নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ৰ বিশেষ পদক্ষেপঃ দ্বাদশ উত্তীর্ণ শিক্ষার্থীৰ গাড়ীচালনাৰ প্রশিক্ষণ আৰম্ভ

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ  অসম চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) কার্যালয়ে চৌহদত থকা বাহন নির্মাতা কোম্পানী হোণ্ডা ড্রাইভিং এডুকেচন চেণ্টাৰৰ সহযোগত ৰাজ্যৰ ভিতৰতে প্রথমবাৰৰ বাবে এইবেলি ২০২১বর্ষত উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পৰীক্ষাত উত্তীর্ণ আৰু ১৮ বছৰ সম্পূর্ণ হোৱা শিক্ষার্থীসকলক বাহন চালনা, পথ সুৰক্ষাৰ প্রশিক্ষণ দি থিতাতে শিকাৰু চালকৰ অনুজ্ঞাপত্র প্রদান কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছে৷

সোমবাৰে জিলা পৰিবহণ বিষয়া কার্যালয় চৌহদত থকা হোণ্ডা ড্রাইভিং এডুকেচন চেণ্টাৰত শিকাৰু চালকৰ অনুজ্ঞাপত্র প্রদান কার্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ মাংগলিক কার্যৰ মাজেৰে কার্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট শিক্ষাবিদ, ডঃ দীনেশ কলিতা, ডাঃ কবিতা মজুমদাৰ আৰু অৱসৰপ্রাপ্ত জিলা পৰিবহণ বিষয়া দ্বিজেন দাসে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰি জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় অসমৰ লগতে দেশৰ আন ৰাজ্যত হোৱা পথ দুর্ঘটনাসমূহৰ ৭০ শতাংশৰো অধিক চালকৰ মানৱীয় ভুলৰ বাবে হয় বুলি বিভিন্ন চৰকাৰী–বেচৰকাৰী সংস্থাই তথ্য দাঙি ধৰিছে৷ ফলত যিসকলে বাহন চালনাৰ বাবে আগ্রহী তেওঁলোকক সৰুৰে পৰা উপযুক্ত প্রশিক্ষণ প্রদানেৰে গুণগত মানৰ গাডী বা বাহন চালক হিচাপে গঢ় দিবলৈ চেষ্টা কৰা হৈছে৷

মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই বিধানসভাত গাড়ী চালনাৰ অনুজ্ঞাপত্র প্রদান ব্যৱস্থাটো সৰল কৰিবলৈ আৰু দৰকাৰ হ’লে তেওঁলোকক মিঠাই খুৱাবলৈ জিলা পৰিবহণ বিষয়াসকলক দিয়া আহ্বানৰ বিষয়টো আলোকপাত কৰি ৰাজ্যৰ পৰিবহণমন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নির্দেশ মর্মে অহা ১৫ আগষ্টলৈ এইবেলি উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পৰীক্ষাত উত্তীর্ণ আৰু ১৮ বছৰ সম্পূর্ণ কৰা ২৫জনকৈ শিক্ষার্থীক দৈনিক শিকাৰু চালকৰ অনুজ্ঞাপত্র প্রদান কৰা হ’ব বুলি ব্যক্ত কৰে৷ কার্যসূচীত হোণ্ডা ড্রাইভিং এডুকেচন চেণ্টাৰৰ ছেফটী ড্রাইভিং কো–র্ডিনেটৰদ্বয় জয়ন্ত কুমাৰ দাস আৰু প্রদীপ গোহঁাই, জ্যেষ্ঠ যান–বাহন পৰিদর্শকদ্বয় কানাই মহন্ত আৰু জয়সিং ৰংফাৰ উপস্থিত থাকে৷ কার্যসূচীত কেইবাজনো শিক্ষার্থীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে৷ ইয়াৰ উপৰি প্রথম দিনাই উপস্থিত প্রায় ২৫জন শিক্ষার্থীক ছিমুলেটৰ যন্ত্রৰ সহায়ত বাহন চালনাৰ প্রশিক্ষণ, সংকেতকে ধৰি বাহনৰ সৈতে জডিত প্রশিক্ষণ প্রদান কৰা হয়৷

You might also like