নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্ৰান্সত তৃতীয়বাৰৰ বাবে দেশজুৰি লক-ডাউন

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ফ্ৰান্সত। সেয়ে কালি ফ্ৰান্সত তৃতীয়বাৰৰ বাবে দেশজুৰি লক-ডাউন জাৰি কৰা হৈছে।

একে সময়তে ৰাতিপুৱা আৰু সন্ধিয়া কাৰ্ফিউও আৰোপ কৰা হৈছে দেশখনত। ব্ৰিটিছ সংবাদ মাধ্যম বি বি চিৰ মতে, ফ্ৰান্সৰ সকলো বিদ্যালয় আৰু কম অত্যাৱশ্যকীয় দোকান চাৰি সপ্তাহৰ বাবে বন্ধ কৰা হৈছে।

প্ৰতিদিনে স্থানীয় সময়ত ৭ বজাৰ পৰা ৬ বজালৈ কাৰফিউ কাৰ্যকৰী কৰা হৈছে। ফ্ৰান্সত আনুষ্ঠানিক বন্ধ ঘোষণা নকৰাৰ কথা ভবা হৈছিল যদিও কেইদিনমানৰ ভিতৰত কৰোনাৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত লক-ডাউনৰ দৰে ব্যৱস্থা গ্ৰহণ কৰা হয়।

উল্লেখ্য, ফ্ৰান্সত ইতিমধ্যে কেইবাটাও প্ৰকাৰৰ কৰোনা ভাইৰাছ চিনাক্ত কৰা হৈছে।

You might also like