নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত অব্যাহত নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়, আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ নিষিদ্ধ ড্ৰাগছে গ্ৰাস কৰিছে সীমান্তৱৰ্তী জোনাই মহকুমাক। নৱপ্ৰজন্মক জীৱনলৈ ভয়াৱহ ভাবুকি সৃষ্টি কৰা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আজি জোনাই আৰক্ষীয়ে এজন ড্ৰাগছ বিক্ৰেতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জোনাই মহকুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীমকান্ত পেগুৰ নেতৃত্বত চলোৱা অভিযানত নিষিদ্ধ ড্ৰাগছ সৰবৰাহকৰী অনন্ত ওৰফে কেপ্তেইন টায়ুঙক (২৭) ৷

জোনাইত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে ড্ৰাগছৰ বিৰুদ্ধে শূণ্য সহণশীলতাৰ নীতিৰে মহকুমাটোত বিভিন্ন সময়ত নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ অভিযান চলায় আহিছে৷ যোৱা ৩০ জুলাইত বিশেষ সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত পম খেদি দুজন ড্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰি জোনাই থানাত ৰুজু কৰা 75/20 আৰুU/S 21(b)/ 27 (a) NDPS act নম্বৰৰ ধাৰা পঞ্জীয়ন কৰি দুজনক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

এই দুজন ড্ৰাগছ আসক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আগাম দলঙৰ অনন্ত ওৰফে কেপ্তেইন টায়ুঙক নামৰ যুৱকজনৰ ঘৰত তালাচী চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসমুহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও সেই দিন ধৰি অনন্ত ওৰফে কেপ্তেইন টায়ুঙক নামৰ দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী জন পলাতক অৱস্থাত আছিল৷ আৰু আজি পুনৰ অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী অনন্ত ওৰফে কেপ্তেইন টায়ুঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ যুৱকজন দীৰ্ঘদিন ধৰি এই ব্যৱসায় কৰি আহিছিল বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷ ইফালে জোনাই ৰুকচিন গেট সমীপৰ নং ২ দলঙত ভাং আৰু ড্ৰাগছ আসক্ত তেম পাদুগ (২৬) নামৰ অৰুণাচলৰ এজন যুৱকক আটক কৰিছে৷

উল্লেখ্য যে জোনাইৰ বিভিন্ন দল সংগঠনৰ সহযোগত জোনাই মহকুমাটো ড্ৰাগছ মুক্ত কৰিবলৈ জোনাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগুৱে দক্ষতাৰে কেবাটাও অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু কেবাটাও ড্ৰাগছ সৰ্বৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জোনাই থানাৰ সহকাৰী উপপৰিৰ্দশক কৃষ্ণ কান্ত শৰ্মাই জানিব দিয়া মতে অনন্ত ওৰপে কেপ্তেইন টায়ুং নামৰ যুৱক জন দীৰ্ঘদিন ধৰি ড্ৰাগছ সেৱন কৰাৰ উপৰিও ড্ৰাগছ ব্যৱসায়ত লিপ্ত হৈ জোনাই পৰিবেশ বিনিষ্ট কৰি আছিল ৷আজি বিশেষ সুত্ৰে পম খেদি দিৰ্ঘদিন ধৰি পলাতক হৈ থকা দুৰ্ধৰ্ষ ড্ৰাগছ আসক্ত আৰু ব্যৱসায় জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি জানিব দিয়ে৷

You might also like