নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্র’ল (Troll) কৰিমেই

ট্র’ল (Troll) কৰিমেই

🔹 ড০ পার্থসাৰথি মহন্ত

ট্র’লিং৷ এটা নতুন সংস্কৃতি৷ দোষ খোঁচৰাত আমি ব্যস্ত৷ নেতিবাচকতা আৰু ঈর্ষাত আমি নিবিষ্ট৷
এটা সময় আছিল– বৰ বেছিদিন নহয়– সমাজ এখন কৃপা, নম্রতা, ভদ্রতা, মর্যাদাৰ বাবে পৰিচিত হৈছিল৷ মতানৈক্য হৈছিল– সন্মান ৰক্ষা কৰি৷ কোনোবাই ভুল কৰিলেও শুধৰাই দিয়া হৈছিল– প্রায়ে মৰমেৰে৷
সেয়া সামাজিক মাধ্যম অহাৰ আগৰ সময়৷ এতিয়া কথাবোৰ বেলেগ হ’ল৷
এতিয়া কিন্তু মানুহে নেতিবাচক মন্তব্য কৰাৰ আগতে এবাৰো নাভাবে৷ বিশেষকৈ অনলাইনত৷ প্রসংগ বুজি নোপোৱাকৈ সমালোচনা কৰে, প্রমাণ অবিহনে আক্রমণ কৰে, আত্মচিন্তা নোহোৱাকৈ উপহাস কৰে৷ ‘আনৰ দোষ বিচাৰি উলিওৱা আৰু ট্র’ল কৰা’– এটা নতুন ধাৰা৷
পিছে পুতৌলগা কথাটো হ’ল– ট্র’ল কৰা, বিচাৰ কৰা, বিদ্রূপ কৰা, অপমান কৰা৷ বহুতেই নিজৰ জীৱনত বিশেষ একো এটা কৰিব নোৱাৰিলে বা কৰা নাই৷ সফলসকল নিজৰ কামত ব্যস্ত৷ আৰু, এইসকল তেওঁলোকক লৈ৷
মানে– খালী টেমা বেছিকৈ বাজে৷
এই পৰিৱর্তন অসহ্যকৰেই নহয়, বিপজ্জনকো৷ এয়া আমাৰ সমাজত ঘটি থকা এক গভীৰ মানসিক পৰিৱর্তনৰ প্রতিফলন৷ নেতিবাচকতা স্বাভাৱিক হৈ পৰিছে৷ সন্মান নোহোৱা হৈ গৈ আছে৷ আনৰ শলাগ লোৱাৰ ক্ষমতা সংকুচিত হৈ আহিছে৷
দায়িত্ববিহীন মুকলি মতামত আজি সাধাৰণ কথা৷ আগতে ৰাজহুৱাভাৱে কথা ক’বলৈ সাহসৰ প্রয়োজন আছিল৷ অধ্যয়ন লাগিছিল, চিন্তা কৰিব লাগিছিল, বিশ্লেষণ কৰিব লাগিছিল, আৰু তাৰ পাছত মতামত ব্যক্ত হৈছিল৷ আৰু, এতিয়া? এতিয়া মানুহে নিজকে বিশেষজ্ঞ জ্ঞান কৰা হ’ল৷ জ্ঞান নথকাকৈ, প্রসংগ–সংগতি নজনাকৈ, অভিজ্ঞতা নথকাকৈ মানুহে কথা কোৱা হ’ল৷ কাৰণ– খৰচ নাই, দায়বদ্ধতা নাই, লগতে আটাইতকৈ ডাঙৰ কথাটো হ’ল– লাজ নাই৷ DunningKruger effect৷ কম জনা লোকসকল নিজৰ মতৰ ক্ষেত্রত বেছি আত্মবিশ্বাসী হয়৷ কম জনাসকলে সকলো জানে বুলি ভাবে৷ যিসকলে আচলতে জানে, বাস্তৱ কিমান জটিল তেওঁলোকে বুজে– গতিকে তেওঁলোক বিনম্র হৈ থাকে৷
এটা কথা অৱশ্যে হয় যে আজি নিৰাপত্তাহীনতা বাঢ়িছে– আর্থিকভাৱেই নহয়, আৱেগিকভাৱেও৷ মানুহে যেতিয়া আন কাৰোবাক আগবাঢ়ি যোৱা দেখে, অনুপ্রাণিত হোৱাৰ সলনি ভাবুকি বা ঈর্ষাহে অনুভৱ কৰে৷ আমাৰ আচৰণ হৈ পৰে ঈর্ষান্বিত৷ মন্তব্য হৈ পৰে নেতিবাচক৷ সমালোচনা হৈ পৰে হীনমন্যতাৰ প্রকাশ৷ এজন ব্যক্তিয়ে যেতিয়া নিজৰ ব্যর্থতা চম্ভালিব নোৱাৰে তেতিয়া সফল হোৱাসকলক আক্রমণ কৰে৷ নিজৰ বিকাশৰ পৰিৱর্তে আনক তললৈ টানিবলৈ চেষ্টা কৰে৷ ক্ষত–বিক্ষত ইগ’ৱে মতামতৰ মুখা পিন্ধে৷
এতিয়া যেন সামাজিক শিষ্টাচাৰৰ স্খলন আৰু সন্মানৰ পতন হৈছে৷ আমাৰ সংস্কৃতিৰ এটা মূল মূল্যবোধ সন্মান৷ আমি মৃদুভাৱে কথা পাতিছিলোঁ, উত্তৰ দিয়াৰ আগতে শুনিছিলোঁ, ভাল আচৰণক বেছি মূল্য দিছিলোঁ৷
কিন্তু এতিয়া আক্রমণাত্মক হোৱাটো ফেশ্বন৷ কটূক্তি হৈ পৰিল বুদ্ধিমত্তা, অভদ্রামী হৈ গ’ল সাহস, আৰু সংবেদনশীলতা এতিয়া দুর্বলতা৷
পৃথিৱীৰ বহু ঠাইতে এই পৰিৱর্তন আহিছে৷ কিন্তু আমাৰ ইয়াত অনেক সময়ত সীমা চেৰাই গৈছে৷ কাৰণ আমি যেতিয়া সুযোগ সীমিত বুলি অনুভৱ কৰোঁ, শক্তিহীন অনুভৱ কৰোঁ, সামাজিক মাধ্যমে আমাক শক্তি প্রদান কৰে৷ কী–ব’ৰ্ড এটা অস্ত্র হৈ পৰে– ধাৰণা প্রকাশ কৰিবলৈ নহয়, মর্যাদাক আক্রমণ কৰিবলৈ৷
এবাৰ ট্র’ল আৰম্ভ হ’লে আনেও যোগ দিয়ে– যুক্তিৰ বাবে নহয়, এটা উষ্মাত৷ কাৰোবাক অপমান কৰাটো হৈ পৰে এটা মনোৰঞ্জন৷ ব্যক্তিজন কোন সেইটো ডাঙৰ কথা নহয়৷ ‘অলপ যদি জনা–শুনা, তেওঁক তললৈ টানো৷’ এটা অদ্ভুত জাকৰুৱা আচৰণ৷ এটা ভুৱা একতাৰ অনুভূতি৷ একেলগে কাৰোবাক অপমান কৰি শক্তিশালী অনুভৱ কৰে৷ এক সামূহিক নিষ্ঠুৰতা৷
ইফালে যিসকল লোক নিজৰ উৎকর্ষ সাধনত ব্যস্ত তেওঁলোকে আনক ঘৃণা কৰিবলৈ সময় নাপায়৷ আনফালে, এখিনি আছে যি আৱেগিকভাৱেও অচল৷ তেওঁলোকে চেষ্টা নকৰাকৈ সফলতা বিচাৰে, অৱদান নথকাকৈ প্রশংসা আৰু ত্যাগ নকৰাকৈ স্বীকৃতি৷ পুৰস্কৃত নহ’লে তেওঁলোকৰ হতাশা বাঢ়ি যায় আৰু সমালোচনা হৈ পৰে পলায়নৰ ৰাস্তা৷
নেতিবাচকতা আৰু ট্র’লিঙৰ এই ক্রমবর্ধমান সংস্কৃতি হৈ পৰিছে এটা বিপদ, এটা আতংক৷ এই আচৰণ যদি এনেদৰে নিয়ন্ত্রণহীনভাৱে চলি থাকে আমাৰ সমাজখনে লাহে লাহে একতা আৰু নিজৰ বুলি ভবাৰ ভাব হেৰুৱাই পেলাব৷ সামূহিক একতা দুর্বল হৈ পৰিব, সৃষ্টিশীলতা কমি আহিব, উৎকৃষ্টতা হ্রাস পাব আৰু আমি গৌৰৱ কৰা বৌদ্ধিক সংস্কৃতি ক্রমাৎ ম্লান হৈ যাব৷ মানুহে উদ্যোগ ল’বলৈ বা ৰাজহুৱা ভূমিকা ল’বলৈ ভয় কৰিব, কাৰণ প্রতিটো খোজেই অপমান বা উপহাসৰ দিশলৈ লৈ যোৱা যেন লাগিব৷ যোগ্যতাৰ ঠাই যেতিয়া মধ্যমীয়াই ল’বলৈ আৰম্ভ কৰে আৰু মানুহে নতুন প্রতিভাৰ শলাগ লোৱা বন্ধ কৰি দিয়ে, নতুন প্রতিভা ওলোৱাও বন্ধ হৈ যায়৷ অৱদানৰ বাবে যেতিয়া স্বীকৃতিৰ সলনি অপমান পাব, মানুহে কাম কৰিবলৈ ওলাই আহিবলৈ ভয় কৰা হ’ব৷ সফলতাক উপহাস কৰা সমাজ এখনত মানুহে সফল হ’বলৈ ভয় কৰিব৷ সমাজ হৈ পৰিব এখন বিফল সমাজ৷
এই প্রৱণতা ৰোধ কৰিব লাগিব৷ কিন্তু ইয়াৰ বাবে প্রয়োজন সচেতন প্রচেষ্টা আৰু এই প্রচেষ্টা এতিয়াই আৰম্ভ কৰিব লাগিব৷ এই প্রবৃত্তিৰ উত্তৰ মৌনতা নহয়, হ’ব লাগিব অর্থপূর্ণ কথা, গঠনমূলক প্রতিক্রিয়া আৰু দায়িত্বশীল স্বাধীনতা৷ এনে এটা সংস্কৃতিক আমি উৎসাহিত কৰিব লাগিব, য’ত মানুহে কথা কোৱাৰ আগতে চিন্তা কৰে৷ শিশুসকলক প্রচেষ্টাক সন্মান কৰিবলৈ শিকাব লাগিব, যুৱচামক গুণগত মান বুজাব লাগিব, প্রাপ্তবয়স্কসকলক প্রতিক্রিয়া প্রকাশ কৰাতকৈ সহায় কৰিবলৈ আৰু সমাজক অর্থহীন শব্দতকৈ অৱদানক মূল্য দিবলৈ অনুপ্রাণিত কৰিব লাগিব৷ আনৰ সফলতাক উদযাপন কৰিবলৈ শিকিব লাগিব– কাৰণ প্রশংসাই প্রগতিৰ পথত অগ্রসৰ হ’বলৈ উৎসাহিত কৰে আৰু প্রগতিয়ে উন্নত ভৱিষ্যৎ গঢ়ি তোলে৷
প্রতিখন সমাজেই এনে কিছুমান মুহূর্তৰ সন্মুখীন হয়, য’ত সামূহিক আচৰণে সমাজখনৰ ভৱিষ্যৎ নির্ধাৰণ কৰে৷ অসম আজি তেনে এক টার্নিং পইণ্টত৷ আমি এখন ঈর্ষা, নেতিবাচকতা আৰু সস্তীয়া সমালোচনাৰ সমাজ হ’ব পাৰোঁ, অথবা উৎসাহী আৰু সামূহিক প্রগতিৰ সমাজ হ’ব পাৰোঁ৷
ট্র’লিং কেৱল ডিজিটেল অভ্যাস নহয়৷ ই এক গভীৰ আৱেগিক ৰোগ প্রতিফলিত কৰে– আনৰ বাবে সুখী হ’ব নোৱাৰা৷ কিন্তু নিৰাময়ৰ আৰম্ভণি হয় এটা সহজ প্রশ্ণৰ পৰা– ‘শ্রীবৃদ্ধিৰ অংশ হ’ম নে ধ্বংসৰ’?
অর্থহীন কোলাহলে সমাজ গঢ়িব নোৱাৰে, চৰিত্রইহে পাৰে৷ এজন আনজনৰ ঢোকা হ’লেহে সমাজ শক্তিশালী হয়৷ শব্দই যেতিয়া জ্ঞান হেৰুৱাই পেলায়, সমাজে দিশ হেৰুৱায়৷ সন্মান ৰক্ষা কৰি কথা কোৱাটো দুর্বলতা নহয়– ই শক্তিৰ সর্বোচ্চ ৰূপ আৰু সামূহিক বিৱর্তনৰ দিশত প্রথম পদক্ষেপ৷

You might also like