নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত ফাটবিহুত অংশগ্রহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বিশেষ বাৰ্তা, ১৪ : “ফাটবিহু বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ এক লোক উৎসৱ। এই বিহুৱে শতিকাজুৰি সম্প্ৰীতিৰ বাণীৰে মহীয়ান কৰি আহিছে ঢকুৱাখনাৰ ৰাইজক। অতি মনোৰম চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘূলি চাপৰিত প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজত পালন কৰি অহা ফাটবিহু এতিয়া কেৱল ঢকুৱাখনীয়া ৰাইজৰে উৎসৱ হৈ থকা নাই। ই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ আকৰ্ষণৰ উৎসৱত পৰিণত হৈছে। ইয়ালৈ নাহিলে অনুভৱ কৰিব ফাটবিহুৰ সুকীয়া ঐতিহ্য আৰু মাদকতাৰ কথা।”- এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।আজি ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহুৰ অন্তিম দিনা ম’হঘুলি চাপৰিত উপস্থিত হৈ ফাটবিহুৰ মঞ্চত বিহুৰ অনুষ্ঠান উপভোগ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে ফাট বিহু উদযাপনস্থলীক পর্যটকৰ আকর্ষণৰ কেন্দ্র বিন্দুত পৰিণত কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব বুলি তেওঁ ঘোষণা কৰে৷ তেওঁ কয়, জাতীয় আত্মবিশ্বাস, গৌৰৱ আৰু সাহসৰ সমাহাৰেৰে বিহু প্রতিটো জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ প্রতীকত পৰিণত হৈছে৷ চহাজীৱনৰ লোকসংস্কৃতিৰে বিধৌত বিহুৰ বর্ণিলৰূপে সাংস্কৃতিক চেতনাৰে আগুৱাই যাবলৈ সকলোকে অনুপ্রাণিত কৰি আহিছে৷ বসন্তকালীন এই উৎসৱৰ লগত জড়িত হৈ আছে প্রকৃতিৰ প্রতি থকা আমাৰ আত্মিকতা আৰু লোকজীৱনৰ বৈচিত্র৷ মুখ্যমন্ত্রীয়ে কয় যে বিহু অসমৰ প্রকৃত সংস্কৃতি বুলি আখ্যায়িত কৰিব পাৰি৷ বিহু সৃষ্টি হৈছিল বিভিন্ন জনগোষ্ঠীয় সাংসৃক্তিক সমলৰ মিলনৰ ফলস্বৰূপে৷ তেওঁ লগতে কয় যে বিহু সৃষ্টি হৈছিল কৃষিজীৱী সমাজৰ প্রয়োজনৰ আধাৰত৷ বিহু অসমীয়া জাতিৰ পৰিচয় আৰু জাতীয় জীৱনৰ আয়ুষৰেখা হৈ পৰিছে বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে আহোম ৰাজবংশৰ দিনত বিহু উৎসৱে আনুষ্ঠানিকভাৱে ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰিবলৈ সমর্থ হয় আৰু প্রাকঐতিহাসিক কালৰে পৰা অসমলৈ অহা বিভিন্ন জনগোষ্ঠীয় কৃষ্টিৰ মনোৰম সমন্বয় আজিৰ বিহুৰ মাজত দেখিবলৈ পোৱা যায়৷ তেওঁ কয় যে বিহু অষ্ট্রলয়ড, দ্রাবিড়ী, মঙ্গলয়ড আৰু ককেচাছ জনগোষ্ঠীৰ সাংস্কৃতিক মিলনৰ অপূর্ব নিদর্শন বুলি কব পাৰি৷ আহোম ৰজাৰ পৃষ্ঠপোষকতাই তেওঁলোকৰ শাসনাধীন সকলো সামাজিক গোটকে এই উৎসৱ পালন কৰাৰ উদ্যম যোগাইছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ ফলস্বৰূপে বিভিন্ন লোকসমষ্টি বা জনগোষ্ঠীসকলে পৰম্পৰাগতভাৱে কৰি অহা তেওঁলোকৰ নৃত্য-গীতৰ কিছু উপাদান স্বতস্ফূর্ত ভাৱে বিহুৰ নৃত্য-গীত আৰু বাদ্যৰ লগত সংযোজিত কৰিছিল৷ তেওঁ লগতে মন্তব্য কৰে যে ফাট বিহু বৃহত্তৰ ঢকুৱাখনাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাপতিসাহোন৷ প্রাচীন কালৰে পৰা এই ফাট বিহুৱে সমন্বয়ৰ বার্তা বহন কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই ফাট বিহুৰ এক ঐতিহাসিক গুৰুত্ব আছে৷ আহোমৰ ৰাজত্বৰ সময়তে এই বিহুৱে ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় সমাদৰ লাভ কৰিছিল৷ ভূটান, অৰুণাচল, চিকিম, নাগালেণ্ডকে ধৰি ওচৰ-চুবুৰীয়া ৰাজ্যসমূহৰ জনসাধাৰণে এই ফাট বিহুক আকোঁৱালি লৈছিল৷ নৈপৰীয়া ঐতিহ্যৰ মাজেৰে সংস্কৃতিয়ে কিদৰে জীৱন্তৰূপ লাভ কৰিব পাৰে সেয়া ফাট বিহুৰ মাজেৰে উপলব্ধি কৰিব পাৰি৷ ফাট বিহু উদযাপনৰ এনে অভিনৱ আয়োজনৰ বাবে উদযাপন সমিতিক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে ফাট বিহুৰ দৰে পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰ বর্ণাঢ্য আয়োজনে অসমৰ পর্যটন খণ্ডত নতুন মাত্রা যোগ দিব৷ বৰপেটাৰ দৌল উৎসৱ, জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা, ঢকুৱাখনাৰ ফাট বিহু, ধেমাজিৰ আলি আয়ে লৃগাং, শিৱসাগৰৰ মে- ডাম মে-ফী আৰু মাজুলীৰ ৰাস উৎসৱকে ধৰি এশ এবুৰি উৎসৱে অসমৰ সাংস্কৃতিক পর্যটনৰ উজ্জ্বল সম্ভাৱনাক বহন কৰিছে৷ এই অনুষ্ঠানসমূহে অসমৰ সাংস্কৃতিক বোঁৱতী সুঁতিটোক চিৰ প্রৱাহমান কৰি ৰাখিছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে বহাগৰ সৈতে অসমীয়া জাতিৰ সম্পর্ক সদায়ে সুকীয়া৷ অসমীয়াৰ বাবে পৰিৱর্তন তথা ন-উদ্যমৰ বতৰা লৈ বহাগ আহে বুলিও তেওঁ কয়৷  উল্লেখ্য যে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে আদৰণি ভাষণ দিয়া অনুষ্ঠানত মুখ্যমন্ত্ৰীক ফাটবিহু সমিতিৰ তৰফৰ পৰা শৰাই, জাপি আৰু এখনি ফুলাম গামোছাৰে উষ্ম আদৰণি জনোৱা হয়। ফাটবিহুৰ কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে ঢকুৱাখনাৰ শ্ৰীশ্ৰীবাসুদেৱথান নৰোৱা সত্ৰলৈ যায়।সত্ৰলৈ যোৱাৰ পথত খজুৱা তিনিআলিত এক কি:মি: পথৰ দুয়োকাষে ৰৈ শ শ মহিলাই ফুল চতিয়াই মুখ্যমন্ত্ৰীক সম্ভাষণ জনায়। অনুষ্ঠানত সাংসদ প্রদান বৰুৱা, বিধায়ক নৱ কুমাৰ দলে, মানৱ ডেকা, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷  ইফালে পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ বিজেপি কৰ্মী সকলেও গামোছাৰে আদৰণি জনায়। ঢকুৱাখনাৰ ব্লকৰ সমীপৰ আমকটীয়া গাঁৱৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰি মুখ্যমন্ত্ৰীয়ে খুজুৱা তিনিআলি হৈ বাসুদেৱ থানলৈ যায়।বাসুদেৱথানতো মুল তোৰণৰ পৰাই দুইফালে সত্ৰৰ দাতিকাষৰীয়া আই-বাপ সকলে শাৰী পাতি থিয় হৈ ফুল চতিয়াই, হাত চাপৰিৰে মুখ্যমন্ত্ৰীক আদৰণি জনায়। সত্ৰৰ চৌহদত প্ৰৱেশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰদেৱ গোস্বামীৰ লগতে সত্ৰৰ ভকত বৈষ্ণৱসকলৰ সৈতে সত্ৰখনৰ সমস্যাৰ সন্দৰ্ভত বাৰৃতালাপ কৰে।সত্ৰখনৰ উন্নয়নৰ বাবে পৰ্যটন বিভাগৰ ফালৰ পৰা আঁচনি গ্ৰহণ কৰিব বুলি সদৰী কৰে। সত্ৰৰ ফালৰ পৰাও মুখ্যমন্ত্ৰীক শৰাই, চেলেং,গামোচাৰে আদৰণি জনোৱা হয়। মুখ্যমন্ত্ৰীয়ে বিহু তলী এৰাৰ পিছতেই ফাটবিহুৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।অসমীয়া ছৱি জগতৰ মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে উদ্বোধন কৰা শোভাযাত্ৰাত প্ৰথমেই ফাটবিহুৰ বেনাৰ লৈ এটি সাংস্কৃতিক দল, ইয়াৰ পিছতেই ক্ৰমে গায়ন বায়নৰ দল,কাষত এটিকৈ কলচী লৈ আয়তীৰ দলে যাত্ৰা কৰে। ইয়াৰ পিছতেই ক্ৰমে-চুতীয়া বিহু, সোণোৱাল বিহু, হাজং বিহু,দেউৰী বিহু,চাহ জন জাতিৰ কৃষ্টি দল, তিৱা কৃষ্টি দল, বিভিন্ন গাঁৱৰ আৰু স্কুল কলেজৰ কৃষ্টি দল,মুগা চুমণি,জয়মতী শাস্তি,জংকী পানেই, সাঁজৰ সকাম, ঢেঁকীশালত পিঠাগুৰি খুন্দা, মাছ ধৰা দৃশ্য, ঢকুৱাখনা নৰ্মাল স্কুলৰ শিক্ষাৰ্থীৰ বাৰ মাহৰ পৰম্পৰা প্ৰদৰ্শনৰ দল, ম’হঘূলি চাপৰি মিচিং কৃষ্টি দলৰ পৰম্পৰাগত আপং চেকা দৃশ্যকে ইত্যাদি কৰি প্ৰায় ৬৫টাৰো অধিক সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে।ইফালে বিয়লি ২ বজাৰ পৰা আৰম্ভ হয় সকলো জাতি জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰা গছ তলৰ মুকলি বিহু প্ৰতিযোগিতা। এই মুকলি  বিহু প্ৰতিযোগিতাত মিচিং, দেউৰী, সোণোৱাল কছাৰী, চুতীয়া,আহোম,কৈৱৰ্ত ইত্যাদি কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ ৪৫ টা বিহু দলে ভাগ লয়। ইফালে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। অভিনেত্ৰী মাধুৰিমা চৌধুৰীয়ে উদ্ধোধন কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে বিশিষ্ট সাহিত্যিক ডা: অঞ্জনজ্যোতি চৌধুৰী, আমন্ত্ৰিত অতিথিৰূপে বিশিষ্ট অনাতাঁৰ শিল্পী চৈয়দ ছাদুল্লা, সাংস্কৃতিক কৰ্মী মজিন সোনোৱালকে আদি কৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
প্ৰেৰক ৰাজীৱ বৰুৱা
You might also like