নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাজোঁট নে মিত্ৰজোঁট, প্ৰয়োজনত কাৰ সৈতে হাত মিলাব অজাপই?

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ অসমত কোনে চৰকাৰ গঠন কৰিব তাক লৈ চলি আছে ভিন্ন চৰ্চা। এনে চৰ্চাৰ মাজতে আজি হোটেল প্ৰাগ কণ্টিনেণ্টেলত অসম জাতীয় পৰিষদে অনুষ্ঠিত কৰে এখন সংবাদমেল।

সংবাদমেলত নৱ গঠিত আঞ্চলিকতাবাদী দলটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মত ব্যক্ত কৰে। দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে অসমত কোনো এটা দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে।

ভৃঞাৰ মতে চৰকাৰ গঠনত জাতীয় পৰিষদে কি ভূমিকা গ্ৰহণ কৰিব সেয়া এতিয়াই ক’ব পৰা নাযায় যদিও জাতীয় পৰিষদে ভালেকেইখন আসন লাভ কৰিবলৈ সক্ষম হ’ব। আনহাতে ৰাজ্যত চলি থকা হৰ্চ ট্ৰেডিঙৰ বিষয়টো সন্দৰ্ভত তেওঁ কয় যে জাতীয় পৰিষদৰ কোনো প্ৰাৰ্থীয়ে এনে পাকচক্ৰত ভৰি নথয়।

ভূঞাই লগতে দল গঠনৰ মাত্ৰ তিনি মাহ পিছতে নিৰ্বাচনী ৰাজনীতিত অংশগ্ৰহণ কৰা জাতীয় পৰিষদে ৰাইজৰ পৰা পোৱা সঁহাৰি যথেষ্ট আশাব্যঞ্জক আৰু এয়াই দলটোৰ সাফল্য বুলি উল্লেখ কৰে।

সংবাদমেলত দলটোৰ সভাপতি লুৰিণজ্যোতি নওগে কয়- আমি কিমানখন আসন পাম, সেয়া আজি নকওঁ, কিন্তু ২ মে’ৰ ফলাফলত আপোনালোকে গম পাব অসমৰ ৰাইজে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে।

সংবাদমেলত গগৈক সোধা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল সংখ্যাগৰিষ্ঠতা কোনেও নাপালে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনত তেওঁলোকে মহাজোঁট নে মিত্ৰজোঁটৰ সৈতে চামিল হ’ব?

গগৈয়ে এই বিষয়ে কোনো সিদ্ধান্ত হোৱা নাই বুলি জানিবলৈ দি কেৱল কয় যে জাতীয় পৰিষদ দলৰ এটা মুখ্য কথা হৈছে আপোচবিহীন মানসিকতা। দলৰ মূল লক্ষ্য অসমৰ জনগণৰ সুৰক্ষিত ভৱিষ্যত। অসমৰ মানুহক মৰ্যাদাসহকাৰে জীয়াই থকাৰ পৰিৱেশ সূচনা কৰাৰ বাবে এটা ৰাজনৈতিক শক্তি তৈয়াৰ কৰা।

You might also like