নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টেৰে চালকৰ নম্বৰ লিখি পলায়ন হেণ্ডিমেনৰ

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ চতিয়াৰ সাপেখাতীত আজি পুৱতিনিশা এখন ডাম্পাৰে সাপেখাতী দলঙৰ ৰেলিঙত খুন্দিয়াই এক দুৰ্ঘটনা সংঘটিত কৰে৷ অঞ্চলটোৰ প্ৰাতঃভ্ৰমণলৈ যোৱা একাংশ লোকে আজি পুৱতিনিশা দলংখনৰ ৰেলিং ভাঙি এখন ডাম্পাৰ নং AR-04-A-1895 ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে৷ লোককেইজনে বিপদজনক অৱস্থাত ডাম্পাৰখন ওলমি থকা দেখি চতিয়া আৰক্ষীক খবৰ দিয়ে৷ চতিয়া আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ডাম্পাৰখন নিৰীক্ষণ কৰোঁতে গাড়ীখনৰ সন্মুখভাগত টুথপেষ্টেৰে লিখি থোৱা এটা ফোন নাম্বাৰ প্ৰত্যক্ষ কৰে৷ আৰক্ষীয়ে নাম্বাৰটোলৈ ফোন কৰাত দুৰ্ঘটনাত পতিত হোৱা ডাম্পাৰখনৰ সকলো তথ্য ওলাই পৰে৷ উল্লেখ্য যে উক্ত ফোন নাম্বাৰটো ডাম্পাৰখনৰ চালকৰ আছিল৷ চতিয়া আৰক্ষীয়ে জনোৱা মতে ডাম্পাৰখন বালিপৰাৰ কোনো নিৰ্মাণ প্ৰতিষ্ঠানৰ৷ কাম চলি থকা স্থানৰ পৰাই নিশা হেণ্ডিমেনে চালকৰ অগোচৰে ডাম্পাৰখন চলাই আহি চতিয়াৰ দলংখনত পুৱতিনিশা দুৰ্ঘটনা সংঘটিত কৰে৷ হেণ্ডিমেনজনে ডাম্পাৰখন চুৰি কৰাৰ উদ্দেশ্যেৰে নে লেবেল দি ডাম্পাৰ লৈ আলহী খাবলৈ আহিছিল সেইটো বৰ্তমানেও পোহৰলৈ অহা নাই৷ চতিয়া আৰক্ষীৰ তদন্ততহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ৷ সি যি কি নহওক পুৱতিনিশা এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা যে হেণ্ডিমেনজন বাচিল সি ধুৰূপ ৷

প্ৰেৰক প্ৰণৱ ওজা

You might also like