নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাত ৪১ টা অমৃত সৰবৰ লগতে তিনি হাজাৰৰ অধিক প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ শুভাৰম্ভ 

নিয়মীয়া বাৰ্তা , ১৮ ছেপ্টেম্বৰ : বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত ভাৰত ভূটান সীমান্ত এলেকাৰ জিলা খনৰ দাওধাৰাত কালি আবেলি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ২৩,৫৯,৬১০/- টকা ব্যয়েৰে খান্দিবলৈ লোৱা অমৃত সৰবৰ কামৰ শুভাৰম্ভ কৰে। কামৰ আধাৰ শিলা স্থাপন কৰি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয়, ” সমগ্ৰ ভাৰত বৰ্ষৰ লগতে আজি অসমত অমৃত সৰবৰ কামৰ শুভ উদ্বোধন কৰি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনটো উদযাপন কৰা হৈছে। সমগ্ৰ ভাৰত বৰ্ষত প্ৰায় ৮০ হাজাৰোধিক অমৃত সৰবৰ চিনাক্ত কৰা হৈছে আৰু অসমত ২৬০০ কৈ অধিক অমৃত সৰবৰ আঁচনি হাতত লোৱা হৈছে। বাক্সা জিলাত অবিভক্ত বাক্সা জিলা হিচাপে তামুলপুৰক সাঙুৰি ৯৫ টা অমৃত সৰবৰ আঁচনি চিনাক্ত কৰা হৈছে । ইয়াৰে আজিৰ দিনত ৪১ টা আঁচনিৰ শুভাৰম্ভ কৰা হয়। ইয়াৰে মই তিনিটা নিজ হাতে শুভ উদ্বোধন কৰিছোঁ। ” উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, বিটিআৰৰ এমচিএলএ মন্টু বড়ো, বাক্সা জিলাৰ উপায়ুক্ত মাচান্দা মেগডালিন পাৰ্টিন, অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিন, ইউপিপিএলৰ ককলাবাৰী ব্লক কমিটীৰ সভাপতি বিজু বৰকছাৰীকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।উল্লেখ্য যে  দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে বাক্সা জিলাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত তিনি হাজাৰোধিক গৃহ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰা হয় বুলি জিলা প্ৰশাসনৰ তৰফৰপৰা জানিব দিয়ে ।

You might also like