব৷ নির্দেশনাত ইয়াকো উল্লেখ কৰা হৈছে যে জৰুৰীকালীন সেৱাৰ ক্ষেত্রত ক’ভিড পৰীক্ষাক লৈ চিকিৎসা বিলম্ব কৰিব নোৱাৰিব৷ একেদৰে নির্দেশত স্বাস্থ্য বিভাগে স্পষ্ট কৰিছে যে কেজুৱেল্টী, চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰী সেৱা, জিলা হাস্পতাল, সকলো ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী হাস্পতাললৈ অহা ৰোগীক ক’ভিড পৰীক্ষাৰ বাবে ৰখাই থ’ব নোৱাৰিব৷ সংক্রমণ বৃদ্ধিৰ মাজতে আজিৰ দিনটোত ৰাজ্যত ৬৪,৬৯৯ লোকৰ ক’ভিড পৰীক্ষা কৰাত ৮,৩৩৯জন লোক ক’ৰোনাত আক্রান্ত চিনাক্ত হৈছে৷ আক্রান্তৰ হাৰ হ’ল ১২.৮৯ শতাংশ৷ আনহাতে, আজিৰ দিনটোত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হৈছে ১৫জনকৈ লোকৰ৷

গুৱাহাটী মহানগৰীত আজিৰ দিনটোত ১,৯২৯জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত শোণিতপুৰৰ ৩জন, গোলাঘাটৰ ২জন, যোৰহাটৰ ২জন, বাক্সা, বঙাইগাঁও, কাছাৰ, দৰং, ডিব্রুগড়, হাইলাকান্দি, মৰিগাঁও আৰু তিনিচুকীয়াত এজনকৈ লোক আছে৷ লক্ষণীয়ভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ত যোৱা ১ জানুৱাৰীৰ পৰা আজিলৈকে ১২জনকৈ ক’ভিড পজিটিভৰ মৃত্যু ঘটিছে যদিও ইয়াৰে ১১জনেই অন্যান্য আনুষংগিক ৰোগত আক্রান্ত আছিল৷ অর্থাৎ এজনহে কেৱল ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা বুলি সদৰী কৰিছে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিত শর্মাই৷ ইফালে গুৱাহাটীৰ পাছতেই আজিৰ দিনটোত সর্বাধিক আক্রান্ত হৈছে ডিব্রুগড় জিলাত৷ জিলাখনত আজি আক্রান্তৰ সংখ্যা হ’ল ৫১৩৷ আনহাতে, যোৰহাট জিলাত ৪১৪ আৰু কাছাৰ জিলাত ৩৯৬জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ সংক্রমণ বৃদ্ধিৰ বিপৰীতে কিন্তু আজিৰ দিনটোত ২,৭২৩জন লোক ক’ৰোনামুক্ত হৈছে৷ অৱশ্যে এতিয়াও ক’ৰোনাত আক্রান্ত হৈ আছে ৩৫,১৬১জন লোক৷
ক’ভিডত আক্রান্ত শিক্ষার্থী, আজমলৰ দুই শিক্ষানুষ্ঠান বন্ধৰ নির্দেশ
হোজাই জিলা প্রশাসনে আজি আজমল চি এছ আৰৰ অধীনস্থ দুখন শিক্ষানুষ্ঠান ক’ৰোনা সংক্রমণ বৃদ্ধিৰ বাবে বন্ধৰ নির্দেশ দিছে৷ হোজাইৰ বৰপুখুৰীৰ মৰিয়ম আজমল অ’মেন কলেজ আৰু হাম হাস্পতালত থকা হাম নার্ছিং কলেজ দুখন আজিৰে পৰা অহা ২৫ জানুৱাৰীলৈকে বন্ধ কৰাৰ নির্দেশ দিছে৷ এই শিক্ষানুষ্ঠান দুখনত আজি ক’ভিড পৰীক্ষা কৰোঁতে মৰিয়ম আজমলত ৩৪জন আৰু নার্ছিং কলেজত ২৭গৰাকী ক’ৰোনাত আক্রান্ত বুলি চিনাক্ত হয়৷ হোজাইত ইতিমধ্যে সর্বাধিক ২৪২জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷
চাংসাৰিৰ আর্য নার্ছিং কলেজত ক’ৰোনাৰ ভয়ংকৰ সংক্রমণ
কামৰূপ জিলাৰ চাংসাৰিৰ সমীপৰ নিজ সুন্দৰীঘোপাস্থিত আর্য নার্ছিং কলেজত ক’ৰোনাৰ ভয়ংকৰ সংক্রমণ হৈছে৷ যোৱা দুটা দিনত চাংসাৰি ৰাজ্যিক চিকিৎসালয় আৰু তোলাৰাম বাফনা হাস্পতালত ক’ভিড পৰীক্ষাকালত মুঠ ৩৩গৰাকীকৈ নার্ছিং শিক্ষার্থী পজিটিভ চিনাক্ত হৈছে৷ চাংসাৰি স্বাস্থ্যকেন্দ্রৰ চিকিৎসা বিষয়া ডাঃ তফিকুদ্দিন আহমেদে জনোৱা মতে, আজি নার্ছিং কলেজখনত পৰীক্ষা কৰাত ৩৫২গৰাকী শিক্ষার্থীৰ ভিতৰত ৯২গৰাকী পজিটিভ চিনাক্ত হয়৷ এতিয়ালৈ নার্ছিং কলেজখনত মুঠ ১২৫গৰাকী শিক্ষার্থী ক’ৰোনাত আক্রান্ত হৈছে৷ ইতিমধ্যে আর্য নার্ছিং কলেজখন কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷
কাছাৰত ৫৩৩জন ক’ৰোনাত আক্রান্ত
যোৱা ২৪ ঘণ্টাত কাছাৰ জিলাত ৫৩৩জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আনহাতে, এজন আক্রান্ত লোকৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছে৷ বর্তমান জিলাখনত ১,৮৯৩জন লোক ক’ভিডত আক্রান্ত হৈ আছে৷
দেশত পজিটিভিটি ১৫.১৩ শলৈ বৃদ্ধিঃ ফেব্রুৱাৰীলৈ নিষিদ্ধ আন্তর্জাতিক বাণিজ্য বিমান
দেশত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বর্ধিত হৈ আছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি ক’ভিডত আক্রান্ত হৈছে ২.৮২ লাখ আৰু মৃত্যু ঘটিছে ৪৪১জনৰ৷ ক’ভিড–১৯ৰ লগতে অমিক্রনত আক্রান্তৰ সংখ্যাও বর্ধিত হৈ আছে৷ দেশত অমিক্রনত আক্রান্তৰ সংখ্যা ৮,৯৬১জনলৈ বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত আক্রান্ত ২,৮২,৯৭০জনসহ বর্তমান দেশত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ১৮,৩১,০০০জন৷ দৈনিক পজিটিভিটীৰ হাৰ ১৫.১৩ শতাংশলৈ বৃদ্ধি হৈছে৷ আনপিনে, যোৱা ২৪ ঘণ্টাত ৪৪১জন লোকৰ মৃত্যু ঘটাত দেশত মৃতকৰ সংখ্যা ৪,৮৭,২০২জনলৈ বৃদ্ধি পাইছে৷ সোমবাৰৰ তুলনাত মঙলবাৰে আক্রান্তৰ সংখ্যা ৪৪ সহস্রাধিক অধিক হৈছে৷ দেশৰ ৰাজধানী দিল্লীত আক্রান্তৰ সংখ্যা বর্ধিত হৈ থকাত দৈনিক পজিটিভিটীৰ হাৰ ২৭.৯৯ শতাংশলৈ বৃদ্ধি পাইছে৷ মহাৰাষ্ট্র আৰু কেৰালাত আক্রান্তৰ সংখ্যা বাকী ৰাজ্যসমূহৰ তুলনাত অধিক৷ কালি অসমতো ক’ৰোনা মহামাৰীৰ প্রাদুর্ভাৱ হোৱাৰ সময়ৰে পৰা এদিনত সর্বাধিক আক্রান্ত হৈছে৷ আনপিনে, ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশত অমিক্রনসহ ক’ভিডত আক্রান্তৰ সংখ্যা বর্ধিত হৈ থকাৰ প্রতি লক্ষ্য ৰাখি ভাৰতে আন্তর্জাতিক বাণিজ্যিক বিমান সেৱা নিষিদ্ধৰ সময়সীমা সম্প্রসাৰণ কৰিছে৷ অসামৰিক বিমান পৰিবহণ সঞ্চালকপ্রধানে ঘোষণা কৰা অনুযায়ী অহা ২৮ ফেব্রুৱাৰীলৈকে আন্তর্জাতিক বাণিজ্যিক বিমান সেৱা নিষিদ্ধ হৈ থাকিব৷ লক্ষণীয় যে আন্তর্জাতিক বাণিজ্যিক বিমান সেৱা নিষিদ্ধ হ’লেও পূর্বৰ দৰেই এয়াৰ বাবল ফ্লাইট, বন্দে ভাৰত আৰু কার্গো বিমান চলাচল অব্যাহত থাকিব৷ ইপিনে, মহামাৰী ক’ভিডত আক্রান্ত হৈ প্রাণ হেৰুওৱা লোকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্রত বিলম্ব কৰা বিহাৰ আৰু অন্ধ্রপ্রদেশ চৰকাৰক উচ্চতম ন্যায়ালয়ে সতর্ক কৰি দি এই সন্দর্ভত দুয়োখন ৰাজ্যৰ মুখ্য সচিবক ন্যায়ালয়ত হাজিৰ হ’বলৈ নির্দেশ দিছে৷ উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে ক’ভিডত প্রাণ হেৰুওৱা লোকৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ নির্দেশ দিয়াৰ পাছতো সেয়া কিয় বিহাৰ আৰু অন্ধ্রপ্রদেশ চৰকাৰে পালন কৰা নাই, এই সন্দর্ভত কঠোৰ হৈ ন্যায়ালয়ৰ বিচাৰপীঠে ৰাজ্য দুখনৰ মুখ্য সচিবক ন্যায়ালয়ত হাজিৰ হৈ উত্তৰ দিবলৈ নির্দেশ দিছে৷

You might also like