নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

AIUDF ৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ ধিঙৰ বিতৰ্কিত AIUDF ৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ। সোমবাৰে ওৰেনিশা জেৰাৰ পিছত আমিনুলক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে।

তবলিগী জামাতৰ পৰা ক’ৰোনা ভাইৰাছ বিয়পা নাই বুলি ছ’চিয়েল মিডিয়াত মন্তব্য কৰি চৰকাৰে তবলিগী জামাতৰ সুযোগ লৈ মুছলমান বিৰোধী কাম কাজত লিপ্ত হোৱা বুলি ভয়াৱহ অপপ্ৰচাৰত নামিছিল আমিনুল ইছলাম।

শেহতীয়াকৈ ভাইৰেল হোৱা এক অডিঅ’ ক্লিপৰ পাছতেই নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়কজনক ।

উল্লেখ্য যে যিসময়ত মাৰ্কাজৰ পৰা ঘূৰি অহা লোকক চৰকাৰে তথা স্বাস্থ্য বিভাগে বাৰম্বাৰ চিকিৎসকৰ কাষ চাপিবলৈ নিৰ্দেশ প্ৰদান কৰি আহিছে, তেনে সময়তে বিধায়কগৰাকীৰ কিছুমান সাম্প্ৰদায়িক মন্তব্যই পৰিস্থিতি অধিক জটিল কৰিছে ।

You might also like