নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অকলে বিশ্বৰ সকলো দেশ ভ্ৰমণ কৰা প্ৰথমগৰাকী নাৰী, সন্মুখীন হৈছিল ভয়ংকৰ অভিজ্ঞতাৰ

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এগৰাকী সুন্দৰী মহিলা, যিয়ে অকলে কম সময়ৰ ভিতৰতে বিশ্বৰ আটাইকেইখন সাৰ্বভৌম ৰাষ্ট্ৰ ভ্ৰমণ কৰি গঢ়িছে বিশ্ব অভিলেখ। তেওঁ ভ্ৰমণ কৰা দেশৰ তালিকাত আছে কিম জং উনৰ দেশ উত্তৰ কোৰিয়াও।

মহিলাগৰাকীৰ নাম কেচি ডি পেকল। য়েমেন আছিল তেওঁ ভ্ৰমণ কৰা শেষখন দেশ, তালিকাত ১৯৬তম। বিশ্বৰ সকলো দেশলৈ ভ্ৰমণ কৰিবলৈ তেওঁক প্ৰয়োজন হৈছিল ১৮ মাহ ২৬ দিন। ইয়াৰ আগেয়ে সকলো দেশ ভ্ৰমণ কৰোঁতে আমেৰিকাৰে এগৰাকী মহিলা টেইলৰ ডেমনব্ৰিউনক সময় লাগিছিল তিনি বছৰ তিনি মাহ।

বৰ্তমান ৩১ বছৰীয়া যুৱতীগৰাকীয়ে ২৭ বছৰ বয়সতে এই কৰ্ম সম্পাদন কৰে। তেওঁ আন্তৰ্জাতিক পৰ্যটন সংগঠন ইণ্টাৰনেচনেল ইনষ্টিটিউট অৱ পীচ থ্ৰো টুৰিজিমৰ দূত ৰূপে কম সময়ৰ ভিতৰতে এই আটাইবোৰ দেশ ভ্ৰমণ কৰে। বিশ্ব ভ্ৰমণৰ সময়ত ডি পেকলে দেশসমূহৰ মেয়ৰ আৰু পৰ্যটন মন্ত্ৰীসকলক লগ কৰে আৰু সংগঠনটোৰ উদ্দেশ্য শান্তিৰ বিষয়টো উপস্থাপন কৰে।

ডি পেকলে বিশ্ব ভ্ৰমণত ২৫৫খন বিমানৰ লগতে পাঁচখন পাছপোৰ্ট ব্যৱহাৰ কৰিছিল। তেওঁ ৫০ৰো অধিক দেশত গছ ৰোপণ কৰিছে আৰু প্ৰতিখন দেশত দুইৰ পৰা পাঁচ দিন ৰখিছে। বিশ্বজুৰি ভ্ৰমণৰ বাবদ তেওঁৰ খৰচ হয় প্ৰায় ২ লাখ ডলাৰ।

নিজৰ ভ্ৰমণ সম্পৰ্কত পেকলে কয়- যেতিয়া মোৰ বয়স ২৫ বছৰ আছিল, বাস্তৱতাই মোক পৃথিৱী ভ্ৰমণৰ পদক্ষেপ ল’বলৈ অনুপ্ৰাণিত কৰিছিল। মই মোৰ পৰিকল্পিত জীৱনত সুখী নাছিলো। একঘেয়ামি চাকৰি, জীৱনে চৰম উদ্বেগ সৃষ্টি কৰিছিল। গতিকে সিদ্ধান্ত লওঁ বিশ্ব ভ্ৰমণৰ।

পেকলৰ মতে বহু লোকে মহিলাক পৰিব্ৰাজক ৰূপে নিবিচাৰে। কিন্তু তেওঁ অকলে বিশ্ব ভ্ৰমণত ওলায়। ভ্ৰমণৰ সময়ত তেওঁ বৈষম্য আৰু অনৈতিকতাকে ধৰি কেইবাটাও ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিল, কিন্তু সামগ্ৰিকভাৱে এই অভিযানমূলক ভ্ৰমণ আছিল ইতিবাচক।

You might also like