নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ দুই-এজনক বাদ দি বাকী মুখ্যমন্ত্ৰীৰে মানুহ : মন্ত্ৰী ৰঞ্জিত দাস

সৰুপেটাত বজালী জিলা প্ৰশাসনৰ উদ্যোগত ভূমি পট্টা বিতৰণ

২,৩৩৭গৰাকী লোকক ভূমি পট্টা প্ৰদান

গোপাল আতা সত্ৰৰ বেদখলী ভূমি এৰি নিদিলে চলিব উচ্ছেদ : বিধায়ক ফণীধৰ তালুকদাৰ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ বজালী জিলা প্ৰশাসনৰ উদ্যোগত আজি সৰুপেটাৰ মিলন মন্দিৰৰ বাকৰিত আয়োজিত এক অনুষ্ঠানত বসুন্ধৰা ২.০ আঁচনিৰ অধীনত ভৱানীপুৰ সমষ্টিৰ ২,৩৩৭গৰাকী লোকৰ মাজত আজি ভূমি পট্টা বিতৰণ কৰা হয়। আনহাতে বজালী জিলা প্ৰশাসনৰ কৰ্মচাৰী তুতুল মানৱে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যখনৰ পঞ্চায়ত আৰু যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কংগ্ৰেছৰে সৈতে বিৰোধী দলসমূহক কটু সমালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু ৰাজ্যৰ বিৰোধী দলসমূহক একপ্ৰকাৰ নস্যাৎ কৰি কয়- ‘ৰাজ্যত বিৰোধী দল বুলি একোৱেই নাই দেখোন। কংগ্ৰেছৰ দুই-এগৰাকীক বাদ দি বাকীবোৰ চবেইতো মুখ্যমন্ত্ৰীৰে মানুহ। ড০ হিমন্ত বিশ্ব শৰ্মাই যদি ‘ছিগনেল’ দিয়ে, সকলোৱে বিজেপিত যোগদান কৰিব। কিন্তু তেওঁলোক বিজেপিলৈ আহিব খুজিলেই নহ’ব, দলটোত ঠাইৰো কথা আছে। আনহাতে অনুষ্ঠানৰ আন এগৰাকী অতিথি ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে ভৱানীপুৰ সমষ্টিৰ লোকসকলে এনেদৰে মাটিৰ পট্টা লাভ কৰি যথেষ্ট উৎসাহিত হোৱা বুলি মন্তব্য কৰে। ইতিমধ্যে বসুন্ধৰা-২ আঁচনিত হোৱা বিসংগতি মুখ্যমন্ত্ৰীয়ে নতুনকৈ প্ৰণয়ন কৰা বসুন্ধৰা-৩ আঁচনিৰ জৰিয়তে সমাধান হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। তদুপৰি একাংশ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকে ঐতিহাসিক গোপাল আতা সত্ৰৰ ভূমিত কৰা বেদখল প্ৰশাসনে উচ্ছেদ কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি অনুসৰি উক্ত ভূমিত ‘অমৃত সৰোবৰ’ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ‌ কথাও বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে। এতিয়াও তেনে বহু ভূমি বেদখলকাৰীসকলৰ কবলত থকাৰ কথা উল্লেখ কৰি স্বেচ্ছাই‌ উক্ত ভূমিৰ পৰা তেনে বেদখলকাৰীসকলক আঁতৰি যাবলৈ তেওঁ পৰামৰ্শ দিয়ে।ইতিমধ্যে প্ৰশাসনৰ জৰিয়তে বেদখলকাৰীসকলক উক্ত ভূমি ত্যাগ কৰাৰ কাৰণে নিৰ্দেশনা জাৰী কৰিবলৈ কোৱাৰ বিষয়েও তেওঁ অবগত কৰে।অন্যথায় বেদখলকাৰীসকলক গোপাল আতা সত্ৰৰ ভূমিৰ পৰা উচ্ছেদৰ বাবে পুনৰ অভিযান চলোৱা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। বিধায়কগৰাকীয়ে সৰুপেটাত দুটা পক্ষৰ মাজত সম্প্ৰতি চলি থকা এক ভূমি বিবাদ সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰে।আইনে দুয়োপক্ষকে উপযুক্ত সহায়‌ কৰিব বুলি মন্তব্য কৰি দুয়োপক্ষকে এই ক্ষেত্ৰত আইনৰ‌ সহায় লবলৈও তেওঁ পৰামৰ্শ দিয়ে।উল্লেখ্য,আজি সৰুপেটাত সংঘটিত ভূমি বিবাদ সম্পৰ্কীয় বিষয়টোত ৰতন সাহা নামৰ নামৰ ব্যক্তিগৰাকীয়ে তেওঁৰ ভূমি অবৈধভাবে দখল কৰাৰ অভিযোগ তুলি আৰু ইয়াৰ সুবিচাৰ কামনাৰে স্থানীয় ৰাইজৰ চহী সম্বলিত এখন স্মাৰক পত্ৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ হাতত অৰ্পণ কৰে। অনুষ্ঠানত ভৱানীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ড০ মনোৰঞ্জন দাস আৰু বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসেও ভাষণ প্ৰদান কৰে। আজি সভাৰ আৰম্ভণিত জাতীয় সংগীত পৰিৱেশন কৰাৰ পিছতেই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সমষ্টিটোৰ ১০গৰাকী লোকৰ হাতত ভূমি পট্টা প্ৰদানৰ জৰিয়তে ভূমি পট্টা প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সৰুপেটাৰ ৰাজহ চক্ৰ বিষয়া সন্তোষ কুমাৰ নাথে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত আয়ুক্ত পল্লবী গগৈয়ে শলাগৰ শৰাই আগবঢ়ায়।ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে আজিৰ অনুষ্ঠানৰ সামৰণি মৰা হয়।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like