অখিল গগৈয়ে এইকেইদিন ভ্ৰম বকিব : মন্ত্ৰী বিমল বৰা
অসম বিধানসভাৰ শীতকালীন অধিৱেশন অন্ত পৰাৰ পিছতেই মন্ত্ৰী বিমল বৰা গৃহ চহৰ ডিব্ৰুগড়ত উপস্থিত হয়। এইবাৰ সদনত বিশেষভাৱে চৰ্চিত বিষয় দুুটা হৈছে ‘দ্য আছাম ফিক্সেশ্যন অৱ চিলিং অন লেণ্ড হ’ল্ডিংছ (এমেণ্ডমেন্ট) বিল, ২০২৫ আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত সদনত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল।
ডিব্ৰুগড়ৰ মোহনবাৰীৰ বিমানবন্দৰত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই উপস্থিত হৈ বিষয় দুটাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। লগতে গুৰুত্বপূৰ্ণ তথা অসমৰ ছয় জনগোষ্ঠীৰ আৱেগ অনুভূতি জড়িত বিষয়টো সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে ভেল্কিবাজী বুলি উপলুঙা কৰা মন্তব্য কৰাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী বিমল বৰাই।
তেওঁ কয় যে অখিল গগৈ এজন উন্নয়নবিৰোধী মানুহ। অসমৰ উন্নয়নৰ বাবে যি চিন্তা কৰিব লাগে আজিলৈকে সেই চিন্তা কৰা দেখা নগ’ল। অখিল গগৈয়ে বিধান সভাৰ নিয়মাৱলী অধ্যয়ন নকৰে। অখিল গগৈৰ কথা কোনেও গুৰুত্ব নিদিয়ে। অখিল গগৈৰ কথা মতে অসম নচলে।
জনসাধাৰণৰ আৱেগ-অনুভূতি জড়িত হৈ থকা ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো গুৰুত্বপূৰ্ণভাৱে আগুৱাই লৈ গৈছে। তেওঁ তাত বিৰোধিতা কৰাহে দেখিবলৈ পোৱা গৈছে। এইকেইদিন তেওঁ ভ্ৰম বকিব বুলি উল্লেখ কৰে মন্ত্ৰী বিমল বড়াই।
নিয়মীয়া বাৰ্তা, লাহোৱাল, ১ ডিচেম্বৰ