নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ অফিচিয়েল পাৰ্টনাৰ কংগ্ৰেছ : পবিত্ৰ মাৰ্ঘেৰিটা

নৱপ্ৰজন্মৰ ভোটাৰক আকৰ্ষিত কৰাৰ লক্ষ্যৰে ধুবুৰীত বিজেপিৰ যুৱ মৰ্চা কাৰ্যকৰ্তাৰে বৈঠক পৱিত্ৰ মাৰ্ঘেৰিটাৰ

প্ৰাক্তন আছু নেতা তথা নবিজেপি দীপাংক কুমাৰ নাথৰো অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নৱ প্ৰজন্মৰ ভোটাৰক আকৰ্ষিত কৰাৰ ৰণকৌশল লৈ আজি বিজেপিৰ ধুবুৰীৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত যুৱ মৰ্চা কাৰ্যকৰ্তাৰে এক বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই। প্ৰাক্তন আছু নেতা তথা সম্প্ৰতি বিজেপিলৈ অহা দীপাংক কুমাৰ নাথ আৰু বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি প্ৰসেনজিৎ দত্ত উপস্থিত থকা সেই বৈঠকখনৰ অন্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১১০সংখ্যক মন কী বাত অনুষ্ঠানটো উপভোগ কৰে সকলোৱে। পিছত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যসভাৰ সাংসদ মাৰ্ঘেৰিটাই বিজেপি দল কেৱল নিৰ্বাচন জিকা যন্ত্ৰ নহয় বুলি উল্লেখ কৰি “সব কা সাথ, সবকা বিকাশ” নীতিৰে সমাজৰ সকলো স্তৰৰ ৰাইজৰ উন্নতিৰ বাবে কাম কৰে বুলি মন্তব্য কৰে। সংবাদ মেলখনত বসুন্ধৰা ২.০ আঁচনিখনকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিবোৰৰ বিষয়টো উনুকিয়াই সেই আঁচনিবোৰৰ পৰা পোৱা সুফলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজ আস্থাশীল হৈ পৰা বুলি মন্তব্য আগবঢ়ায় পৱিত্ৰ মাৰ্ঘেৰিটাই। আনহাতে কংগ্ৰেছে এআইইউডিএফক বিজেপিৰ বি টীম বুলি কৰা টিপ্পনীৰ ওপৰত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়- যিয়ে কয় আজমলৰ লগত আমাৰ কিবা সম্পৰ্ক আছে নেকি তেওঁলোকক সোধক যোৱাবাৰ নিৰ্বাচনত অফিচিয়েলি কোন কাৰ পাৰ্টনাৰ আছিল। অফিচিয়েলি কংগ্ৰেছ আৰু এঅইইউডিএফে নিকাহ কৰিব আৰু আমাৰ বিজেপিক তেওঁলোকে ক’ব আমি তেওঁলোকৰ বি টীম। যোৱাবাৰতো তেওঁলোকে একেলগে নিৰ্বাচন খেলিছে। সংবাদ মেলখনত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে, বেলেগ দলৰ বিধায়ক, সাংসদ, সভাপতি আৰু নেতা, শিল্পী, কলা-কুশলী-তেখেতসকলতো আহিছেই। কিন্তু এইটোও গুৰুত্বপূৰ্ণ কথা অসমত যি ২৮ হাজাৰ গাঁও আছে তাৰে নিৰ্দিষ্ট দুই-এখন মিঞা গাঁও বাদ দি জাতি-জনগোষ্ঠী, হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন- প্ৰতিটো ধৰ্মমূলীয় লোকৰ বিশিষ্ট নাগৰিকে গাঁৱে গাঁৱে যোগদান কৰিছে। এইটো আটাইতকৈ ডাঙৰ প্ৰাপ্তি ভাৰতীয় জনতা পাৰ্টীৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

 

You might also like