নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফ সূতা-কম্বল অৰ্ডাৰ দিয়া পাৰ্টী : মন্ত্ৰী পীযুষ হাজৰীকা

✅বৰমাত জয়ন্ত বসুমতাৰীৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা মন্ত্ৰী পীযুষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ এপ্ৰিলঃ আজিৰ পৰা ৭-৮ বছৰ আগতে যেতিয়া অসমত মথাউৰি ভাগিছিল, বানপানী হোৱাৰ দুবছৰ পাছলৈকে কংগ্ৰেছ চৰকাৰৰ দিনত, বিপিএফ চৰকাৰৰ দিনত মথাউৰি মেৰামতি কৰা হোৱা নাছিল।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি বাক্সা বিধানসভা সমষ্টিৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে চাৰণপাৰাৰ মথাউৰিৰ প্ৰসংগ উত্থাপন কৰি এই মন্তব্য কৰে। কিয়নো তেতিয়াৰ কংগ্ৰেছ-বিপিএফৰ চৰকাৰৰ দিনত এই মথাউৰিটো বানপানী হোৱাৰ দুবছৰ পাছতো মেৰামতি কৰা হোৱা নাছিল। তেওঁ কয় যে আজি সেই পৰিৱেশ নাইকিয়া হৈ গল। বিজেপি-ইউপিপিএল মিত্ৰজোঁটৰ চৰকাৰৰ দিনত সেই পৰিৱেশ আজি অসমত নাইকিয়া হৈ গল। আজি যদি কৰবাত বানপানী হয় লগে লগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰীগৰাকী সেই অঞ্চলত উপস্থিত হয় বুলি কয়। লগতে মুখ্যমন্ত্ৰীগৰাকীও সেই অঞ্চল পৰিদৰ্শন কৰে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰকাশ কৰে। যোৱা দুই-আঢ়ৈটা বছৰত বিশেষকৈ এই অঞ্চলত কাম কৰিবলৈ প্ৰয়াস কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এইক্ষেত্ৰত কিছু হলেও আমি সক্ষম হৈছে। তেওঁ আৰু কয় যে নলবাৰী আৰু বৰমাৰ দুয়োকাষে মথাউৰিৰ কাম সম্পূৰ্ণ কৰাৰ বাবে আজি নলবাৰী, তামুলপুৰ আৰু বৰমা বানমুক্ত হৈছে। এই কাম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত হৈছে, কিয়নো বিটিআৰৰ লোকসকলক মুখ্যমন্ত্ৰীয়ে অকৃত্ৰিমভাৱে ভালপায়, শ্ৰদ্ধা কৰে আৰু মৰম কৰে বুলি ভাষণত তেওঁ উল্লেখ কৰে। বিটিচিৰ চুক্তি মতে, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বিটিআৰৰ বাবে পোনপটীয়াকৈ টকা আহে, জলসম্পদ বিভাগে এই অঞ্চলত টকা মঞ্জুৰী দিব নালাগে কিন্তু নিয়মৰ বাহিৰত গৈ মন্ত্ৰীগৰাকীয়ে বিটিআৰত জলসম্পদ বিভাগৰ অধীনত ৩৫০ কোটি টকাৰ কাম কৰাৰ কথা উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে বিটিআৰৰ উন্নয়নৰ বাবে আৰু কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এইবেলি মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগত বিটিআৰত ৫০০ কোটি টকাৰ ৰাস্তা নিৰ্মাণ কৰা হৈছে। ফলত বিটিআৰখন এতিয়া আগতকৈ ধুনীয়া হল, মনোৰম হল বুলি তেওঁ ভাষণত কয়। ৭ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হব, কেন্দ্ৰত পুনৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হব, কোনো শক্তিয়ে তেওঁ ৰখাব নোৱাৰে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। এইবেলি লোকসভা নিৰ্বাচনত বিজেপি-মিত্ৰজোঁটে ১২ খন আসন লাভ কৰাটো নিশ্চিত বুলি কয় মন্ত্ৰীগৰাকীয়ে। আনকি ১৩খন আসন জিকাৰ পৰিৱেশো আছে বুলি উল্লেখ কৰি তেওঁ কয় যে কিয়নো আমি উন্নয়ন কৰিছো, আমি সকলোৰে বাবে কাম কৰিছো আৰু সকলোৰে কাৰণে কাম কৰিম। সভাত উদাত্ত ভাষণ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে মহিলাসকলক উদ্দেশ্যি কয় যে আমি মহিলাসকলক অৰুণোদয় দিওঁ, মহিলাসকলৰ মাক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিওঁ, ১ লাখ লৰা-ছোৱালীক চাকৰি দিওঁ- শ্ৰদ্ধাৰ মহিলাসকলে সিদ্ধান্ত লব লাগিব যে আমি সূতা-কম্বল পাৰ্টিক ভোট দিম নে কেন্দ্ৰত চৰকাৰ চলোৱা, অসমত চৰকাৰ চলোৱা বিজেপিক ভোট দিম। কংগ্ৰেছ আৰু বিপিএফক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সূতা কম্বল পাৰ্টি আৰু বিপিএফক সূতা-কম্বল অৰ্ডাৰ দিয়া পাৰ্টি বুলি কটাক্ষ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ দিনত গুৱাহাটীত আছিল সূতা-কম্বল পাৰ্টি আৰু বিটিচিত আছিল সূতা-কম্বল অৰ্ডাৰ দিয়া পাৰ্টি বিপিএফ। গতিকে তেনেকুৱা পাৰ্টিক ভোট নিদিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে বিজেপি-ইউপিপিএলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। সভাত যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে আজি পালন কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উদাহৰণস্বৰূপে মহিলাৰ মাক্ৰফাইনেন্সৰ ঋণ ৰেহাই, ১ লাখ নিবনুৱাক চাকৰি, অৰুণোদয়ৰ ধন বৃদ্ধি কৰা আদিৰ কথা তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণত ৬০ বছৰ ৰাজ্যখন চলাই কংগ্ৰেছে কি কৰিছিল আৰু মাত্ৰ ৮ বছৰ ৰাজ্য চলাই বিজেপি চৰকাৰে কি কি কাম কৰিছে তাৰ খতিয়ানো দাঙি ধৰে। তেওঁ কয় যে কংগ্ৰেছে ৬০ বছৰত অসমত মেডিকেল কলেজ নিৰ্মাণ কৰিছিল মাত্ৰ ৬ খন, কিন্তু ৮ বছৰত বিজেপিয়ে অসমত ১৮ খন মেডিকেল কলেজ বনাবলৈ সক্ষম হয়। কংগ্ৰেছৰ দিনত মাত্ৰ ৭ খন বিশ্ববিদ্যালয় আছিল। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৮ বছৰত ১৫খন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিলে বুলি ভাষণ উল্লেখ কৰে। সভাত এনেদৰে কংগ্ৰেছ আৰু বিপিএফক তুলা-ধূনা দি মন্ত্ৰীগৰাকীয়ে ভাষণ দাঙি ধৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হল মন্ত্ৰী পীযুষ হাজৰীকাক। সভাত বিধায়ক দিগন্ত কলিতা, মানৱ ডেকা, ৰূপজ্যোতি কুৰ্মী, জলেন দৈমাৰী, বাক্সা জিলাৰ প্রভাৰী প্ৰণৱজ্যোতি বৰ্মন, বাক্সা বিজেপিৰ সভাপতি শৰত শৰ্মা, মুছলপুৰ জিলা ইউ পি পি এলৰ সভাপতি নিপন চন্দ্ৰ বড়ো আৰু আন আন বিজেপি মিত্ৰজোঁটৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

You might also like