নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন শিক্ষকৰ নিযুক্তিৰ মেধাৰ তালিকাত অন্তর্ভুক্ত উত্তৰ প্রদেশ–বিহাৰৰ ৫০০ প্রার্থী

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ ৰাজ্যত নতুনকৈ নিযুক্তি প্রদান কৰিবলগীয়া ৯,৬৩৫টা শিক্ষক পদৰ মেধাৰ তালিকাত বহিঃৰাজ্যৰ প্রার্থীৰ নাম অন্তর্ভুক্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ চি–টেটৰ প্রার্থীসকলক আবেদনৰ সুবিধা দিয়াৰ বাবে এই তালিকাত বিহাৰ আৰু উত্তৰ প্রদেশৰ ৫ শতাধিক প্রার্থীৰ নাম অন্তর্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে অসম প্রাথমিক টেট ২০১৯ উত্তীর্ণ সমিতিয়ে৷

আজি গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলত সমিতিৰ কার্যকৰী সভাপতি কার্তিক বৰদলৈয়ে কয়– ‘২০১৮ চনত প্রকাশ কৰা বিজ্ঞাপন অনুসৰি ৯,৬৩৫টা শিক্ষক পদত নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে যো–জা চলাই আছে৷ চি–টেটৰ জৰিয়তে বহু বহিঃৰাজ্যৰ প্রার্থীয়ে এই পদসমূহৰ বাবে আবেদনৰ সুবিধা লাভ কৰিছে৷ ফলত উত্তৰ প্রদেশ আৰু বিহাৰৰ প্রার্থীৰ নাম প্রথম, দ্বিতীয় আৰু তৃতীয় মেধাৰ তালিকাত অন্তর্ভুক্ত হৈছে৷

মেঘালয় আৰু বিহাৰ চৰকাৰে শিক্ষক পদৰ নিযুক্তিৰ ক্ষেত্রত ৰাজ্যিক টেটৰ প্রার্থীৰ বাহিৰে কেন্দ্রীয় টেটৰ প্রার্থীক আবেদনৰ সুযোগ দিয়া নাই৷ এনে ক্ষেত্রত অসম চৰকাৰে চি–টেটৰ প্রার্থীক আবেদনৰ সুযোগ দিয়াৰ কাৰণ কি?’ ইপিনে, সংবাদ মেলখনতে তেওঁ কয় যে সুদীর্ঘ ৭ বছৰৰ অন্তত অনুষ্ঠিত কৰা প্রাথমিক টেটত ৩৪,২১০গৰাকী প্রার্থী উত্তীর্ণ হৈছে৷

কিন্তু প্রকৃতার্থত এই সংখ্যা ৩৪,২১০গৰাকীৰ আধাও নহয়৷ কিয়নো এই সংখ্যাৰ ভিতৰত উচ্চতৰ মাধ্যমিক, উচ্চ প্রাথমিক আৰু নিম্ন প্রাথমিক টেট উত্তীর্ণৰ লগতে ঠিকাভিত্তিকভাৱে কর্মৰত শিক্ষকৰ নামো অন্তর্ভুক্ত হৈ আছে৷ সেয়েহে প্রাথমিক শিক্ষাৰ অধিকাৰ আইন অনুসৰি নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়সমূহত শিক্ষক নিযুক্তি দিবলৈ দাবী উত্থাপন কৰি তেওঁ কয়– ‘টেটত উত্তীর্ণ হ’লেই চাকৰি নহয়৷

কিন্তু টেট অনুষ্ঠিত নকৰাকৈ শিক্ষক পদত নিযুক্তি দিব নোৱাৰে৷ খালী পদ নাথাকিলে টেট অনুষ্ঠিত কৰাৰ কোনো অর্থ নাই৷ সেইদৰে শিক্ষক হোৱাৰ আশাতে শিক্ষিত যুৱক–যুৱতীয়ে বৃত্তিগত ডিগ্রী–ডিপ্ল’মা অর্জন কৰি টেটত উত্তীর্ণ হয়৷’ আনহাতে, চি–টেটৰ প্রার্থীক আবেদনৰ সুযোগ দিয়াৰ সন্দর্ভত বৰদলৈয়ে কয় যে চি–টেট উত্তীর্ণ প্রার্থীসকলে নৱোদয় বিদ্যালয়, কেন্দ্রীয় বিদ্যালয় আদিতহে আবেদন কৰিব পাৰে বুলি স্পষ্টভাৱে প্রমাণ–পত্রত উল্লেখ থাকে৷

সেইদৰে কোনো এখন ৰাজ্যই টেট অনুষ্ঠিত নকৰিলেহে চি–টেটৰ প্রার্থীক বিবেচনা কৰিব পাৰে৷ সেয়েহে অসম চৰকাৰে অনুষ্ঠিত কৰা টেট উত্তীর্ণ প্রার্থীক শিক্ষক নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ প্রদান কৰিবলৈ তেওঁ দাবী উত্থাপন কৰে৷

You might also like