নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্কুটীসহ পৰি থকা সুৰামত্ত মোহন দাসক সহায় কৰাটোৱে কাল হ’ল অনিমেষ ভূঞাৰঃ অর্ধশতাধিক উন্মত্তৰ গণপ্রহাৰত গুৰুতৰভাৱে আহত দুই সতীর্থও মৰিয়াই মৰিয়াই নৃশংস হত্যা ছাত্র নেতাক

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ বৌদ্ধিক চিন্তা–চর্চাৰ প্রাণকেন্দ্র ৰূপে খ্যাত যোৰহাটৰ ৰাজপথত আজি ভৰ দুপৰীয়া জীৱশ্রেষ্ঠৰ এক বর্বৰোচিত কাণ্ডই জোকাৰি গৈছে সমগ্র ৰাজ্যখনকে৷ চহৰখনৰ জনসমাগমপূর্ণ নির্মল চাৰিআলিত অর্ধশতাধিক নৰাধমে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰিলে এজন সম্ভাৱনাপূর্ণ যুৱক তথা ছাত্র নেতাক৷ নৰপিশাচৰ দলটোৰ জিঘাংসাত আহত হয় আন দুজন যুৱক৷ কার্বি আংলঙৰ দোকমকাত প্রায় চাৰে তিনি বছৰ পূর্বে সংঘটিত অভি–নীল হত্যাকাণ্ডৰ দুঃসহ স্মৃতি ৰাজ্যবাসীয়ে কঢ়িয়াই লৈ ফুৰাৰ সময়তে সোমবাৰে সংঘটিত অনুৰূপ ঘটনাটোৱে আকৌ এবাৰ প্রমাণ কৰিলে যে জীৱশ্রেষ্ঠ হৈও মানুহে কিদৰে উন্মত্ত ৰূপ ধাৰণ কৰিব পাৰে?

প্রাপ্ত তথ্য অনুসৰি গোলাঘাট জিলাৰ দেৰগাঁৱৰ ১নং খকন্দগুৰি গাঁৱৰ বাসিন্দা তথা ব্রহ্মপুত্র আঞ্চলিক ছাত্র সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাই দুই বন্ধু প্রণয় দত্ত আৰু মৃদুষ্মন্ত বৰুৱাসহ ব্যৱসায়িক কামত যোৰহাটলৈ আহিছিল৷ ইয়াৰে মৃদুষ্মন্ত বৰুৱা এটা ব্যক্তিগত বৈদ্যুতিন সংবাদ মাধ্যমৰ খুমটাইস্থিত সাংবাদিক হোৱাৰ বিপৰীতে প্রণয় দত্ত হৈছে ব্রহ্মপুত্র আঞ্চলিক ছাত্র সন্থাৰ অন্যতম নেতা৷ দুপৰীয়া প্রায় ১.৩০ বজাত নির্মল চাৰিআলিত বজাৰ কৰাৰ উদ্দেশ্য ট্রাক ষ্টেণ্ডৰ সমীপত তিনিওজনে তেওঁলোকৰ গাড়ীখন পার্কিং কৰে৷ সেই সময়তে এজন বয়োজ্যেষ্ঠ ব্যক্তি স্কুটীসহ পৰি থকা অৱস্থাত প্রত্যক্ষ কৰে তেওঁলোকে৷ ইয়াৰ পাছত তিনিও বন্ধুৱে সুৰামত্ত অৱস্থাত থকা ব্যক্তিজনক সহায় কৰিবলৈ গৈ স্কুটীখন উঠাই দিয়ে৷ এয়াই যেন তিনিওৰে বাবে কাল হ’ল৷ সুৰামত্ত অৱস্থাত দুর্ঘটনাত পতিত হোৱা মোহন দাস (৭১) নামৰ ব্যক্তিজনে তেওঁক যুৱক তিনিজনে কৰা সহায়ৰ বাবে কৃতজ্ঞতা জনোৱাৰ বিপৰীতে গাড়ীৰে খুন্দিয়াই পেলাই দিয়া বুলি চিঞৰ–বাখৰ কৰিবলৈ ধৰে৷ ইয়াতে ক্ষান্ত নাথাকি অনিমেষ ভূঞা, মৃদুষ্মন্ত বৰুৱা আৰু প্রণৱ দত্তক চাবিৰে আক্রমণ কৰিবলৈ উদ্যত হোৱাৰ লগতে হুলস্থূলীয়া পৰিৱেশৰো সৃষ্টি কৰে ব্যক্তিজনে৷ আনকি দোকানত কর্মৰত যুৱকক মাতি আনি ব্যক্তিজনে তিনিওকে প্রহাৰ কৰিবলৈ উচটনি দিয়ে৷

লগতে মোহন দাসে যোৰহাটৰ দাগী অপৰাধী তথা নিজ পুত্র ‘ক’লা ল’ৰা’ ওৰফে নীৰজ দাসক ফোন কৰি মাতি আনে৷ ফোন কৰাৰ লগে লগে কুলাংগাৰ পুত্রসহ হাজিৰ হয় এটা দল৷ এই ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অর্ধশতাধিক অপৰাধমূলক কার্যৰ গোচৰ আৰক্ষীত ৰুজু আছে৷ ড্রাগ্ছ সৰবৰাহ, অস্ত্র কাঢ়ি নিয়া আদিকে ধৰি গোচৰ ৰুজু হৈ থকাৰ পাছতো আৰক্ষীয়ে দাগী অপৰাধীজনৰ বিৰুদ্ধে বিগত সময়ছোৱাত কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ নেতৃত্বত দলটো উপস্থিত হোৱাৰ পাছতে সংঘটিত হয় সেই ভয়ানক কাণ্ডটো৷ ব্যক্তিজনৰ উচটনিত অর্ধশতাধিক উন্মত্ত যুৱকৰ দলে ঘেৰি ধৰি অনিমেষ ভূঞা, মৃদুষ্মন্ত বৰুৱা আৰু প্রণৱ দত্তক উপর্যুপৰি প্রহাৰ কৰিবলৈ ধৰে৷ নৰাধমৰ দলটোত দলবদ্ধ আক্রমণৰ ফলত তিনিও গুৰুতৰভাৱে আহত হয়৷ তিনিওৱে বাৰম্বাৰ নির্দোষী বুলি কাকূতি–মিনতি কৰাৰ পাছতো দানৱত পৰিণত হোৱা আক্রমণকাৰীসকলৰ মন নগলিল৷ বৰঞ্চ যোৰহাট চহৰৰ মাজমজিয়াত ভোগদৈ দলঙৰ সমীপৰ পৰা বাটা পইণ্টলৈকে তেওঁলোকক মৰিয়াই মৰিয়াই লৈ আহে৷ তেনে সময়তে ঘটনাস্থলীত যান–বাহন আৰক্ষীৰ কেইজনমান জোৱান উপস্থিত হৈ নিৰীহ যুৱক তিনিজনক ৰক্ষা কৰিবলৈ চেষ্টা চলায় যদিও আক্রমণকাৰীসকল ক্ষান্ত নহ’ল৷ আৰক্ষীক কোনো কেৰেপ নকৰি বিভিন্ন চোকা অস্ত্রৰে তিনিওৰে ওপৰত আক্রমণ অব্যাহত ৰাখে৷ অনিমেষ ভূঞাৰ অৱস্থা ইতিমধ্যে কাহিল হৈ পৰিছিল৷ মূৰত আঘাত পোৱা অনিমেষ ভূঞাসহ তিনিওকে আৰক্ষীয়ে তাৎক্ষণিকভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায়৷ পিছে চিকিৎসকে অনিমেষ ভূঞাক মৃত ঘোষণা কৰে৷

এনেদৰে পৈশাচিকভাৱে এজন নিৰীহ যুৱকক দিনৰ পোহৰতে দলবদ্ধ আক্রমণ কৰি হত্যা কৰাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে যোৰহাটত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত উপস্থিত হৈ সদৌ যোৰহাট জিলা ছাত্র সন্থাৰ সভাপতি বিজয়শংকৰ বৰদলৈয়ে মানৱ জাতিক লজ্জানত কৰা এই ঘটনাক ধিক্কাৰ দি কয়– সাংস্কৃতিক ৰাজধানী, শৈক্ষিক নগৰী, বৌদ্ধিক চিন্তাচর্চাৰ প্রাণকেন্দ্র বুলি আমি সততে ফিতাহি মাৰি থাকোঁ৷ পিছে যোৰহাটবাসীয়ে আজি এই ঘটনাত লজ্জানত হৈ শিৰ উচ্চ কৰিব পৰা নাই৷ আমাৰ দর্পচূর্ণ হ’ল৷ এচাম মানৱৰূপী পশু–পিশাচৰ কাৰণে যোৰহাটৰ ঐতিহ্যত কালিমা লাগিল৷ এইসকল পিশাচৰ কাৰণে আমাৰ মুখৰ ভাষা হেৰাই যাব লগা এটা বেদনাদায়ক পৰিস্থিতি সৃষ্টি হৈছে৷ সদৌ যোৰহাট জিলা ছাত্র সন্থাই আৰক্ষীৰ ভূমিকাকো চোকা ভাষাৰে সমালোচনা কৰে৷ এই সন্দর্ভত সভাপতি বিজয়শংকৰ বৰদলৈ আৰু সাধাৰণ সম্পাদক দীপ দত্তই কয় যে আৰক্ষীৰ ফোঁপোলা স্বৰূপ ইতিমধ্যে খোল খাই গৈছে৷ কিদৰে যোৰহাট নগৰৰ মাজমজিয়াত দিনৰ পোহৰতে তিনিজনকৈ নিৰপৰাধী যুৱকক এচাম উন্মত্ত লোকে আক্রমণ কৰিলে আৰু এজন যুৱকক হত্যা কৰিলে? এয়া অতি দুর্ভাগ্যজনক বিষয়৷ যোৰহাট আৰক্ষীক আমি ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছোঁ৷ যদি ২৪ ঘণ্টাতকৈ এক ছেকেণ্ডো অতিক্রম কৰে, তেন্তে যোৰহাট সম্পূর্ণৰূপে স্তব্ধ কৰি দিয়া হ’ব৷ যোৰহাট জিলা ছাত্র সন্থাৰ তৰফৰ পৰা ইতিমধ্যে এই নাৰকীয় ঘটনাৰ তদন্ত আৰু দোষীক কৰায়ত্তৰ দাবীৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ এখন স্মাৰক–পত্র প্রেৰণ কৰিছে বুলি ছাত্র নেতাদ্বয়ে জানিবলৈ দিয়ে৷

মন কৰিবলগীয়া যে  এই নৃশংস আক্রমণৰ ঘটনা সংঘটিত হোৱাৰ সময়ত সদৌ যোৰহাট জিলা ছাত্র সন্থাই এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি আছে৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে সদৌ যোৰহাট জিলা ছাত্র সন্থাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীকো খবৰ দিয়ে৷ তদুপৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদতো সদৌ অসম ছাত্র সন্থাৰ নেতা অভিৱর্তন গোস্বামী আৰু গোলাঘাট জিলা ছাত্র সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱালৰ নেতৃত্বত আন এটা দল উপস্থিত আছিল৷ সকলোৱে এই বর্বৰোচিত কাণ্ডক একমুখে গৰিহণা দিয়াৰ লগতে এক শোকাকুল পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, বীৰ লাচিত সেনা, কৃষক মুক্তি সংগ্রাম সমিতি আদি বিভিন্ন দল–সংগঠনে দোষীক শীঘ্রে কৰায়ত্ত কৰি উপযুক্ত শাস্তি বিহাৰ দাবী জনাইছে৷
প্রাণৰক্ষা পৰা মৃদুষ্মন্ত বৰুৱাৰ শিহৰণকাৰী ভাষ্য
যোৰহাট নগৰৰ মাজমজিয়াত সংঘটিত পৈশাচিক আক্রমণৰ ঘটনাত কোনোমতে প্রাণৰক্ষা পৰা মৃদুষ্মন্ত বৰুৱাই শিহৰণকাৰী বর্ণনা দাঙি ধৰে সংবাদ মাধ্যমৰ আগত৷ তেওঁ কয় যে আজি বিয়লি অনিমেষ, প্রণয় আৰু মই গ্লাছ কিনিবৰ বাবে যোৰহাটত উপস্থিত হৈছিলোঁ৷ অনিমেষে মহাবাহু প্রেছ নামেৰে এটা ছপাশাল স্থাপন কৰিছিল৷ তাৰ বাবে গ্লাছৰ প্রয়োজন হৈছিল৷ যোৰহাট ট্রাক ষ্টেণ্ডৰ সমীপত আমি আমাৰ গাড়ী ৰাখোঁ৷ ইয়াৰ পাছত অনিমেষ আৰু প্রণয় গ্লাছ কিনিবলৈ যায়৷ তেতিয়াই এজন স্কুটী আৰোহী আহি আমাৰ গাড়ীখনৰ সন্মুখত পৰি যায়৷ মই ব্যক্তিজনক উঠাই দিয়াৰ পাছত স্থানীয় কেইজনমান লোক আহে৷ সেই সময়ত পৰি যোৱা ব্যক্তিজনৰ মুখত মই সুৰাৰ গোন্ধ পাইছিলোঁ৷ মই উঠাই দিয়াৰ পাছতে ব্যক্তিজনে চিঞৰিবলৈ ধৰিলে– মোক মাৰিলে৷ ইয়াৰ পাছতে এটা বাক্য শুনিবলৈ পাওঁ– বৰতাক মাৰিছে৷ ইয়াৰ আগতে অৱশ্যে কেইজনমান লোকে কৈছিল– তোমালোকে ইয়াৰ পৰা গুচি যোৱা৷ মানুহজনে মদ খাই এনেকুৱা কৰি আছে৷ পাছত সেই লোককেইজনো নোহোৱা হ’ল৷ ইতিমধ্যে প্রণয় আৰু অনিমেষ আহি পাইছিল৷ তেনেতে একাংশ লোকে আমাৰ ওপৰত আক্রমণ আৰম্ভ কৰে৷ অনিমেষক প্রহাৰ কৰাৰ সমান্তৰালভাৱে তেওঁৰ ম’বাইল ফোনটোও কাঢ়ি নিয়াৰ চেষ্টা চলায়৷ আমি সাংবাদিক আৰু আছু কর্মী বুলি পৰিচয় দিয়াৰ পাছতো আমাক উপর্যুপৰি প্রহাৰ কৰি থাকিল৷ তেনেকৈ মাৰি মাৰি আমাক গড়আলিৰ ফালে লৈ আনে৷ তাত দুজন যান–বাহন আৰক্ষীৰ জোৱানক প্রত্যক্ষ কৰি সাবটি ধৰি আমৰ প্রাণ বচোৱাৰ চেষ্টা কৰোঁ৷ তথাপি আমাক মাৰি আছিল৷ ইতিমধ্যে আৰক্ষীৰ দল আহি পাইছিল৷ কিন্তু আমাৰ ওপৰত আক্রমণ বন্ধ হোৱা নাছিল৷ অনিমেষ ইতিমধ্যে বেহুচ হৈ পৰিছে৷ গোটেই ঘটনাটো ১৫–২০ মিনিটমানৰ ভিতৰতে সংঘটিত হৈছিল৷
১০ অভিযুক্তক গ্রেপ্তাৰ
আজিৰ বর্বৰোচিত আক্রমণৰ সৈতে জড়িত থকাৰ অভিযোগত বাতৰি লিখাৰ পৰলৈকে ১০জন অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ গ্রেপ্তাৰ কৰাসকলৰ ভিতৰত বিতোপন দাস, বিক্রম দাস, সুভাষ বৰা, অবিনাশ বৰা, মোহন দাস, চিৰঞ্জীৱ দাস, সৰু ল’ৰা দাস আৰু দেৱ দাস অন্যতম৷ নিশালৈ আৰু কেইবাজনো নৰাধম আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷ ইফালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কার্যালয়ৰ পৰা ৰাজ্য জোকাৰি যোৱা ঘটনাটোৰ তদন্ত প্রক্রিয়া নিৰীক্ষণ কৰি থকা হৈছে৷ ইতিমধ্যে মুখ্যমন্ত্রী ড০ শর্মাৰ নির্দেশত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা চমুকৈ চিআইডিয়ে নিজাববীয়াকৈ আৰম্ভ কৰিছে তদন্ত৷
দোষীক শাস্তিৰ ব্যৱস্থা লোৱা হ’বঃ মুখ্যমন্ত্রী
বর্বৰোচিত আক্রমণ আৰু হত্যাকাণ্ডৰ ঘটনাৰে জড়িত দোষীক শাস্তি প্রদানৰ সকলো ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি সদৰী কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজ্য জোকাৰি যোৱা ঘটনাটো সন্দর্ভত প্রতিক্রিয়া জানিব বিচৰাত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয়– মই এইমাত্র খবৰটো পাইছোঁ৷ যোৰহাটৰ আৰক্ষী অধীক্ষকৰ সৈতে কথা পাতি মই ভালকৈ জনাম৷ কিন্তু ঘটনাৰ তদন্ত আৰু দোষীক শাস্তি প্রদানৰ আমি গোটেইখিনি ব্যৱস্থা ল’ম৷ ইফালে, মুখ্যমন্ত্রী ড০ শর্মাই পৰিস্থিতিৰ বুজ ল’বলৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক যোৰহাটলৈ যোৱাৰ বাবে নির্দেশ দিছে৷ সেই অনুসৰি আজি কাইলৈ যোৰহাটলৈ ৰাওনা হ’ব শিক্ষামন্ত্রী ডাঃ পেগু৷

You might also like