নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত এবিভিপিৰ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

  • শিক্ষাৰ্থী সকলক উচ্চ শিক্ষিত হলে আত্মকেন্দ্ৰিক হব নালাগেঃ মন্ত্ৰী পীযুষ হাজৰীকা
  • জালুকবাৰী সমষ্টিত এপ্ৰিলৰ পৰা আৰম্ভ হ’ব তিনিখন চিবিএচই স্কুলঃ হেমন্ত চৌধুৰী

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ  “হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগত ৯ – ১০ বছৰ অতি গুৰুত্বপূৰ্ণ সময় ৷ এই সময়চোৱাত সঠিক ভাবে পঢ়া শুনা আগবঢ়াই নিব নোৱাৰিলে যোগ্যতা অৰ্জন কৰাত ব্যাপক অসুবিধা হয় ৷ যাৰ বাবে গোটেই জীৱনটো অসহনীয় হৈ পৰাৰ সম্ভৱনা থাকে ৷ সেয়েহে নিজৰ জীৱনটো সঠিক দিশত গঢ়ি তুলিবলৈ হ’লে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীয়াৰ উৰ্ত্তীৰ্ণৰ পিছত অধিক মনোযোগ , একাগ্ৰতা , ধৰ্য্য আৰু কষ্টৰে অধ্যয়ণত ব্ৰতী হব লাগিব ৷”– এই মন্তব্য অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৃহত্তৰ শুৱালকুছিৰ উদ্যোগত আজি স্হানীয় প্ৰেক্ষাগৃহত অনুস্হিত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুস্হানত অংশ গ্ৰহণ কৰি তেওঁ পুনৰ কয় যে শিক্ষাৰ্থী সকল উচ্চ শিক্ষিত হোৱাৰ পিছত আত্মকেন্দ্ৰিক হ’ব নালাগে ৷ আত্মকেন্দ্ৰিক হলে কৰোবাত নহয় কৰোবাত ৰৈ যাব লাগিব ৷ সেই সময়ত বিপদত পৰিলেও সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহিব ৷ উচ্চ শিক্ষিত হৈ নিজৰ নিজৰ সমাজখন আগবঢ়াই নিয়াৰ দ্বায়িত্ব ছাত্ৰ ছাত্ৰী সকলে ল’ব লাগিব ৷ তেওঁ পুনৰ কয় যিয়ে জীৱনত যোগ্যতা অৰ্জন কৰিব পাৰে তেওঁ সফলতায়ো লাভ কৰে ৷ নিজে নিজ কৰ্মৰে জিলিকি উঠাৰ চেষ্টাত ব্ৰতী হব লাগিব ৷ তেওঁ ছাত্ৰ ছাত্ৰী সকল শিপা নেহেৰুৱাবলৈ আহ্বান জনায় কয় যে প্ৰথমে গাঁওখন, তাৰ পিছত ৰাজ্যখন আৰু তাৰ পিতে দেশখনক গভীৰ ভাবে ভাল পাব লাগিব ৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে অংশ লৈ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে শিক্ষাৰ্থীসকলক শৈক্ষিক দিশত সফলতাৰে অগ্ৰহৰ হবলৈ আহ্বান জনায় কয় যে তোমালোকে হতাশাক কেতিয়াও প্ৰশ্ৰয় নিদিবা ৷ মানুহৰ জীৱনত কেতিয়াবা কেতিয়াবা ব্যৰ্থতা আহে যদিও সেই ব্যৰ্থতাক প্ৰত্যাহ্বান জনাই আগবাঢ়ি গলে কব নোৱাৰকৈ সফলতা নামি আহিব ৷ অভিভাৱক সকলে নিজৰ লৰা ছোৱালীক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত সঠিক ভাবে নজৰ ৰাখিব লাগিব ৷ নহলে ছাত্ৰ-ছাত্ৰী সকল বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনা থাকে ৷ বহুত ছাত্ৰ ছাত্ৰয়ে উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ চহৰলৈ যোৱাৰ পিছত উদ্দেশ্য সফলতাত ব্যৰ্থ হোৱাও পৰিলক্ষিত হৈছে ৷ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা গ্ৰহণৰ সময়ছোৱাত আন চিন্তাৰ পৰা নিজক আতৰাই ৰখাটো যুগুত বুলি তেওঁ দোহাৰে ৷ তেওঁ পুনৰ কয় যে অসমৰ মুখ্যমন্ত্ৰী তথা স্হানীয় বিধায়ক ড°হিমন্ত বিশ্ব শৰ্মাই অসমৰ শৈক্ষিক দিশৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে ৷ জালুকবাৰী সমস্টিত আগত এপ্ৰিল মাহত তিনিখন চি বি এচ ই (CBSE) পাঠ্যক্ৰমৰ বিদ্যালয় স্হাপন কৰা হব বুলি উল্লেখ কৰি ইয়াৰে এখন চাংসাৰিত, এখন উত্তৰ গুৱাহাটীত আৰু এখন শুৱালকুছিত বুলি কয় ৷ ইতিমধ্যে শুৱালকুছি ইঞ্জিনীয়াৰিং কলেজৰ নিৰ্মাণ কাৰ্য চলি থকা বুলি উল্লেখ কৰাৰ লগতে শুৱালকুছিৰ নিৰ্মিয়মান ক্ৰীড়া প্ৰকল্পৰ কামো শীঘ্ৰে সম্পূৰ্ণ হৈ উঠিব বুলি অৱগত কৰে ৷ উচ্চ মাধ্যমিকৰ ১৩২ আৰু উচ্চতৰ মাধ্যমিকৰ ৯৫ গৰাকী ছাত্ৰ ছাত্ৰীক মানপত্ৰ, এবিভিপিৰ মাফলা, কলম আৰু কিতাপৰে সম্বৰ্ধনা জনোৱা উক্ত অনুষ্ঠানত এবিভিপি ৰাজ্যিক সম্পাদক ৰাকেশ বৈশ্য, মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা, এমন্ট্ৰনৰ স্বাত্বাধিকাৰী পল্লৱ আগৰৱালা, ৰাজ্যিক পৰিবহন বিভাগৰ উপ সঞ্চালক প্ৰণৱজ্যোতি লহকৰ প্ৰমুখ্যে কেবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ ৰূপক বৈশ্যই আত ধৰা উক্ত অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই এবিভিপিৰ শুৱালকুছি শাখাৰ সভাপতি বিকি শৰ্মাই ৷

You might also like