নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিএছচিঃ সময়মতে ক’ভিড পৰীক্ষাৰ ফলাফল নাপালে কি কৰিব প্রার্থীয়ে

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰিবলগীয়া লিখিত পৰীক্ষাত অৱতীর্ণ হ’বলৈ হ’লে পৰীক্ষাৰ তিনি দিন পূর্বৰ আৰ টি পি চি আৰ নিগেটিভ ৰিপ’ট দাখিল কৰিবলৈ দিয়া নির্দেশনাক লৈ সৃষ্টি হৈছে হাহাকাৰ৷ শেহতীয়াকৈ ক’ভিডৰ বাবে জাৰি কৰা এই নির্দেশনাত বিভ্রান্তিৰ সন্মুখীন হ’বলগীয়া হৈছে পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া প্রায় ৭৬ হাজাৰ প্রার্থী৷ বিশেষকৈ আয়োগৰ নির্দেশাৱলীক লৈ কেইবাটাও গুৰুত্বপূর্ণ প্রশ্ণ উত্থাপন কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি নামৰ সংস্থাটোৱে৷

এক বিবৃতিত সংস্থাৰ এডমিন মানসপ্রতিম বৰুৱাই কয় যে আৰ টি পি চি আৰ টেষ্টৰ ৰিপ’ট লাভ কৰিবলৈ নূ্যনতম ৩ৰ পৰা ৪ দিনৰ প্রয়োজন হয়৷ কেতিয়াবা এই সময় ইয়াতকৈও দীঘলীয়া হয়৷ অর্থাৎ পৰীক্ষার্থীসকলে পৰীক্ষাৰ অতি কমেও ৬ দিন পূর্বে টেষ্ট কৰাব লাগিব৷ সময়মতে টেষ্ট কৰোৱাৰ পাছতো বিভাগীয় অসুবিধাৰ বাবে আৰ টি পি চি আৰ ৰিপ’ট বহু পলমকৈ লাভ কৰা শিক্ষার্থীসকলৰ ক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি প্রশ্ন উত্থাপন কৰি তেওঁ কয়– ‘কাৰোবাৰ যদি এই পৰীক্ষাৰ ৰিপ’ট সময় মতে লাভ নকৰে, এই প্রার্থীগৰাকী বঞ্চিত হ’ব নেকি?

তদুপৰি অসমৰ বহু চৰকাৰী চিকিৎসালয়ত আৰ টি পি চি আৰ টেষ্ট কৰিবলৈ যথেষ্ট অসুবিধা৷ নিজে ৰোগী নহ’লে অথবা ৰোগৰ লক্ষণ নাথাকিলে অসমৰ বহু চৰকাৰী চিকিৎসালয়ত টেষ্ট কৰিবলৈ হেমাহি প্রকাশ কৰে৷ সমান্তৰালভাৱে সময়ে সময়ে অসমত আৰ টি পি চি আৰ টেষ্টৰ বাবে প্রয়োজনীয় সা–সুবিধাৰো নাটনি দেখা গৈছে৷ এনে বিভিন্ন কাৰণত যদি কোনো এগৰাকী প্রার্থীয়ে আৰ টি পি চি আৰ টেষ্টৰ ৰিপ’ট লৈ যাব নোৱাৰে, তেওঁ বঞ্চিত হ’লে তাৰ বাবে জগৰীয়া কোন হ’ব? একেদৰে ব্যক্তিগত হাস্পতালত আৰ টি পি চি আৰ টেষ্টৰ বাবে অতি কমেও ৬০০ টকাৰ প্রয়োজন হয়৷ গতিকে আর্থিকভাৱে দুর্বল পৰিয়ালৰ প্রার্থীসকলৰ বাবে এই ক’ভিডৰ সময়ত এয়া আন এক মাধমাৰ নহ’বনে?’

আনহাতে যদি কোনো এগৰাকী প্রার্থী এই টেষ্টত পজিটিভ হয়, তেন্তে তেওঁক আয়োগে পৰীক্ষাৰ পৰা বঞ্চিত কৰিব নেকি বুলিও প্রশ্ন উত্থাপন কৰে মানসপ্রতিম বৰুৱাই৷ এই প্রসংগতে তেওঁ কয় যে বৃহৎসংখ্যক পৰীক্ষার্থীৰ মাজত কিছুসংখ্যক প্রার্থী ক’ৰোনা পজিটিভ হোৱাৰ সম্ভাৱনা অধিক৷ তেনে ক্ষেত্রত আয়োগে কি ব্যৱস্থা গ্রহণ কৰিব? কেইজনমান প্রার্থীৰ বাবে পুনৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহয়৷ সেয়েহে আৰ টি পি চি আৰ টেষ্ট সম্পর্কে আয়োগে প্রকাশ কৰা জাননী পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চিয়ে৷

You might also like