নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ ২০২১ বৰ্ষৰ পাঠদান আৰম্ভ

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ উত্তৰ কামৰূপৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন। আজি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ ২০২১ বৰ্ষৰ পাঠদান আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। পুৱা ৯ বজাত এই উদ্বোধনী অনুষ্ঠানৰ বন্তি প্ৰজ্বলন আৰু সৰস্বতী বন্দনাৰে আৰম্ভ কৰা হয়।

বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাংবাদিক ৰূপক ডেকা আৰু সাংবাদিক তথা পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে । প্ৰধান আচাৰ্য উৎপল তালুকদাৰে সঞ্চালনা কৰা সভাত সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়ে যে নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিতে মাধৱদেৱ শিক্ষণ কেন্দ্ৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ পৰিচালনাত ৫ শ্ৰেণীৰ পৰা ১০ শ্ৰেণীলৈ ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ৰ লগতে সংগীত, নৃত্য ,চিত্ৰকলা, ক্ৰিকেট, কাবাদী, ফুটবল, অভিনয়, যোগ আৰু সমৰ কলা ইত্যাদিৰ কোচিং কৰা হ’ব।

ইচ্ছুক ছাত্র-ছাত্ৰীৰ অভিভাৱকসকলক ৭০০২৪১২৭৫৯, ০০২২৮৬২০৮, ৬০০২৫৭৭৮৪৫ নম্বৰত ছাত্ৰ-ছাত্ৰীৰ নাম, শ্ৰেণী, বিষয় আৰু মোবাইল নং হোৱাইট এপ বা মেচেজযোগে জনাব পাৰিব। সভাত পৰিচালনা সমিতিৰ সভাপতি মানস দাস, উপসভাপতি ড০ ঈশাংকুৰ শইকীয়া আৰু সাংবাদিক ৰূপক ডেকাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য ৰাখি আশিস প্ৰদান কৰে।

আজি নিকেতনত প্ৰথমবাৰৰ বাবে অহা অংকুৰ শ্ৰেণী লগতে মুকুল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলৰ মাজত ক’ভিডৰ সজাগতা সৃষ্টি কৰাৰ বাবে গামোচাৰে মাস্ক বিতৰণ কৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয় প্ৰবক্তা প্ৰতিমা বৰুৱা আৰু উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই।

ইয়াৰোপৰি সংগীত আচাৰ্যা মণিকা মুদৈৰ পৰিচালনাত মাংগলিক গীত পৰিৱেশন কৰা হয় । আজিৰ অনুষ্ঠানৰ শেষত ইস্কন মন্দিৰৰ প্ৰভূ নৰেশ্বৰ দাসে সংকীৰ্ত্তন আৰু ভাগৱত গীতাৰ শ্লোক পৰিৱেশন কৰি এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰে।

You might also like