নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্ত সিং ৰাজপুতৰ পাছত অভিনেতা সন্দীপ নাহাৰাৰ আত্মহত্যা; ছুইচাইড নোটত লিখিলে…

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ সুশান্ত সিং ৰাজপুতৰ পিছত আন এজন বলীউড অভিনেতাই আত্মহত্যা কৰিলে। সুশান্তৰ সৈতে এম এছ ধোনী ছবিখনত সন্দীপ নাহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছিল। সন্দীপে অক্ষয় কুমাৰৰ ‘কেশৰী’ আৰু সোনাক্ষী সিনহাৰ ‘খান্দনি চাফখানা’তো অভিনয় কৰিছিল।

সোমবাৰে গুৰগাঁৱৰ নিজৰ ঘৰতে উদ্ধাৰ হ’ল অভিনেতা সন্দীপ নাহাৰৰ মৃতদেহ। মৃত্যুৰ কেইঘণ্টামান পূৰ্বে ফেচবুকত এটা ভিডিঅ’ আৰু ছুইচাইড নোট শ্বেয়াৰ কৰিছিল অভিনেতাজনে। লিখিছিল, কিদৰে ব্যক্তিগত জীৱনত নানা সমস্যাৰ সন্মুখীন হৈছিল অভিনেতাজন।

ছুইচাইড নোটত সন্দীপে লিখিছে- ‘মোৰ আৰু জীয়াই থকাৰ ইচ্ছা নাই। জীৱনত বহু ভাল সময় কটালো। বিভিন্ন সমস্যাৰ মুখামুখি হৈছিলো, মোকাবিলাও কৰিছিলো, কিন্তু আজি মই যি অৱস্থাত আছো, এয়া সহ্যৰ বাহিৰত। এই জীৱনৰ অৰ্থ কি, য’ত কোনোধৰণৰ আত্মসন্মানেই নাই। মোৰ পত্নী কাঞ্চন শৰ্মা, শাহু বীনু শৰ্মাই মোক কোনো দিন নুবুজিলে। বুজাৰ চেষ্টাই নকৰিল। মোৰ আৰু পত্নীৰ স্বভাৱ একেবাৰেই ওলোটা। প্ৰতিদিনে অশান্তি। আৰু সহ্য কৰিব নোৱাৰো। ইয়াত কাঞ্চনৰ দোষ নাই।’

You might also like