নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষামন্ত্ৰীৰ সংবাদমেলঃ ১০,৭৮৯গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক নিযুক্তি

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ অসম চৰকাৰে ৰাজ্যত শিক্ষক নিযুক্তিৰ দ্বিতীয়টো প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ওলাইছে। আজি জনতা ভৱনত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেল সম্বোধন কৰি এই বিষয়ে উল্লেখ কৰে।

নিযুক্তি প্ৰক্ৰিয়াৰ দ্বিতীয়টো স্তৰত ১০,৭৮৯গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক নিযুক্তি দিয়া হ’ব। ইয়াৰে ১,১০২গৰাকী নতুন হিন্দী শিক্ষকক, প্ৰাথমিক শিক্ষাৰ অধীনত ৩,৯৪১গৰাকীক আৰু উচ্চ মাধ্যমিকত ৫,৭৪৬গৰাকীক নিযুক্তি দিয়া হ’ব। উক্ত নিযুক্তি প্ৰক্ৰিয়া আগন্তুক ডিচেম্বৰৰ ভিতৰত কৰা হ’ব বুলি শিক্ষান্ত্ৰীগৰাকী সংবাদমেলত জনায়।

You might also like