লাকুৱা আদৰ্শ চিকিৎসালয়ক প্ৰাৰম্ভিক প্ৰেৰণ কেন্দ্ৰলৈ উন্নীতকৰণ
প্ৰসূতি শিশু আৰু মাতৃসকলৰ সুবিধাৰ্থে চৰাইদেউ জিলাৰ লাকুৱা আদৰ্শ চিকিৎসালয়ক প্ৰাৰম্ভিক প্ৰেৰণ কেন্দ্ৰ (First Referral Unit)লৈ উন্নীতকৰণ কৰা হয়। এতিয়াৰে পৰা লাকুৱা আদৰ্শ চিকিৎসালয়ত চিজাৰিয়ান চিকিৎসা পদ্ধতিৰে প্ৰসূতিসকলে প্ৰসৱ কৰিব পাৰিব। আজি এই কেন্দ্ৰটি শুভ উদ্ধোধন কৰে মন্ত্রী যোগেন মহনে।
মন্ত্ৰীগৰাকীয়ে উদ্ধোধনী সভাত উপস্থিত ৰাইজক সম্বোধন কৰি কয় যে লাকুৱা আদৰ্শ চিকিৎসালয়ত আজিৰ পৰা উপলব্ধ হোৱা চিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ ব্যৱস্থাই লাকুৱা অঞ্চলৰ লগতে নিকটৱৰ্তী বিভিন্ন গাঁও, চাহ-বাগিছা অঞ্চলৰ ৰাইজৰ সুবিধা হ’ব। এতিয়াৰে পৰা লাকুৱা আদৰ্শ চিকিৎসালয়ত নতুনকৈ সংযোজন হোৱা এই চিকিৎসাই জিলা অসামৰিক চিকিৎসালয়ৰ লগতে এএমচিএইচটো প্ৰসূতিৰ চিকিৎসা ব্যৱস্থাৰ বৰ্ধিত সংখ্যা কমোৱাত অৰিহণা যোগাব আৰু প্ৰসূতিসকলেও ওচৰতে সু চিকিৎসা লাভ কৰিব।
তেওঁ চিকিৎসালয়খনত এই সুবিধা কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পাছতেই চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱে কয় যে আজি জিলাখনৰ স্বাস্থ্য খণ্ডৰ বাবে শুভ দিন। লাকুৱা এফআৰইউয়ে জিলাখনৰ শিশু- মাতৃসকলৰ স্বাস্থ্যৰ ওপৰত গুৰুত্বৰ প্ৰভাৱ বিস্তাৰ কৰিব আৰু উন্নত চিকিৎসা সেৱা পাবলৈ সক্ষম হ’ব।
তেওঁ কয় যে প্ৰসূতি বিশেষজ্ঞ চিকিৎসক, শিশুৰোগ বিশেষজ্ঞ চিকিৎসক আৰু সংজ্ঞাসাৰক বিশেষজ্ঞ চিকিৎসকে পূৰ্বে নিৰ্ধাৰণ কৰা প্ৰসূতি সকলক চিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কৰিব। পৰৱৰ্তী সময়ত জৰুৰীকালীন প্ৰসৱৰ ব্যৱস্থা হৈ উঠিব বুলি আশা প্ৰকাশ কৰে।ইয়াৰ লগতে আজিৰে পৰা লাকুৱা আদৰ্শ চিকিৎসালয়ত এক্সৰে সেৱা আৰু ৰক্ত সংৰক্ষণ ইউনিটৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে।
আজিৰ অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত সুৰুয সোনোৱাল, চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জ্যোতিৰ্ময় শৰ্মা বৰুৱা, চৰাইদেউ জিলা মুখ্য স্বাস্থ্য বিষয়া আৰু চিকিৎসক ডাঃ মনোজ হাজৰিকা, লাকুৱা আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ অমিয় শইকীয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ চৰাইদেউ জিলাৰ প্ৰকল্প পৰিচালক অভিজিৎ শৰ্মা প্ৰমুখ্য কৰি অন্যান্য বিষয়াসকল, চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্চ, চিকিৎসালয় পৰিচালনা সমিতিৰ সদস্যসকল, অন্যান্য চিকিৎসাকৰ্মী আৰু স্থানীয় শতাধিক লোক উপস্থিত থাকে।
বিশেষ বাৰ্তা, সোণাৰি, ২৪ ডিচেম্বৰ