নলবাৰীত সংঘটিত এক চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনাত এগৰাকী উচ্চতৰ মাধ্যমিক (দ্বাদশ শ্ৰেণী)ৰ ছাত্ৰী জীৱন-মৃত্যুৰ সৈতে যুঁজি থকাৰ বিপৰীতে তেওঁৰ আত্মীয় এজনৰ মৃত্যু ঘটিছে।
ঘটনা অনুসৰি, কিছুদিন ধৰি ছাত্ৰীগৰাকীক মানসিক অত্যাচাৰ কৰি অহা ৰ’জ আলীয়ে দেওবাৰে সন্ধিয়া ঘৰলৈ উভতি অহাৰ সময়ত ছাত্ৰীগৰাকী আৰু তেওঁৰ আত্মীয় মাধুৰ্য্য বৰ্মনৰ ওপৰত আক্ৰমণ চলায়।
নলবাৰীৰ মুকালমুৱাৰ গংগাপুৰ অঞ্চলত সংঘটিত এই ঘটনাত ১৭ বছৰীয়া মৃদুমুদ্ৰা ডেকাই নিজৰ আত্মীয় ২০ বছৰীয়া মাধুৰ্য্য বৰ্মনৰ সৈতে স্কুটীৰে ঘৰলৈ উভতি আছিল। সেই সময়তে ৰ’জ আলী আৰু আশিক আলীয়ে তেওঁলোকক পথ আগচি ধৰে।
পৰিয়ালৰ অভিযোগ অনুসৰি, মৃদুমুদ্ৰাই বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছৰে পৰা ৰ’জ আলীয়ে ছাত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছিল। দেওবাৰে দুয়োজনে স্কুটীখন ৰখাই চোকা অস্ত্ৰেৰে মৃদুমুদ্ৰা আৰু মাধুৰ্য্যৰ ওপৰত আক্ৰমণ চলায়।
আক্ৰমণত দুয়ো গুৰুতৰভাৱে আহত হয়। তেওঁলোকক ততাতৈয়াকৈ নলবাৰী অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। মৃদুমুদ্ৰাক পিছত সাৰথি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)লৈ প্ৰেৰণ কৰা হয়।
আনহাতে, মাধুৰ্য্য বৰ্মনক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
ঘটনাৰ পিছত অভিযুক্ত ৰ’জ আলী আৰু আশিক আলী পলাতক হৈ আছে। আৰক্ষীয়ে দুয়োজনক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।
মৃদুমুদ্ৰাৰ মাতৃয়ে অভিযোগ কৰে যে, কন্যাই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পিছৰে পৰা ৰ’জ আলীয়ে হাৰাশাস্তি কৰি আহিছিল আৰু কন্যাই সম্পৰ্ক স্থাপন নকৰিলে ভয়ংকৰ পৰিণতি ভোগ কৰিব লাগিব বুলিও ভাবুকি দিছিল।
ইফালে, মাধুৰ্য্য বৰ্মন জড়িত থকা স্থানীয় আছু গোটে ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰি অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে। লগতে দোষীসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি আইনৰ আওতালৈ অনাৰ দাবীও বিভিন্ন মহলৰ পৰা উত্থাপিত হৈছে।
ডিজিটেল ডেস্ক, ১ জুন