নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি নিটি আয়োগৰ সন্মিলনত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

বিশেষ বার্তা, ৭ আগষ্টঃ নতুন দিল্লীত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ৰাষ্ট্রপতি ভৱনত আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱৰ ৰাষ্ট্রীয় কমিটীৰ বৈঠকত অংশগ্রহণৰ বাবে মুখ্যমন্ত্রী ড০ শর্মা কালিয়েই নতুন দিল্লীত উপস্থিত হয়৷ ইয়াৰ পাছতে তেওঁ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকো সাক্ষাৎ কৰে৷ অৱশ্যে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ সৈতে কি বিষয়ক লৈ আলোচনা কৰে জানিব পৰা হোৱা নাই৷ আজি নতুন দিল্লীত মুখ্যমন্ত্রী ড০ শর্মাই নিটি আয়োগৰ সন্মিলনত অংশগ্রহণ কৰিব৷ নিটি আয়োগৰ সন্মিলনত দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীক আমন্ত্রণ জনোৱা হৈছে৷ ইপিনে, উপ–ৰাষ্ট্রপতি নির্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই মুখ্যমন্ত্রী ড০ শর্মাই নৱনির্বাচিত উপ–ৰাষ্ট্রপতি জগদীশ ধনখৰক অভিনন্দন জ্ঞাপন কৰে৷ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে অসম চৰকাৰে প্রতিটো বিভাগক এক নির্দেশযোগে তেওঁলোকৰ অধীনস্থ নিয়মীয়া, ঠিকাভিত্তিক, কেজুৱেল কর্মচাৰীসকলৰ প্রত্যেককে অহা ১৩–১৫ আগষ্টলৈ নিজ গৃহত ত্রিৰংগা উত্তোলন কৰাটো নিশ্চিত কৰিবলৈ নির্দেশ দিছে৷ লগতে প্রতিটো বিভাগকে তেওঁলোকৰ ৱেবছাইটত হৰ ঘৰ ত্রিৰংগাৰ তথ্য উপলব্ধ কৰাবলৈও নির্দেশ দিয়া হৈছে৷

You might also like