নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তী আৰম্ভ

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ : উৎসৱমুখৰ পৰিবেশৰ মাজত আজিৰে পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে ঢকুৱাখনা মহকুমাৰ জীয়ামৰীয়াস্থিত ৩১নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহৰ।বিদ্যালয়ৰ পৰিয়াল,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষী ৰাইজ আৰু শিক্ষাব্রতী সমাজৰ উপস্থিতিত এক উখল-মাখল পৰিৱেশত পুৱা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কুলনাথ বৰুৱাই ডেৰশ বছৰীয়া জয়ন্তীৰ মূল পতাকা উত্তোলনেৰে  তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।বিদ্যালয়ৰ প্ৰধান সেৱিকা শইকীয়াই বিদ্যালয়ৰ পতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ জয়ন্তী উপলক্ষে ১৪৯ খন পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী , ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট ব্যক্তিসকলে।ইয়াৰ পিছতেই বিদ্যালয়ৰ নৱনিৰ্মিত মূল প্ৰৱেশদ্বাৰ গায়ন বায়নেৰে উদ্বোধন কৰে ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই।শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি তৰ্পণ কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী দুৰ্গাৱতী দত্তই।দুপৰীয়া মঞ্চ আৰু প্ৰেক্ষাগৃহ উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈয়ে।দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হয় “বৰ্তমান শিক্ষা ব্যৱস্থাত প্ৰাথমিক বিদ্যালয়ৰ প্ৰাসংগিকতা” শীৰ্ষক  আলোচনা চক্ৰ। ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক সেৱক চন্দ্ৰ চুতীয়াই সঞ্চালনা কৰা মননশীল আলোচনা চক্ৰখনিত ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড° কেশৱ হাজৰিকা, লেখিকা পুষ্পা গগৈ আৰু ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল চুতীয়াই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি শিক্ষা ব্যৱস্থাত প্ৰাথমিক বিদ্যালয়ৰ প্ৰাসংগিকতা সন্দৰ্ভত বিভিন্ন দৃষ্টিকোণেৰে সাৱলীল বক্তব্য প্ৰদান কৰে।বিয়লিলৈ অনুষ্ঠিত হয় মাতৃ গোটৰ সমাৰোহ।ঢকুৱাখনা বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা অনিতা দত্ত বৰুৱাই সঞ্চালনা কৰা সমাৰোহত ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী  তথা লেখিকা নৱনীতা গগৈয়ে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে।জনাকীৰ্ণ সমাৰোহত ভাষণ প্ৰসংগত শিশুৰ সৰ্বাংগীন বিকাশত মাতৃগৰাকীয়ে বিশেষ ভূমিকা পালন কৰে বুলি উল্লেখ কৰি তেওঁ আৰু কয় “সু-নাগৰিক হিচাপে এটি শিশুক গঢ়াৰ ক্ষেত্ৰত মাতৃগৰাকীয়ে প্ৰধান ভূমিকা লয়। এগৰাকী সু-মাতৃ আৰু সু-গৃহিণীয়ে এখন ঘৰ সুন্দৰকৈ গঢ় দিব পাৰে। মাতৃগৰাকীয়ে নিজৰ সন্তানক সুস্বাস্থ্য, নৈতিক চৰিত্ৰ গঠনত সহায় কৰে, ভৱিষ্যতৰ বাট দেখুৱাই আগুৱাই যোৱাত সহায় কৰে।” আনহাতে সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতে অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া।ইফালে কাইলৈ ছাত্ৰ-ছাত্ৰীৰ মাজত সাংস্কৃতিক অনুষ্ঠান, ডেৰশ বছৰীয়া জয়ন্তীৰ স্মৃতিগ্ৰন্থ উন্মোচন, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ আৰু ।বিয়লিলৈ  “চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি চৰকাৰ আৰু সমাজৰ দায়িত্ব আৰু কৰ্তব্য” শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত কেইবাগৰাকী সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like