নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ বিচৰা চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ দিয়কঃ দুর্নীতি নিবাৰক শাখাৰ হোৱাটছএপ–টোল ফ্রী নম্বৰ মুকলি

বিশেষ বাৰ্তা, ৭ আগষ্টঃ দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰখনে গ্রহণ কৰা শূন্য সহনশীলতা নীতিৰ ফলতে এজন এজনকৈ ধৰা পৰিছে ঘোচখোৰ চৰকাৰী বিষয়া–কর্মচাৰী৷ নিৰীক্ষণ আৰু দুর্নীতি নিবাৰণ সঞ্চালকালয়ে শেহতীয়াকৈ অভিযান চলাই ৭জনকৈ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীক গ্রেপ্তাৰ কৰিবলৈ সমর্থ হৈছে৷ দুর্নীতিৰ বিৰুদ্ধে চলোৱা এই অভিযান অধিক ক্ষিপ্র কৰাৰ স্বার্থত তদন্তকাৰী সংস্থাটোৱে মুকলি কৰিছে হোৱাটছএপ নম্বৰ আৰু টোল ফ্রী নম্বৰ৷ কোনো চৰকাৰী বিষয়া–কর্মচাৰীয়ে উৎকোচ বিচাৰিলে এই ফোন নম্বৰৰ যোগেদি নিবাৰক শাখাক গোচৰ দিব পাৰিব৷ অভিযোগ দিবলৈ হোৱাটছএপ নম্বৰ হ’ল ৬০২৬৯০১২৪৩, টোল ফ্রী নম্বৰ হ’ল ১৮০০৩৪৫৩৭৬৭৷ আনহাতে নিয়ন্ত্রক কক্ষৰ নম্বৰ ০৩৬১–২৪৬২২৯৫, দুর্নীতি নিবাৰক শাখাৰ আৰক্ষী অধীক্ষকৰ ৯৪৩৫০২৪১০০ –এই ফোন নম্বৰত ফোন কৰিও অভিযোগ দিব পাৰিব৷

You might also like