নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাবৰে অন্তিম অভাৰত মুম্বাইৰ নেতৃত্বত ৰোহিত শর্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ এপ্ৰিলঃ যদিও ৰোহিত শর্মাৰ হাতত নেতৃত্বৰ ভাৰ নাই তথাপি তেওঁ মুম্বাই ইণ্ডিয়ানছৰ অঘোষিত অধিনায়ক৷ সেয়া আকৌ এবাৰ দেখা গ’ল বৃহস্পতিবাৰে পঞ্জাব কিংছৰ বিৰুদ্ধে খেলা মেচখনত৷ ৰোমাঞ্চকৰ মেচখনৰ অন্তিম অভাৰত আগবাঢ়ি যায় ৰোহিত শর্মা৷ পৰামর্শ দিলে অনভিজ্ঞ বলাৰ আকাশ মাধৱালক৷ অন্তিম অভাৰটোৰ বাবে অধিনায়ক হার্দিক পাণ্ডিয়াই সকলো ব্যৱস্থা কৰিছিল৷ কিন্তু আকাশ মাধৱালে তেওঁক কার্যতঃ আওকাণ কৰিলে৷ অন্তিম অভাৰত মেচখনত জয়ী হ’বলৈ পঞ্জাবক ১২ ৰানৰ প্রয়োজন হৈছিল৷ পাণ্ডিয়াক মাধৱালৰ লগত বহু সময় কথা পাতি থকা দেখা গৈছিল৷ পাণ্ডিয়া আৰু মাধৱালে ফিল্ডিং পজিছন ঠিক কৰি আছিল৷ সেই সময়ত ৰোহিত শর্মাক দেখা যায়৷ তেওঁ আগবাঢ়ি আহি আলোচনাত ভাগ লয়৷ পাণ্ডিয়াৰ ফিল্ডিঙৰ ব্যৱস্থাত সুখী নহ’ল ৰোহিত শর্মা৷ তেওঁ মাধৱালৰ বাবে ফিল্ডিঙৰ ব্যৱস্থা কৰে৷ মাধৱালে ৰোহিত শর্মাৰ কথা একান্তমনে শুনি থাকে৷ সেই ভিডি’ ছ’চিয়েল মিডিয়াত বিয়পি পৰিল৷ ভিডি’টোত স্পষ্ট হৈ পৰিছে যে মাধৱালে হিটমেনৰ কথা শুনি আছে৷ খেলুৱৈৰ চৰিত্রত দেখা গৈছে হার্দিক পাণ্ডিয়াক৷ অৱশেষত মাধৱালে অন্তিম অভাৰটোত তিনি ৰান খৰচ কৰাত মেচখনত মুম্বাই ইণ্ডিয়ানছে ৯ ৰানত জয়ী হয় আৰু মেচৰ অন্তত মাধৱালে ৰোহিত শর্মাৰ নেতৃত্বৰ প্রশংসা কৰে৷

You might also like