নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনী প্ৰচাৰ আধাতে এৰি দিল্লীলৈ প্ৰত্যাৱৰ্তন অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি অসম আহি পোৱা গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ অৰ্ধসমাপ্তিৰে পুনৰ দিল্লীলৈ উৰা মাৰে। কালি ছত্তিশগড়ত ভাৰতীয় জোৱানৰ ওপৰত মাওবাদীৰ ভয়াৱহ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী প্ৰচাৰ অৰ্ধসমাপ্তিৰে দিল্লীলৈ ওভতে গৃহমন্ত্ৰী অমিত শ্বাহ।

আজি ভৱানীপুৰ, সৰভোগ আৰু জালুকবাৰীত নিৰ্বাচনী প্ৰচাৰসূচীত ভাগ লোৱাৰ কথা আছিল যদিও মাত্ৰ এখন নিৰ্বাচনী সভাত অংশ লোৱাৰ পিছতে কাৰ্যসূচীৰ সামৰণি পেলায় গৃহমন্ত্ৰীগৰাকীয়ে।

অমিত শ্বাহে এইক্ষেত্ৰত ড০ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিতো প্ৰচাৰ চলোৱাৰ কথা আছিল যদিও অৱশেষত সেয়া বাতিল কৰিবলগীয়া হয়। অৱশ্যে গৃহমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমযোগে জালুকবাৰী সমষ্টিবাসীক ড০শৰ্মাক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য, ছত্তিশগড়ৰৰ ছুকমা জিলাত মাওবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত ২২গৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে ৩২গৰাকী আহত আৰু বৰ্তমানেও বহুকেইগৰাকী সন্ধানহীন হৈ আছে।

You might also like