নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ সকলো প্রাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগ

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষৰ পৰা ভিডি’ কনফাৰেঞ্চযোগে ৰাজ্যৰ ডপায়ুক্তসকলৰ সৈতে জলজীৱন মিছনৰ কাম–কাজৰ অগ্রগতিৰ বুজ লয়৷ মুখ্যমন্ত্রীয়ে প্রতিখন জিলাত ৰূপায়িত আঁচনিখনৰ সবিশেষ পর্যালোচনা কৰে৷ ভিডিঅ’ কনফাৰেঞ্চৰ সময়ত উপায়ুুক্তসকলে নিজ নিজ জিলাত ৰূপায়িত হৈ থকা আঁচনিখনৰ কাম–কাজৰ অগ্রগতিৰ বিষয়ে মুখ্যমন্ত্রীক অৱগত কৰে৷ বৈঠকত মুখ্যমন্ত্রীয়ে কয় যে জলজীৱন মিছনৰ অধীনত প্রতিখন চাহ বাগিচাত যাতে অহা ডিচেম্বৰ মাহৰ ভিতৰত পানী যোগান ধৰিব পৰা যায়, বিষয়টো প্রতিগৰাকী ডপায়ুক্তই সুনিশ্চিত কৰিব লাগিব৷

মুখ্যমন্ত্রীয়ে প্রতিগৰাকী ডপায়ুক্তক চাহ বাগিচা পৰিদর্শন কৰি কাম–কাজৰ অগ্রগতি প্রত্যক্ষভাৱে বুজ লোৱাৰ বাবেও নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে ৰাজ্যৰ প্রতিটো অংগনৱাডী কেন্দ্র আৰু প্রতিখন প্রাথমিক বিদ্যালয়ত অহা ডিচেম্বৰ মাহৰ ভিতৰত বিদ্যুৎ সংযোগৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈও নির্দেশ দিয়ে৷ তেওঁ লগতে জনায় যে বিদ্যুৎ সংযোগৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে জিলাভিত্তিক লোকনির্মাণ, শক্তি বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগক লৈ সমিতি এখন গঠন কৰি দিছে৷ এই সমিতিখনক লগত লৈ ডপায়ুক্তসকলে আঁচনিখন ৰূপায়ণৰ ক্ষেত্রত আহি পৰা সমস্যা তৎকালীনভাৱে সমাধান কৰিব লাগিব বুলিও তেওঁ কয়৷ জুলাইত ৯০ হাজাৰ লোকৰ গৃহলৈ জল সংযোগৰ লক্ষ্য লৈ ১.২৫ লাখ সংযোগ কৰাৰ বিষয়টোৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আগন্তুক মাহতো নিৰূপিত লক্ষ্য অতিক্রম কৰাৰ বাবে উপায়ুক্তসকলে বিশেষ উদ্যোগ গ্রহণ কৰিব লাগিব৷ আঁচনিখনৰ দ্রুত ৰূপায়ণৰ বাবে প্রয়োজনসাপেক্ষে অধিক ঠিকাদাৰ কামত লগোৱাৰ লগতে এই কামত জডিত হৈ থকা ঠিকাদাৰসকলৰ লগত বার্তালাপ কৰিবলৈও মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে কয় যে ভাৰত চৰকাৰৰ ধ্বজাবাহী আঁচনিখনৰ বাবে কেন্দ্রীয় চৰকাৰে চলিত বর্ষত প্রায় ৫,৬০০ কোটি টকা আবণ্টন দিছে৷ আঁচনিখনৰ বাবে কোনো পুঁজিৰ নাটনি নহয়৷ সেইবাবে আঁচনিখন ৰূপায়ণত সর্বাধিক গুৰুত্ব আৰোপ কৰিবলৈ মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক নির্দেশ দিয়ে৷

এই ভিডিঅ’ কনফাৰেঞ্চত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰঞ্জিত দাসে অংশগ্রহণ কৰি আঁচনিখন লক্ষ্য নির্ধাৰিতভাৱে ৰূপায়ণ কৰাৰ বাবে যথোচিত পদক্ষেপ ল’বলৈও উপায়ুক্তসকলক কয়৷ ভিডিঅ’ কনফাৰেঞ্চত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাচী, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ সিন্হা, শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তী, জলজীৱন মিছনৰ মিছন সঞ্চালক আকাশদীপ, এপিডিচিএল, জনস্বাস্থ্য আৰু শিক্ষা বিভাগৰ উচচপদস্থ বিষয়াসকল উপস্থিত থাকে৷

You might also like