নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব বেংকৰ প্রতিবেদনঃ ২০২২–২৩ বিত্তীয় বর্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ৬.৯ শতাংশলৈ বৃদ্ধি পাব

  • আন্তর্জাতিক অর্থনীতিৰ প্রতিকূল পৰিস্থিতিৰ মাজতো ভাৰতৰ অর্থ ব্যৱস্থা মজবুত হৈ আছে 
  • বিশ্বৰ দ্রুততম বিকশিত অর্থনীতিৰ দেশ ভাৰত

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ : আন্তর্জাতিক অর্থনীতিৰ প্রতিকূল পৰিস্থিতিৰ মাজতে ভাৰতৰ অর্থ ব্যৱস্থা মজবুত হৈ আছে৷ ২০২২–২৩ বিত্তীয় বর্ষ তথা চলিত বিত্তীয় বর্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন তথা জিডিপি ৬.৯ শতাংশলৈ বৃদ্ধি পাব৷ বিশ্ব বেংকে আজি প্রকাশ কৰা প্রতিবেদনত ভাৰতীয় অর্থনীতিক লৈ এই সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ ইয়াৰ পূর্বে বিশ্ব বেংকৰ প্রতিবেদনত চলিত বিত্তীয় বর্ষত ভাৰতৰ জিডিপি ৬.৫ শতাংশলৈ নিম্নগামী হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছিল যদিও আজি প্রকাশ কৰা প্রতিবেদনত ভাৰতৰ অর্থনীতিৰ মজবুত পৰিস্থিতিক লৈ চলিত বিত্তীয় বর্ষত জিডিপি ৬.৯ শতাংশলৈ বৃদ্ধি পাব বুলি ব্যক্ত কৰিছে৷ তুলনামূলক দৃষ্টিত ভাৰতৰ জিডিপি দ্বিতীয় ত্রিমাসিকত বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততেই বিশ্ব বেংকৰ প্রতিবেদনত চলিত বিত্তীয় বর্ষত জিডিপি ৬.৯ শতাংশলৈ বৃদ্ধি পাব বুলি উল্লেখ কৰিছে৷

ইপিনে, ভাৰতৰ জিডিপি বৃদ্ধি হৈ থকাৰ বাবেই বিশ্বৰ দ্রুততম বিকশিত অর্থনীতিৰ দেশ হিচাপে দেশখনে নিজৰ স্থিতি অটুট ৰাখিবলৈ সক্ষম হৈছে বুলিও বিশ্ব বেংকে প্রকাশ কৰিছে৷ প্রতিবেদনত এই কথা উল্লেখ কৰা হৈছে যে ২০৩১ চনৰ ভিতৰত ভাৰতৰ জিডিপি দুগুণ বৃদ্ধি হৈ বর্তমানৰ ৩.৫ ত্রিলিয়ন মার্কিন ডলাৰৰ পৰা ৭.৫ ত্রিলিয়ন মার্কিন ডলাৰ হ’বগৈ৷ ভাৰতৰ নীতি সংস্কাৰ আৰু অর্থনীতিক লৈ গ্রহণ কৰা পদক্ষেপৰ বাবেই আন্তর্জাতিক অর্থনীতি নিম্নগামী হোৱাৰ পাছতো ভাৰতৰ অর্থনীতিৰ ওপৰত কম প্রভাৱ পৰিছে বুলি বিশ্ব বেংকৰ প্রতিবেদনত কোৱা হৈছে৷ বিশ্ব বেংকৰ অর্থনীতিবিদ ধ্রুৱ শর্মাই প্রকাশ কৰা মতে বর্তমান সময়ত ভাৰতৰ ঋণৰ বহনক্ষমতা উদ্বিগ্ণতাৰ বিষয় নহয়৷ উল্লেখ্য যে ইয়াৰ পূর্বে মৰগান ষ্টেনলীৰ এক প্রতিবেদনত ২০২৭ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিৰ দেশ হিচাপে স্থান লাভ কৰিব বুলি প্রকাশ কৰিছে৷ জাপান আৰু জার্মানীক অতিক্রম কৰি ভাৰত তৃতীয় বৃহত্তম অর্থনীতিৰ দেশ হ’ব৷

You might also like