নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০৩২ৰ পাছত মুছলমানো নাথাকিব কংগ্ৰেছত : ড° হিমন্ত বিশ্ব শৰ্মা

🎯তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাসহ একাধিক কংগ্ৰেছী,সংগঠনৰ নেতাৰ বিজেপিত যোগদান

বিশেষ বাৰ্তা, ২৭ মাৰ্চঃ কংগ্ৰেছত ২০২৬ চনৰ পাছত কোনো হিন্দু নাথাকিব আৰু সেইদৰেই ২০৩২ চনৰ পাছত কোনো মুছলমানো নাথাকিব কংগ্ৰেছ দলত। কংগ্ৰেছৰ জিলা সভাপতি, ৰাজ্যিক কাৰ্যকৰী সভাপতিয়ে দল এৰা বা পদত্যাগ কৰা ডাঙৰ কথা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ দলীয় এক যোগদান কাৰ্যসূচীত উপস্থিত থাকি এনেদৰেই কয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ডিব্ৰুগড়ৰ সংসদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাথী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত চহৰখনৰ লক্ষীনগৰৰ কাছাৰীবাৰীস্থিত বিজেপিৰ অস্থায়ী জিলা নিৰ্বাচনী কাৰ্যালয়ত আয়োজিত এক যোগদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° শৰ্মাই পুনৰাই কয়- মই তপন গগৈ আৰু কামাখ্যা প্ৰসাদ তাছাক সংগ দিম। সেইদৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰঞ্জিত দত্তক সংগ দিব। মনোনয়ন দাখিলৰ সময়ত মানুহ দেখুৱাব বিচৰা নাই আমি। মনোনয়নত মানুহ বেছি হ’লে প্ৰাৰ্থীৰ খৰছ বাঢ়ে। নিৰ্বাচন আয়োগে প্ৰতিগৰাকী ব্যক্তিৰ ওপৰত খৰছ ধৰে। এই ‘২৪তে আমি ‘২৬ৰ পৰিকাঠামো নিৰ্মাণ কৰিব বিচাৰিছোঁ। আমাৰ সংগঠন খুবেই শক্তিশালী লগতে আমাৰ লগত আছে নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্ব। ধুবুৰী আমি নাপাওঁ সেইটো সত্য। কিন্তু বাকী ১৩খনতে আমি জয়ী হ’ম; সেয়া নিশ্চিত— মুখ্যমন্ত্ৰী শৰ্মাৰ অকপট সদৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিব্ৰুগড়ৰ বিজেপিৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয়ত যোগদান কাৰ্যসূচীত যোগদান কৰিলে তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাসহ কেইবাগৰাকী কংগ্ৰেছী নেতাই। বিজেপিত যোগদান কৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিৰিঞ্চি নেওগ, জেষ্ঠ কংগ্ৰেছী মহেশ মৰাণ আৰু থমাচ বৰুৱাই।আনহাতে বিজেপিত যোগদান কৰা বিভিন্ন দল সংগঠনৰ নেতা, প্ৰাক্তন নেতা সকলৰ ভিতৰত আছে ধৰণী গোহাঁই,মুখ্য উপদেষ্টা সদৌ অসম মটক যুৱ- ছাত্ৰ সন্মিলন, কেন্দ্ৰীয় সমিতি;সত্যজিৎ বৰুৱা,প্ৰাক্তন সাধাৰণ সম্পাদক,সদৌ অসম মটক যুৱ- ছাত্ৰ সন্মিলন,কেন্দ্ৰীয় সমিতি; দিগন্ত দুৱৰা প্ৰাক্তন উপ সভাপতি,সদৌ অসম মটক যুৱ -ছাত্ৰ সন্মিলন;সত্যজিৎ ফুকন, প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য; মানস জ্যোতি গগৈ, প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য; লক্ষ্মীনাৰায়ন চেতিয়া, প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য; সমীৰণ নেওগ, প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য; ৰূপক দাস তিনিচুকীয়া।

প্ৰেৰক বিভাস দুৱৰা

You might also like