নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত মৰিয়নিৰ পৰা মনোনয়ন প্রত্যাহাৰ অখিল গগৈৰ

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈয়ে আগন্তুক নির্বাচনত মৰিয়নি বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা নকৰে৷ বিজেপিক পৰাভূত কৰাৰ স্বার্থতে তেওঁ ১০১নং মৰিয়নি বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা নকৰে বুলি ঘোষণা কৰে৷

কালি সন্ধিয়া ‘ৰাইজৰ দল’ৰ কার্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই কয়–  ‘আমাৰ সভাপতি অখিল গগৈৰ ইচ্ছা আৰু ৰাইজৰ দলৰ কেন্দ্রীয় সমিতিৰ সিদ্ধান্ত অনুসৰি অখিল গগৈয়ে ১০১নং মৰিয়নি বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা নকৰে৷ তেওঁ কেৱল ঐতিহাসিক ১০৮নং শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰাহে প্রতিদ্বন্দ্বিতা কৰিব৷’

পুনৰ ভাস্কো ডি শইকীয়াই কয়– ‘আমাৰ এই সিদ্ধান্ত জাতিদ্রোহী বিজেপিক পৰাভূত কৰাৰ স্বার্থত লোৱা হৈছে৷ আমাৰ এই সিদ্ধান্ত মৰিয়নি সমষ্টিৰ ৰাইজৰ দল, স্থানীয় দল–সংগঠনসমূহে আৰু স্থানীয় ৰাইজে মানি ল’বলৈ প্রস্তুত হোৱা দেখা নাই৷ কাৰণ মৰিয়নি অখিল গগৈৰ গৃহ সমষ্টি আৰু সেই সমষ্টিত তেওঁ জয়ী হোৱাটো খাটাং আছিল৷ অখিল গগৈয়ে প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা হোৱাত মৰিয়নি সমষ্টিত উৎসাহৰ ধল বৈছিল৷ কিন্তু তাৰ পাছতে কেৱল আৰু কেৱল বিজেপিক পৰাভূত কৰি বিৰোধী দলসমূহৰ এখন চৰকাৰ গঠনৰ স্বার্থত এজন বিধায়ক বঢ়াবলৈকে আমি এই সিদ্ধান্ত গ্রহণ কৰিলোঁ৷

আমি বাৰম্বাৰ কৈ আহিছোঁ যে আমি বিজেপিক পৰাভূত কৰিবলৈ সংকল্পবদ্ধ আৰু বিজেপিবিৰোধী শক্তিসমূহক ঐক্যবদ্ধ কৰিবলৈ সদায়ে দায়বদ্ধ৷ আমাৰ এই দায়বদ্ধতাৰ চিনস্বৰূপে আমি নিশ্চিত জয়ী হ’বলগীয়া মৰিয়নি সমষ্টিটো এৰি দিলোঁ৷’

ভাস্কো ডি শইকীয়াই মৰিয়নিবাসী ৰাইজ, সমষ্টিটোৰ সকলো জাতীয়–জনগোষ্ঠীয় সংগঠন, যিসকলে অখিল গগৈৰ প্রতি সমর্থন দিছিল আৰু ৰাইজৰ দলৰ মৰিয়নি সমষ্টিৰ সদস্যসকলৰ ওচৰত ক্ষমা বিচাৰি কয়– আমাৰ এই ত্যাগ আনে স্বীকৃতি নিদিলেও নিশ্চয় ইতিহাসে স্বীকৃতি দিব৷

You might also like