নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰটোৰ এখন সৰ্বশ্ৰেষ্ঠ বিবাহ, হূদয় জিনিছে সকলোৰে

নিয়মীয়া বাৰ্তা ১২ ডিচেম্বৰঃ এখন ব্য়তিক্ৰমী বিবাহ।হুইলচেয়াৰতে কইনাৰ সজা পিন্ধি বিবাহপাশত আবদ্ধ হ’ল বিশ্বনাথৰ চতিয়াৰ বিশিষ্ট যুৱলেখিকা ৰশ্মিৰেখা ভূঞাঁ ৷ উচ্চশিক্ষিতা ৰশ্মিৰেখা দিব্যাংগ যুৱতী ৷ সৰুতেই একবিশেষ ৰোগত আক্ৰান্তহৈ হুইলচেয়াৰকে সংগী কৰি লোৱা ৰশ্মিয়ে তীব্ৰ সংগ্ৰাম আৰু ইচ্ছা শক্তিৰ বলত উচ্চশিক্ষা গ্ৰহন কৰাৰ লগতে অসমীয়া সাহিত্যৰ জগততো প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়৷ নিজৰ সাহিত্য প্ৰতিভাৰ বাবেই News Live ৰ জনপ্ৰিয় অনুষ্ঠান “কথা-বাৰ্তা”ত প্ৰখ্যাত সাহিত্যিক-সাংবাদিক হোমেণ বৰগোহাঞিৰ অতিথি হৈছিল ৰশ্মি ৰেখা ভূঞা৷ ৰশ্মিৰ তীব্ৰ সংঘৰ্ষপূৰ্ণ জীৱনত ৰশ্মিৰ সংগীহৈ ৰশ্মিৰ জীৱনতোক ৰঙিণ কৰি তুলিবলৈ আশাৰ কিৰণহৈ আহিল মাজুলিৰ গোৱাল গাঁৱৰ সহৃদয়বান যুৱক প্ৰশান্ত ফুকন ৷

ফেছবুকৰ জড়িয়তে প্ৰতিভাৱান ৰশ্মিৰ সৈতে প্ৰথমে চিনাকিহৈ ৰশ্মিৰ প্ৰেমত পৰে প্ৰশান্ত আৰু সিদ্ধান্ত লয় ৰশ্মিক আপোন কৰি লোৱাৰ ৷ দুয়োটা পৰিয়ালৰ সন্মতিত সমাজক সাক্ষী কৰি বিবাহপাশত আবদ্ধ হয় প্ৰশান্ত আৰু ৰশ্মি ৷ শুক্ৰবাৰে তেওঁলোকৰ বিবাহ ৰ অভ্যৰ্থনা অনুষ্ঠিত হয়৷ হুইলচেয়াৰতে বহি ৰশ্মিয়ে অভ্যাগতৰ শুভেচ্ছা আৰু আশীৰ্বাদ গ্ৰহন কৰে ৷ লেখকৰ পৰা ৰাজনৈতিক নেতালৈকে সকলোৱে আশীৰ্বাদ দিবলৈ আহিল দৰা-কইনাক ৷ ছচিয়েল মেডিয়াত দুয়োকে যুগ্মমজীৱনৰ শুভেচ্ছাৰে অজস্ৰ জনে ওপছাই দিলে দুয়োকে৷ ২০২০ চনৰ শ্ৰেষ্ঠ বিবাহ বুলিও বহুতে অভিহিত কৰিলে ফেছবুকত৷ মাজুলীৰ প্ৰশান্তক স্বামী হিচাপে লাভ কৰি যথেষ্ট সুখী ৰশ্মি ৷ আশীৰ্বাদ বিচাৰিলে সকলোৰে ৷

You might also like