নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰুৰী বাৰ্তাঃ আত্মগোপন কৰি থকা জামাতীলৈ শেষ সকীয়নি অসম আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ আত্মগোপন কৰি থকা জামাতীলৈ শেষ সকীয়নি প্ৰদান কৰি মঙলবাৰৰ ভিতৰত আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ অসম আৰক্ষীৰ ।

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত উপস্থিত থকা অথবা ক’ৰোনাত আক্ৰান্ত অন্যান্য ৰাজ্য বা দেশৰ পৰা অসমলৈ অহা লোকসকলক ৭ এপ্ৰিল কাইলৈ অথাৎ মঙলবাৰে পুৱা ৬ বজালৈকে শেষ সময়সীমা বান্ধি দিলে অসম আৰক্ষীয়ে ।

কাইলৈ পুৱা ৬ বজাৰ ভিতৰত নিকটতম চিকিৎসালয় নাইবা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ বাবে অন্তিমবাৰলৈ আহ্বান জনাইছে অসম আৰক্ষীয়ে ।

লগতে এই লোকসকলে ‘১০৪ হেল্পলাইন’ নম্বৰত তেওঁলোকৰ উপস্থিতি আৰু শাৰীৰিক অৱস্থাৰ বিষয়েও জনাব পাৰিব বুলি এক প্ৰেছ বাৰ্তা যোগে অসম আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

উল্লেখ্য যে এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই আত্মগোপন কৰি থকা লোকসকলে যদি ইচ্ছাকৃতভাৱে কৰ্তৃপক্ষক অৱগত নকৰে তেন্তে তেওঁলোকৰ উপৰিও তেওঁলোকক আশ্ৰয়দাতা লোকসকলক ভাৰতীয় দণ্ডবিধি আইন আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ অধীনত কঠোৰ আইনী ব্যৱস্থা কৰা হ’ব ।

You might also like