নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ প্রতিদ্বন্দ্বী পঞ্জাব কিংছ-নাইট ৰাইডার্ছ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ প্রথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত সপ্তদশসংখ্যক আহ পি এলৰ দুখনকৈ মেচ এইবাৰ গুৱাহাটীত খেলিব৷ ৰাজস্থান ৰয়েলছে ইতিমধ্যে এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছত বিচিচিআয়ে আই পি এলৰ নতুন সূচী প্রকাশ কৰি গুৱাহাটীত অনুষ্ঠিত হ’ব লগা মেচ দুখনৰ বিষয়ে নিশ্চিত কৰিছে৷ সেই অনুসৰি গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত ১৫ মে’ত ৰাজস্থান ৰয়েলছে প্রথম মেচখন খেলাৰ বিপৰীতে ১৯ মে’ত দ্বিতীয়খন মেচত অৱতীর্ণ হ’ব৷ উল্লেখ্য যে ৰাজস্থান ৰয়েলছে ১৫ মে’ত পঞ্জাব কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে ১৯ মে’ত দলটো মুখামুখি হ’ব আই পি এলৰ দুবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছৰ৷ গুৱাহাটীৰ দুয়োখন মেচ নৈশালোকত অনুষ্ঠিত হ’ব৷ বিশ্ব ক্রিকেটৰ শ্রেষ্ঠ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্রথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ–পূবৰ৷ গোলাপী চহৰ জয়পুৰৰ লগতে গুৱাহাটীকো নিজৰ দ্বিতীয় ঘৰ হিচাপে লৈ ৰাজস্থান ৰয়েলছে বর্ষাপাৰা ষ্টেডিয়ামত যোৱা ছিজনৰ দুখন ঘৰুৱা মেচ খেলিছিল৷ ‘যোৱা ছিজনত দুখন খেলৰ সফল আয়োজনৰ পিছত আমি আনন্দিত হৈছোঁ আৰু চলিত আই পি এলৰ দুখন মেচ পুনৰ উত্তৰ–পূর্বাঞ্চললৈ লৈ আহিছোঁ৷ যোৱাবাৰ বর্ষাপাৰা ষ্টেডিয়াম আৰু গুৱাহাটী মহানগৰী গোলাপী ৰঙেৰে উজলি তোলা হৈছিল৷ এইবাৰো আমি আশা কৰিছোঁ অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ অনুৰাগীসকলে পুনৰ নিজৰ মৰমৰ দল ৰাজস্থান ৰয়েলছক আদৰি ল’বলৈ হেঁপাহেৰে বাট চাই আছে৷ আমি এতিয়াৰে পৰাই অনুৰাগীক ৰোমাঞ্চিত কৰিবলৈ প্রস্তুতি আৰম্ভ কৰিম৷ অসম তথা উত্তৰ–পূবৰ ক্রিকেটপ্রেমীৰ উৎসাহ দেখি আমি আপ্লুত৷ সেয়ে এইবাৰো দুখন মেচ আয়োজনৰ সিদ্ধান্ত লৈছোঁ৷ বর্ষাপাৰা ষ্টেডিয়ামত খেল খেলিবলৈ অনুমতি দিয়াৰ বাবে আমি অসম ক্রিকেট সন্থাক ধন্যবাদ জনাইছোঁ লগতে এতিয়া সফলতাৰে মেচ দুখন আয়োজন কৰাৰ বাবে সহযোগিতা বিচাৰিছো৷’ ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে কয়৷

You might also like