নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিৰে বিহু নচাৰ হেঁপাহ ৰিয়ান পৰাগৰ

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ বিগত বর্ষৰ আই পি এলত দুখনকৈ মেচত ৰাজস্থান ৰয়েলছৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰা অসম সন্তান ৰিয়ান পৰাগে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিৰ সৈতে বিহু নচাৰ সপোন পুহি ৰাখিছে৷

ৰাজস্থান ৰয়েলছৰ ইউ টিউব চেনেলত অনুৰাগীৰ সৈতে হোৱা মত বিনিময়ত ১৯ বছৰীয়া ৰিয়ানে কয় যে ২০২০ৰ আই পি এলত ৰাজস্থানৰ হৈ মেচ উইনিং ইনিংছ খেলাৰ পিছত সতীর্থৰ সৈতে বিহুনৃত্যৰে উল্লাস প্রদর্শন কৰি গৌৰৱ অনুভৱ কৰিছিলোঁ৷ অসমীয়া জাতিৰ স্বাভিমান বিহুক আন্তঃৰাষ্ট্রীয় মঞ্চত জনপ্রিয় কৰি তুলিবলৈ তেওঁ সদায় প্রয়াস কৰি যাব বুলিও ৰিয়ানে উল্লেখ কৰে৷

এজন অনুৰাগীৰ প্রশ্নৰ উত্তৰ দি প্রতিভাৱান ক্রিকেটাৰগৰাকীয়ে কয় যে তেওঁ বিৰাট কোহলিক আদর্শ হিচাপে গ্রহণ কৰে আৰু সেয়ে তেওঁৰ সৈতে বিহুনৃত্য কৰাৰ হেঁপাহ পুহি ৰাখিছে৷ ইফালে, বিগত বর্ষত আঠটা ইনিংছত মাত্র ৮৬ ৰান সংগ্রহ কৰা ৰিয়ানে এইবাৰ ৰাজস্থান ৰয়েলছৰ হৈ অলৰাউণ্ড প্রদর্শন দাঙি ধৰিবলৈ উদগ্রীৱ হৈ আছে বুলি জানিবলৈ দিয়ে৷ ৰিয়ানে লগতে কয় যে দিল্লী কেপিটেলছৰ তাৰকা বেগী বলাৰ কাগিছ’ ৰাবাডা আৰু মুম্বাই ইণ্ডিয়ানছৰ যশপ্রীত বুমৰাহৰ বিৰুদ্ধে খেলাটো সবাতোকৈ কঠিন আৰু তেওঁ এই প্রত্যাহ্বান গ্রহণ কৰিবলৈ সাজু হৈছে৷

মন কৰিবলগীয়া যে ক্রমাগত তৃতীয় বর্ষৰ বাবে ৰাজস্থান ৰয়েলছে সুযোগ দিয়া খেলুৱৈগৰাকীয়ে ২০২০ৰ আই পি এলত প্রত্যাশিত প্রদর্শন দাঙি ধৰিব পৰা নাছিল যদিও ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে এখন মেচত ৰাহুল টেৱাটিয়াৰ সৈতে আক্রমণাত্মক বেটিঙেৰে দললৈ ৰোমাঞ্চকৰ জয় কঢ়িয়াই আনিছিল৷

You might also like