নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপই কেতিয়াও জাতিক প্রতাৰণা কৰা নাইঃ অতুল বৰা

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ অসম গণ পৰিষদ ৰাইজৰ দল আৰু বিগত সময়ত বহু ভুল–ভ্রান্তিৰ মাজতো অগপই আত্মসমালোচনা কৰিছে, অগপই কেতিয়াও জাতিক প্রতাৰণা কৰা নাই৷ মৰিগাঁৱৰ ভূৰবন্ধাৰ ৰাস মন্দিৰ সভাগৃহত অসম যুৱ পৰিষদৰ মৰিগাঁও বিধান পৰিষদৰ এখন যোগদান সভাত উপস্থিত থাকি এই মন্তব্য কৰে অগপৰ সভাপতি তথা কৃষিমন্ত্রী অতুল বৰাই৷ সভাখনত বিভিন্ন দলৰ পৰা ২,৩০০গৰাকী ব্যক্তিয়ে অগপত যোগদান কৰে৷ মৰিগাঁও বিধানসভাৰ যুৱ পৰিষদৰ সভাপতি জিন্টু কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আমন্ত্রিত অতিথিৰূপে উপস্থিত থাকে অসম যুৱ পৰিষদৰ কেন্দ্রীয় সভাপতি সুনীল ডেকা, অগপৰ মুখপাত্র দিলীপ পাটগিৰি, মৰিগাঁও জিলা অগপৰ ভাৰপ্রাপ্ত সভাপতি দিলীপ মজুমদাৰ, সম্পাদক শান্তনু শর্মা, যদুমণি পাতৰ, অগপৰ সাংস্কৃতিক বিভাগৰ সভাপতি বাণী দাস, যুৱ পৰিষদৰ কেন্দ্রীয় সম্পাদক গৌতম বৰা, অগপ নেত্রী মামণি বৰা, খালিচুদ্দিন আহমেদ প্রমুখ্যে কেইবাজনো নেতা৷ সভাত যুৱ পৰিষদৰ কেন্দ্রীয় সম্পাদক গৌতম বৰাই আদৰণী ভাষণ দি কয় যে বহু প্রচেষ্টাৰ অন্তত অসম যুৱ পৰিষদ পুনৰ সক্রিয় হৈ উঠিছে৷ আনহাতে সভাত মুখ্য অতিথিৰূপে উপস্থিত থকা অগপৰ সভাপতি অতুল বৰাই কয় যে অসম চুক্তিৰ অন্যতম হূদপিণ্ড ৬নং দফা কার্যকৰীকৰণত প্রধানমন্ত্রী নৰেন্দ্র মোদী চৰকাৰ প্রথমবাৰৰ বাবে সক্রিয় হৈছে আৰু অসম গণ পৰিষদ এইক্ষেত্রত দৃঢ় প্রতিজ্ঞ৷ আনহাতে অগপত কোনো বিসম্বাদ নাই বুলি তেওঁ কয়৷ উল্লেখ্য যে অগপৰ কেন্দ্রীয় সদস্য বাণী দাসে কয় যে আঞ্চলিকতাবাদ জীয়াই ৰখাৰ বাবে অগপৰ বিকল্প নাই৷

You might also like