নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ‘ৰং’ চেনেলত সম্প্রচাৰ নতুন ধাৰাবাহিক অপৰাজিতা

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰ: প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ‘ৰং’–এ দর্শকৰ বাবে সাজু কৰি তুলিছে এখন নতুন ধাৰাবাহিক ‘অপৰাজিতা’৷ আজিৰে পৰা নিশা ৯ বজাৰ পৰা সম্প্রচাৰ হ’বলগা অপৰাজিতাৰ কাহিনী, চিত্রনাট্য আৰু সংলাপ নয়ন সাউদ আৰু জাহ্ণৱী মজুমদাৰৰ৷ এটা যৌথ পৰিয়ালৰ কাহিনীৰে আগবাঢ়িব অপৰাজিতাৰ প্রতিটো খণ্ড৷ হঠাতে পৰিয়ালৰ মূল মানুহজনৰ মৃত্যুৰ পাছত শর্মাৰ কোম্পানীটো কোনে কেনেকৈ আগবঢ়াই নিব? মাজু বোৱাৰী অপৰাজিতাই কিদৰে সকলোকে আচৰিত কৰি কোম্পানীটো প্রতিষ্ঠা কৰিব, কিদৰে পৰিয়ালৰ প্রতিজনৰ মাজত সম্পর্কৰ সূতাডালেৰে প্রেম–ভালপোৱাবোৰ বান্ধি ৰাখিব, খং–ভিমানেৰে কোনে কাক শত্রুৰ দৰে ব্যৱহাৰ কৰিব, নিজৰ সপোন বাস্তৱ কৰিবলৈ কোন কাৰ ষড়যন্ত্রৰ বলি হ’ব, সেই সকলোৰে উত্তৰ পাবলৈ আজিৰে পৰা ‘ৰং’ত উপভোগ কৰক অপৰাজিতাৰ প্রতিটো খণ্ড৷

জনপ্রিয় অভিনেত্রী আশা বৰদলৈয়ে অপৰাজিতাৰ কেন্দ্রীয় চৰিত্রত অভিনয় কৰাৰ বিপৰীতে ধাৰাবাহিকখনত আন অভিনেতা–অভিনেত্রীসক হ’ল ক্রমে নয়ন নির্বান বৰুৱা, পদ্মৰাগ গোস্বামী, পল ফুকন, ৰূপম বৰুৱা, অর্ণৱ আমান, মধুস্মিতা দিহিঙীয়া, পল্লৱী বৰা মহন্ত৷ শিশু শিল্পী হিচাপে এক বিশেষ ভূমিকাত দেখা যাব কণমানি অয়নক৷ বর্তমান সময়ৰ জনপ্রিয় চিত্রনাট্যকাৰ নয়ন সাউদ আৰু জাহ্ণৱী মজুমদাৰে সুন্দৰ সংলাপেৰে সজোৱা প্রতিটো দৃশ্য কেমেৰাৰে দৃষ্টিনন্দন ৰূপত বন্দী কৰিছে পাপু ডেকাই৷

অভিজ্ঞান কাশ্যপে পৰিচালনা কৰা ধাৰাবাহিকখনৰ চৰিত্রসমূহ সজাই তুলিছে পলী শইকীয়াই৷ ধাৰাবাহিকখনৰ মুখ্য সহকাৰী পৰিচালক দেৱাশীষ প্রাণকৃষ্ণ বৰা আৰু পৰিচালনা সহকাৰী বীৰেন্দ্র টাইদ৷ ধাৰাবাহিকখনৰ পোষ্টাৰ ডিজাইন আৰু গ্রাফিক্স দীপাংকৰ ডেকাৰ৷ ৰূপম নাথে আৱহ সংগীতেৰ সজোৱা ধাৰাবাহিকখন সম্পাদনা হূষীকেশ দাস আৰু সুনীল বৰুৱা৷ সুন্দৰ কাহিনী, দৃশ্যায়ন, অর্থৱহ সংগীত এই সকলোৰে সংমিশ্রণত অপৰাজিতাই নিশ্চয়কৈ দর্শকৰ মৰম আৰু সঁহাৰি লাভ কৰিব বুলি আশাবাদী ‘ৰং’ পৰিয়াল৷

You might also like