নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল গগৈক মুখ্যমন্ত্রী প্রক্ষেপ কৰিবলৈ কোনে অধিকাৰ দিলে?

যুৱ–ছাত্রৰ নেতা পলাশ চাংমাইৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ  আগন্তুক বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰিবলৈ আঞ্চলিক শক্তিসমূহক একত্রিত হ’বলৈ আহ্বান জনোৱা কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈক আজি উভতি ধৰে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে৷ এক দল, এক প্রতীক আৰু এখন পতাকাৰ তলত সকলোকে একত্রিত হোৱাৰ পৰিৱেশ কৃষক মুক্তিয়ে বিনষ্ট কৰিছে বুলি মন্তব্য কৰিছে যুৱ–ছাত্র পৰিষদৰ নেতাজনে৷ আজি সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি চাংমায়ে কয়– ‘বিজেপিক ৱাক অভাৰ দিবলৈ আমি এটা তৃতীয় ৰাজনৈতিক বিকল্প শক্তিৰ কথা কোৱা নাই৷ আছু আৰু যুৱ–ছাত্র পৰিষদে এতিয়ালৈ ৰাজনৈতিক দল জন্মই দিয়া নাই৷ অখিল গগৈয়ে কোৱাৰ দৰে এটা দল, এটা প্রতীক আৰু এখন পতাকাৰ তলত একত্রিত হোৱাৰ পৰিৱেশ কৃষক মুক্তি সংগ্রাম সমিতিয়ে বিনষ্ট কৰিছে৷ সংবাদ মেল পাতি মুখ্যমন্ত্রী হিচাপে অখিল গগৈক প্রক্ষেপ কৰিবলৈ কৃষক মুক্তিক কোনে অধিকাৰ দিলে৷ এয়া সুস্থ গণতন্ত্রৰ পৰিপন্থী৷ তেওঁলোকে একেখন পতাকাৰ তলত সমৱেত হ’বলৈ আহ্বানো জনাব আৰু মুখ্যমন্ত্রীও প্রক্ষেপ কৰিব৷ এয়া এক বিসংগতিপূর্ণ কথা৷ বৰঞ্চ একত্রিত হ’ব নোৱাৰাৰ এটা পৰিৱেশ তেওঁলোকে ৰচনা কৰিছে৷ কৃষক মুক্তিয়ে যিধৰণে আগবাঢ়িছে সেয়া অপৰিপক্বতাৰ পৰিচায়ক৷’ কার্যতঃ এনে ধৰণৰ মন্তব্যৰ লগে লগে নতুন দল গঠনৰ পূর্বেই ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে মুকলি সংঘাত৷ উল্লেখ্য যে বিজেপিক প্রতিহত কৰিবলৈ সকলো আঞ্চলিক দলক একত্রিত হৈ নির্বাচনত অৱতীর্ণ হ’বলৈ অখিল গগৈয়ে আহ্বান জনাইছিল৷ অন্যথা আগন্তুক নির্বাচনত বিজেপিক ৱাক অভাৰ দিয়া হ’ব বুলিও তেওঁ মন্তব্য কৰিছিল৷ অৱশ্যে এইক্ষেত্রত কোনো স্পষ্ট মত প্রকাশ কৰা নাই সদৌ অসম ছাত্র সন্থাই (আছু)৷ আছু আৰু যুৱ–ছাত্র পৰিষদৰ উদ্যোগত গঠন হ’বলগীয়া নতুন ৰাজনৈতিক দলৰ বেনাৰত কৃষক মুক্তিও অন্তর্ভুক্ত হ’ব নেকি বুলি উত্থাপিত প্রশ্ণৰ উত্তৰ এতিয়াও স্পষ্ট হোৱা নাই৷ বৰঞ্চ আছুৰ নেতৃত্বই নতুনকৈ জন্ম ল’বলগীয়া ৰাজনৈতিক শক্তিয়েহে কোন দলৰ সৈতে মিত্রতা কৰিব, সেয়া সিদ্ধান্ত ল’ব বুলি প্রকাশ কৰি আহিছে৷ ইয়াৰ মাজতে পলাশ চাংমায়ে কৰা বিস্ফোৰক মন্তব্য যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ অৱশ্যে সকলো আঞ্চলিক দল একত্রিত হোৱাত এতিয়াও কোনো অসুবিধা হ’ব বুলি তেওঁ নাভাবে বুলি উল্লেখ কৰি চাংমায়ে কৃষক মুক্তিৰ নেতা অখিল গগৈক ধৈর্য ধৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে আছু আৰু যুৱ–ছাত্র পৰিষদে ৰাজনৈতিক কার্যপন্থা নির্ধাৰণৰ বাবে এখন পৰামর্শদাতা কমিটী গঠন কৰিছিল৷ ইতিমধ্যে এই কমিটীয়ে দাখিল কৰিছে প্রতিবেদন৷ দুই–এদিনতে এই প্রতিবেদন ৰাজহুৱা কৰাৰ লগতে আছু আৰু যুৱ–ছাত্র পৰিষদে দল গঠনৰ চূড়ান্ত সিদ্ধান্ত ৰাজহুৱা কৰাৰো সম্ভাৱনা আছে৷

You might also like