নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত ইন্ধনভৰ্তি বাহন জব্দ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা,নগৰবেৰা,২৫ ফেব্ৰুৱাৰীঃ নগৰবেৰা পলাহৰটাৰীত আজি আৰক্ষীয়ে এখন ডিজেলভৰ্তি ট্ৰাক জব্দ কৰে। জানিব পৰা মতে কামৰূপৰ নগৰবেৰা থানাৰ অন্তৰ্গত ভিন্ন স্থানৰ উপৰি বৰপেটাৰ চৰাঞ্চলত সঘনাই তেল কঢ়িওৱা বাহন কেইখনমানে পাইকাৰী হিচাপত প্ৰায়ে ডিজেল বিক্ৰী কৰে। হিন্দুস্তান পেট্ৰ’লিয়াম’ লিখা থকা এএছ-১৮-এচি-৩২১৭ নম্বৰৰ তেল কঢ়িওৱা ট্ৰাকখনে পলাহৰটাৰী অঞ্চলৰ এখন দোকানত ডিজেল বিক্ৰী কৰা অৱস্থাত স্থানীয় একাংশই আৰক্ষীক জনোৱাত নগৰবেৰা থানাৰ এটা দলে বাহনখন জব্দ কৰি থানালৈ নিয়ে। অৱশ্যে নগৰবেৰা থানাৰ অ’চি লাৱণ্য বড়োই ঘটনা সন্দৰ্ভত বাহনখন সন্দৰ্ভত তথ্য জানিব বিচৰা সাংবাদিকক বিশেষ একো নাই আৰু কিবা থাকিলে পাছলৈ জনোৱা হ’ব বুলি কয়। এতিয়া প্ৰশ্ন হয় যদি এইধৰণৰ ইন্ধন বিক্ৰী অবৈধ নহয় বা কিহৰ বাবে জব্দ কৰা হ’ল তাকো জনাব পৰা নাযায়, তেন্তে কিহৰ বাবে থানালৈ নিয়া হ’ল বাহনখন? নে বাহনখনৰ যাৱতীয় নথিপত্ৰ নাছিল? এনেবোৰ প্ৰশ্নই এতিয়া কৌতূহলী কৰিছে সকলোকে। আৰক্ষীৰ মৌনতাৰ বাবেই ইন্ধনভৰ্তি বাহনখন কিহৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰিলে সেয়া সঠিককৈ জানিব পৰা নগ’ল।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like