নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অজিত ভূঞাক এজন মুক্ত কণ্ঠৰ মানুহ হিচাপে গণ্য কৰিছিলোঁ, কিন্তু তেওঁৰ সাংসদ পুঁজিৰ অপব্যৱহাৰৰ বাবে লাজ পাইছোঁঃ জয়ন্ত মল্ল বৰুৱা

  • ‘অজিত ভূঞাক সমাজৰ ভাল কৰা কৰা সাংবাদিক হিচাপে চিনিছিলো’
  •  ‘সৰুৰে পৰা এজন মুক্ত কণ্ঠৰ মানুহ হিচাপে গণ্য কৰিছিলো’

নিয়মীয়া বাৰ্তা, ২০মাৰ্চ:  ‘যিসকল মানুহে এসমত সমাজ সংস্কাৰ, সমাজৰ বিভিন্ন কথা, ৰাইজৰ আগত দাঙি ধৰাৰ তেওঁলোকক চিনি পাইছিল। সাংবাদিক হিচাপে হওক, সমাজসেৱী হিচাপে হওক কিন্তু এতিয়া তেওঁলোক এনেকুৱা এটা পৰ্যায়লৈ আহিল যে তেখেতৰ সাংসদ পুঁজিৰ অপব্যৱহাৰ! ৰাজনীতিৰ পথাৰখনত তেওঁ এজন সংবাদমাধ্যমৰ পৰা আহিছিল, এজন সমাজ সচেতক ব্যক্তি হিচাপে লৈছিল-কিন্তু তেওঁৰ সাংসদ পুঁজিৰ অপব্যৱহাৰৰ বাবে লাজ পাইছোঁ। এয়া অসমীয়া সমাজৰ বাবে বৰ দুখ লগা ঘটনা।’-  এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।

ইপিনে অসম চৰকাৰে অজিত ভূঞাক কেতিয়াও দোষাৰোপ কৰা নাই বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই ঘটনাত জড়িত বিষয়া-কৰ্মচাৰীকহে চৰকাৰে নিলম্বন কৰিছে। যদি তেওঁলোকে অজিত ভূঞাও তাত জড়িত থকা বুলি কয় তেন্তে তেওঁ বিৰুদ্ধেও তদন্ত হ’ব।

উল্লেখ্য যে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজি ব্যৱহাৰত সংঘটিত কেলেংকাৰি সন্দর্ভত ৰাজ্য চৰকাৰে এগৰাকী আইএএছ বিষয়াসহ চাৰিগৰাকী এচিএছ বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰিছে৷  ৰাজ্য চৰকাৰে নিলম্বন কৰা আইএএছ বিষয়াগৰাকী হৈছে শেৱালী দেৱী শর্মা৷ সেইদৰে নিলম্বিত চাৰি এচিএছ বিষয়া হৈছে কামৰূপ (মহানগৰ) জিলাৰ তদানীন্তন ভাৰপ্রাপ্ত জিলা উন্নয়ন আয়ুক্ত তথা বর্তমান তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কার্যবাহী সদস্য মুনীন্দ্র বৰদলৈ, গৃহ আৰু ৰাজনৈতিক বিভাগৰ উপ–সচিব শর্মিষ্ঠা বৰা, কামৰূপ (মহানগৰ) জিলাৰ অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰা আৰু কামৰূপ (মহানগৰ) জিলাৰ সহকাৰী আয়ুক্ত হেমন্ত কুমাৰ দত্ত৷ উক্ত বিষয়াসকল সাংসদ ভূঞাৰ ২০২১–২২ আৰু ২০২২–২৩ বিত্তীয় বর্ষৰ সাংসদ পুঁজিৰে কৰিবলগীয়া বিভিন্ন কামৰ ক্ষেত্রত নির্মাণ কমিটীৰ সভাপতিৰ দায়িত্বত আছিল৷ ভূঞাৰ সাংসদ পুঁজিৰে সম্পাদন কৰা বিভিন্ন কাম–কাজৰ ক্ষেত্রত ব্যাপক দুর্নীতি আৰু অনিয়ম সংঘটিত হোৱা বুলি ৰাজহুৱা অভিযোগ উত্থাপন হোৱাৰ পাছতেই মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষে তদন্তৰ ব্যৱস্থা কৰে৷ তদন্তৰ প্রতিবেদনত সেই কামসমূহৰ পুঁজি ব্যৱহাৰত ব্যাপক অনিয়ম আৰু দুর্নীতি সংঘটিত হোৱাটো পোহৰলৈ অহাৰ পাছতেই চৰকাৰে উক্ত বিষয়াকেইগৰাকীক মুখ্যমন্ত্রীৰ অনুসন্ধানকাৰী সংস্থাটোৰ প্রতিবেদনৰ ভিত্তিত তৎকালীনভাৱে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বনৰ নির্দেশ দিয়ে৷

You might also like