নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ আগষ্টৰ পৰা ৭০০০ শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ অহা ২৭ আগষ্টৰ পৰা আৰম্ভ কৰা হ’ব নিম্ন আৰু উচ্চ প্ৰাথমিকৰ শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া। আজি জনতা ভৱনত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা এখন সংবাদ মেলযোগে ঘোষণা কৰে এই কথা।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, ২৭ আগষ্টৰ দিনা সামাজিক দূৰত্ব বজাই ৰাখি প্ৰতীকীভাৱে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে ৩০০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰি আন প্ৰাৰ্থীসকলে নিৰ্দিষ্ট ৱেৱছাইটৰ পৰা তেওঁলোকৰ নিযুক্তি পত্ৰ ডাউনলোড কৰিব পাৰিব। উল্লেখ্য যে মুঠ ৭০০০ প্ৰাৰ্থীক নিম্ন আৰু উচ্চ প্ৰাথমিকৰ শিক্ষক হিচাপে নিযুক্ত কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী ড০ শৰ্মাই।

শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ৭৪৪০টা হাইস্কুল পৰ্যায়ৰ শিক্ষক পদৰ বিজ্ঞাপনৰ বাবে অনুমোদন জনোৱা হ’ব ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত।

You might also like