নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“কৃষকৰ সন্তান” জগদীপ ধনখৰ দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত

বিশেষ বাৰ্তা, ৭ আগষ্টঃ দেশৰ চতুর্দশ উপ–ৰাষ্ট্রপতি হিচাপে নির্বাচিত হৈছে জগদীপ ধনখৰ৷ এন ডি এৰ প্রার্থী জগদীপ ধনখৰে উপ–ৰাষ্ট্রপতি নির্বাচন–২০২২ৰ ফলাফলত বিৰোধী প্রার্থী মার্গাৰেট আলভাক বিপুল ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয়৷  ৯২.৯ শতাংশ ভোটদানৰ হাৰেৰে ভোটগ্রহণ সমাপ্ত হোৱাৰ পাছতে আৰম্ভ হোৱা ভোটগণনাৰ অন্তত এন ডি এৰ প্রার্থী জগদীপ ধনখৰক বিপুল ভোটত বিজয়ী হোৱা বুলি ঘোষণা কৰা হয়৷ ৰিটার্নিং বিষয়া উৎপল কুমাৰ সিংহই প্রকাশ কৰা মতে উপ–ৰাষ্ট্রপতি নির্বাচনত ৭২৫গৰাকী সাংসদে ভোটদান কৰে৷ ইয়াৰে ভিতৰত ১৫টা ভোট অযোগ্য হিচাপে বিবেচিত হয়৷ ভোটগণনাৰ অন্তত এন ডি এৰ প্রার্থী ধনখৰে ৫২৮টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধী প্রার্থী আলভাই লাভ কৰে মাত্র ১৮২টা৷ তাৎপর্যপূর্ণ যে বিৰোধী শিবিৰৰ কেইবাটাও দলে আলভাৰ সলনি ধনখৰক ভোটদান কৰে৷ পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে কার্যনির্বাহ কৰি থকা সময়তে জগদীপ ধনখৰক এন ডি এৰ উপ–ৰাষ্ট্রপতিৰ পদৰ প্রার্থী হিচাপে ঘোষণা কৰা পৰিপ্রেক্ষিতত পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্রেছে এই ভোটদানৰ পৰা বিৰত থাকে৷ চতুর্দশ উপ–ৰাষ্ট্রপতি হিচাপে নির্বাচিত হোৱাৰ পাছতে জগদীপ ধনখৰক প্রধানমন্ত্রী নৰেন্দ্র মোদী, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় কেবিনেটৰ জ্যেষ্ঠ মন্ত্রীসকলে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে৷ বর্তমানৰ উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৰ কার্যকাল ১০ আগষ্টত অন্ত পৰাৰ পাছত ১১ আগষ্টত উপ–ৰাষ্ট্রপতি হিচাপে শপতগ্রহণ কৰিব জগদীপ ধনখৰে৷ উল্লেখ্য যে পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে দায়িত্ব গ্রহণ কৰি থকাৰ সময়তে উপ–ৰাষ্ট্রপতি নির্বাচন ২০২২ৰ বাবে যোৱা ১৬ জুলাইত জগদীপ ধনখৰক এন ডি এৰ উপ–ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে ঘোষণা কৰা হয়৷ ৰাজস্থানৰ ঝুনঝুনু জিলাৰ কিথানা নামৰ সৰু গাঁও এখনত ১৯৫১ চনৰ ১৮ মে’ত জন্মগ্রহণ কৰে জগদীপ ধনখৰে৷ ছিট্টৰগড়ৰ সৈনিক স্কুলৰ পৰা বিদ্যালয়ৰ শিক্ষা সম্পূর্ণ কৰা জগদীপ ধনখৰে জয়পুৰস্থিত ৰাজস্থান বিশ্ববিদ্যালয়ৰ মহাৰাজা কলেজত নামভর্তি কৰে আৰু তাৰ পৰাই পদার্থ বিজ্ঞানত স্নাতক ডিগ্রী লাভ কৰে আৰু ১৯৭৮ চনত আইনৰ স্নাতক ডিগ্রী লাভ কৰে৷ শিক্ষা সম্পূর্ণ কৰি ধনখৰে ৰাজস্থানৰ বাৰ কাউন্সিলৰ অন্তর্ভুক্ত হৈ অধিবক্তা হিচাপে কর্মজীৱন আৰম্ভ কৰে৷ ৰাজস্থান হাইক’ট বাৰ এছ’চিয়েচনৰ সভাপতি হিচাপে দায়িত্ব গ্রহণ কৰা ধনখৰে পিছলৈ সক্রিয় ৰাজনীতিত পদার্পণ কৰি ১৯৮৯ চনত ঝুনঝুনু লোকসভা সমষ্টিৰ পৰা নির্বাচিত হয়৷ জনতা দলক প্রতিনিধিত্ব কৰা ধনখৰে ১৯৯০ চনত কেন্দ্রীয় মন্ত্রী হিচাপেও কার্যনির্বাহ কৰে৷ পিছলৈ ১৯৯৩ চনত ৰাজস্থানৰ ঈশানগড়ৰ পৰা বিধায়ক হিচাপে নির্বাচিত হয়৷ ৰাজস্থান বিধানসভাৰ সদস্য হিচাপে কার্যনির্বাহ কৰাৰ অন্তত ২০০৩ চনত ধনখৰে ভাৰতীয় জনতা পার্টীত যোগদান কৰে৷ ৰাজনৈতিক পৰিক্রমাৰ মাজতে ২০১৯ চনৰ ৩০ জুলাইত ধনখৰক পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে৷ ২০২২ চনৰ ১৭ জুলাইত ধনখৰে পশ্চিমবংগৰ ৰাজ্যপালৰ পদবীৰ পৰা পদত্যাগ কৰে আৰু এন ডি এৰ উপ–ৰাষ্ট্রপতি প্রার্থী হিচাপে প্রচাৰ অভিযানত নামে৷

You might also like