নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াৰ জয়পুৰ অভয়াৰণ্যত এনথ্ৰাক্সৰ আতংক, মৃত্যু কেইবাটাও হাতীৰ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ তিনিচুকীয়াৰ জয়পুৰ অভয়াৰণ্যৰ হাতীৰ মাজত বিয়পি পৰিছে ভয়াৱহ ৰোগ এনথ্ৰাক্স। এনথ্ৰাক্সত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে কেইবাটাও হাতী। অভয়াৰণ্যখনত হঠাতে হাতীৰ মৃত্যু ঘটাৰ পিছত পশু চিকিৎসা বিভাগে ধৰা পেলাই এনথ্ৰাক্স ৰোগৰ অৱস্থিতি।

এনথ্ৰাক্সৰ প্ৰাদুৰ্ভাৱ সম্পৰ্কে পশু চিকিৎসা বিভাগ ৯০ শতাংশ নিশ্চিত যদিও ফৰেনছিক বিভাগলৈও পঠিওৱা হৈছে ইয়াৰ নমুনা। কিন্তু ইতিমধ্যে পশু চিকিৎসা বিভাগ আৰু বন বিভাগে হস্তীকুল ৰক্ষাৰ বাবে আৰম্ভ কৰিছে অভিযান।

সংক্ৰমিত ৰোগ এনথ্ৰাক্সে অভয়াৰণ্যখনৰ আন জীৱ-জন্তুলৈ বিপদ মাতি অনাৰ আগতে ইয়াৰ প্ৰতিৰোধৰ বাবে বন বিভাগ সাজু থকাটো প্ৰয়োজনীয় হৈ পৰিছে। উল্লেখ্য যোৱা সপ্তাহত পবিতৰাতো পোৱালি গঁড়কে ধৰি ৩টা গঁড়ৰ অস্বাভাৱিক মৃত্যু হৈছিল। এইক্ষেত্ৰত বিতং কাৰণ জানিব পৰা হোৱা নাই যদিও অস্বাভাৱিক মৃত্যুৱে আশংকাত ৰাখিছে প্ৰকৃতিপ্ৰেমীসকলক।

You might also like