CBSE-ৰ ফলাফলত নলবাৰীলৈ গৌৰৱ কঢ়িয়ালে প্ৰিয়াংশীয়ে
নলবাৰীৰ কন্যা প্রিয়াংশী জালানে চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৯.৬% নম্বৰ লাভ কৰি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে। প্ৰিয়াংশীৰ পিতৃ পুনীত জালান আৰু প্ৰভা জালান।
ৰঙিয়াৰ ফাতিমা কনভেন্ট চিনিয়ৰ চেকেন্দাৰী ইংলিছ মিডিয়াম স্কুলৰ ছাত্ৰী প্রিয়াংশীয়ে নিজৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ জৰিয়তে প্ৰায় প্ৰতিটো বিষয়তে পূৰ্ণ নম্বৰ লাভ কৰি সমগ্ৰ নলবাৰী জিলাত আনন্দৰ বতাহ বোৱাইছে।
প্ৰিয়ংশীয়ে ইংৰাজী, বিজ্ঞান আৰু তথ্য-প্ৰযুক্তি বিষয়ত ১০০ নম্বৰকৈ লাভ কৰিছে।উপন্যাস, ছবি আৰু সংগীত ভাল পোৱা প্ৰিয়ংশীয়ে একাদশ আৰু দ্বাদশ শ্ৰেণী অধ্যয়ন কৰিব গুৱাহাটীৰ ডনবক্স স্কুলত।
প্রিয়াংশীয়ে নিজৰ সফলতাৰ কৃতিত্ব পিতৃ-মাতৃ আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক দিছে। তেওঁৰ এই সাফল্যত নলবাৰীত আনন্দৰ জোৱাৰ উঠিছে৷
ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল