নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফলাফল ঘোষণা কৰিও আচম্বিতে বাতিল APSC কৰ্তৃপক্ষৰ

পৰীক্ষাৰ দৰে স্পর্শকাতৰ বিষয়ত চাকৰিপ্রত্যাশীৰ জীৱনক লৈ এইবাৰ ল’ৰা–ধেমালিত লিপ্ত হ’ল অসম লোকসেৱা আয়োগ (এপিএছচি)৷ বিগত বর্ষৰ ২৩ মার্চত প্রকাশিত ১২/২০২৫ নং বিজ্ঞাপনমর্মে অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা–২০২৪ৰ ফলাফল আজি ঘোষণা কৰিও আচম্বিতে বাতিল কৰে এপিএছচিয়ে৷

উল্লেখ্য যে এপিএছচিৰ প্রধান পৰীক্ষা নিয়ন্ত্রকে অসম অসামৰিক সেৱা (এচিএছ)ৰ ৪৫টা, অসম আৰক্ষী সেৱা (এপিএছ)ৰ ২০টা, শ্রম বিষয়াৰ ২টা, জিলা পৰিবহণ বিষয়াৰ ২টা, খণ্ড উন্নয়ন বিষয়াৰ ৯টা, সহকাৰী প্রবন্ধক–সহকাৰী উদ্যোগ বিষয়া–উদ্যোগ অধীক্ষকৰ ২৩টা, সমবায় সমিতিৰ সহকাৰী পঞ্জীয়কৰ ২টা, অসম বিত্ত সেৱাৰ ৫৩টা, অসম নগৰ প্রশাসন সেৱাৰ ৫টা, কৰ অধীক্ষকৰ ৫১টা, শ্রম পৰিদর্শকৰ ১০টা, আবকাৰী অধীক্ষকৰ ১৯টা, সহকাৰী নিয়োগ বিষয়াৰ ১৮টা, উপ–পঞ্জীয়কৰ ১৩টা আৰু সহকাৰী এডাল্ট অফিচাৰৰ ১৬টা পদৰ বিপৰীতে আজি ফলাফল ঘোষণা কৰে৷ এই ফলাফল উপলব্ধ হয় এপিএছচিৰ ৱেবছাইটত৷

কিন্তু ইয়াৰ কিছু সময় পাছতে প্রধান পৰীক্ষা নিয়ন্ত্রকে আন এখন জাননী জাৰি কৰে৷ য’ত উক্ত ফলাফল বাতিল কৰাৰ কথা ঘোষণা কৰা হয়৷ লক্ষণীয়ভাৱে কি কাৰণত ঘোষিত ফলাফল এপিএছচিয়ে বাতিল কৰিলে তাৰ কোনো সমুচিত কাৰণ জাননীখনত স্পষ্ট কৰি দিয়া নাই৷

কেৱল কোৱা হৈছে কিছু অজানিতে হোৱা ভুলৰ বাবে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ২০২৪ৰ ফলাফল তাৎক্ষণিকভাৱে বাতিল কৰা হ’ল৷ সাৱধানতাৰে পৰীক্ষা কৰাৰ পাছত এপিএছচিৰ নতুন ফলাফল তালিকা শীঘ্রে ৱেবছাইটত আপলোড কৰিব৷ এই অধিসূচনাখনৰ সমান্তৰালভাৱে এপিএছচিৰ ৱেবছাইটৰ পৰা লগে লগে ডিলিট কৰি দিয়া হয় ঘোষিত ফলাফলৰ তালিকা৷ এপিএছচিৰ এনে দায়িত্বজ্ঞানহীন তথা নাভূত–নাশ্রুত কাণ্ডত হতচকিত হৈ পৰিছে চাকৰিপ্রত্যাশী প্রার্থী আৰু অভিভাৱকসকল৷

ডিজিটেল ডেস্ক, ১৬ ফেব্ৰুৱাৰী

You might also like