নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পদকজয়ী মীৰাবাঈলৈ আজীৱন বিনামূলীয়া পিজ্জা ড’মিনোজৰ

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা মণিপুৰী ভাৰোত্তোলক মীৰাবাঈ চানুলৈ বিশেষ উপহাৰৰ টোপোলা আগবঢ়াইছে প্রখ্যাত পিজ্জা প্রস্তুতকাৰী কোম্পানী ড’মিনোজে৷

শনিবাৰে টকিঅ’ অলিম্পিকত চমকপ্রদ প্রদর্শনেৰে ৰূপৰ পদক অর্জন কৰা তাৰকা খেলুৱৈগৰাকীক আজীৱন বিনামূলীয়াকৈ পিজ্জা আগবঢ়াব বুলি কোম্পানীটোৱে সদৰী কৰিছে৷

উল্লেখ্য যে টকিঅ’ত ঐতিহাসিক পদক জয়ৰ পিছত মীৰাবাঈ চানুৱে ভাৰতীয় সংবাদ মাধ্যমৰ আগত কৈছিল যে অনুশীলনৰ বাবে তেওঁ দীর্ঘদিন ধৰি পিজ্জা খাব পোৱা নাই৷ সেয়ে এতিয়া ঘৰলৈ গৈ ভাৰোত্তোলকগৰাকীয়ে পিজ্জাৰ সোৱাদ ল’ব৷ পদক বিজয়ী খেলুৱৈগৰাকীৰ এই মন্তব্য সংবাদ মাধ্যমত দেখিবলৈ পোৱাৰ পিছতে ড’মিনোজ পিজ্জা কোম্পানীয়ে  খেলুৱৈগৰাকীৰ ইম্ফলস্থিত ঘৰলৈ পিজ্জাৰ টোপোলা প্রেৰণ কৰিছে৷ খেলুৱৈগৰাকীৰ সাফল্য উদযাপন কৰিবলৈ পৰিয়ালৰ লোকক কোম্পানীটোৱে পিজ্জাৰ টোপোলা আগবঢ়াইছে৷

You might also like