নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা দিৱস বর্জনৰ আহ্বান আলফা (স্বাধীন)ৰ

বিশেষ বাৰ্তা, ৭ আগষ্টঃ সম্প্রতি একপক্ষীয় যুদ্ধবিৰতিত থকা সশস্ত্র সংগঠন আলফা (স্বাধীন)–এ দেশৰ সমাগত স্বাধীনতা দিৱস বর্জনৰ আহ্বান জনাইছে৷ এই প্রতিবাদী কার্যসূচীৰ অংশস্বৰূপে ১৫ আগষ্টৰ দিনা সশস্ত্র সংগঠনটোৱে ঘোষণা কৰিছে ১৮ ঘণ্টীয়া সর্বাত্মক বন্ধ৷ অৱশ্যে ইয়াৰ পৰা জৰুৰীকালীন বিভাগসমূহ, সংবাদ মাধ্যম আৰু ধর্মীয় কাম–কাজক ৰেহাই দিয়া হৈছে৷ এই সন্দর্ভত আলফা (স্বাধীন) আৰু এন এছ চি এন/জি পি আৰ এনে সংবাদ মাধ্যমলৈ এক যৌথ বিবৃতি প্রেৰণ কৰে৷ আলফা (স্বাধীন)ৰ প্রচাৰ বিভাগৰ সদস্য কেপ্ঢেইন ৰুমেল অসম স্বাক্ষৰিত বিবৃতিটোত কোৱা হয়– ‘ক’ভিড–১৯ মহামাৰীয়ে সমগ্র বিশ্বৰ লগতে আমাৰ পশ্চিমা–দক্ষিণ–পূব এছিয়া অঞ্চলৰ আর্থ–সামাজিক দিশত কোঙা কৰাৰ উপৰি এনে সময়তে হাজাৰ হাজাৰ থলগিৰি কৃষিজীৱী পৰিয়াল বানপানী আৰু ভূমিস্খলনত ঘৰ–ভেটি হেৰুৱাই সর্বস্বান্ত হৈ সীমাহীন দুখ–দুর্গতিৰে অঘৰী জীৱন কটাইছে, দৰিদ্রতাৰ কৰাল গ্রাসত পৰি আত্মহত্যা পর্যন্ত কৰিছে তথা মানৱ সম্পদৰ যথোপযুক্ত ব্যৱহাৰ নোহোৱাৰ বাবে অপচয় হৈছে মানৱ সম্পদ, আত্মসন্মান আৰু মর্যাদা সহকাৰে জীয়াই থকাটো এতিয়া সুদূৰপৰাহত আনহাতে ভূতৰ ওপৰত দানহৰ দৰে থলগিৰি আজি ঋণৰ জালত পৰি, জি এছ টিৰ কেঁকোৰা চেপাত, নিত্য ব্যৱহার্য সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ লগতে এশ এবুৰি সমস্যাত তথাকথিত স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো ককবকাইছে৷ সর্বসাধাৰণৰ জীৱনশৈলী নিম্নগামীৰ এনে আপদকালত পীড়িত জনগণৰ কাষত থিয় দিবলৈ অসমর্থ ৰাষ্ট্রই ১৫ আগষ্টত, ইয়াৰ ৭৬সংখ্যক ‘স্বাধীনতা দিৱস’ উদ্যাপন কৰিবলৈ লোৱাটো অন্যায়, ঐতিহাসিকভাৱে অপ্রাসংগিক আৰু মূল্যহীন৷ প্রতি বছৰে অসম, নাগাভূমি, মণিপুৰ, ত্রিপুৰা, মেঘালয়ত ইয়াক পালন কৰাত আমি বিৰোধিতা কৰি আহিছোঁ৷ এইবেলিও অসম আৰু নাগালেণ্ডৰ উপৰি মণিপুৰ, ত্রিপুৰা, মেঘালয়ৰ সমূহ ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল–সংগঠন আৰু সর্বস্তৰৰ ৰাইজক ‘স্বাধীনতা দিৱস’ৰ সকলো প্রকাৰৰ কার্যক্রমণিকাত যোগদানৰ লগতে ব্যক্তিগত স্তৰতো পালন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালোঁ৷ ভাৰত ৰাষ্ট্রৰ স্বাধীনতা দিৱস বর্জনৰ আহ্বান আৰু আমাৰ প্রতিবাদী কার্যসূচীৰ অন্যতম হ’ব ১৫ আগষ্টৰ ০০ঃ০০ বজাৰ পৰা ১৮ঃ০০ বজালৈ সর্বাত্মক বন্ধ৷ অৱশ্যে এই সময়ছোৱাত জৰুৰীকালীন বিভাগবোৰ, সংবাদ মাধ্যম আৰু ধর্মীয় কাম–কাজ বাহাল থকাত কোনো বাধা–নিষেধ প্রদান কৰা হোৱা নাই৷’

You might also like