ধাৰাপুৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ বিমানবন্দৰ সংযোগী মূলপথৰ ধাৰাপুৰ মজলী চকৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন যুৱকৰ।
প্ৰাপ্ত খবৰ মতে পেছাত বনুৱা হিচাপে কৰ্মৰত ছাইফুদ্দিন আলী (৪০) নামৰ যুৱকজনে পথৰ দাঁতিৰে চাইকেল চলাই গৈ থকা অৱস্থাত এ টি এমত টকা ভৰাবলৈ ভুল দিশেৰে গৈ থকা এ এছ ০১ এন চি ৪৮৭০ নম্বৰৰ এখন বাহনে ছাইফুদ্দিন আলীক পিছফালৰ পৰা তীব্ৰ জোৰেৰে খুন্দা মাৰে।
লগে লগে ছাইফুল আলি চাইকেলৰ পৰা পথৰ দাঁতিত বাগৰি পৰে। মূৰেৰে যথেষ্ট পৰিমাণে ৰক্তক্ষৰণ হোৱাৰ বাবেই ছাইফুদ্দিন আলীক আজাৰা যানবাহন আৰক্ষীয়ে এক্সেলকেয়াৰ হস্পিতাললৈ লৈ যায়। কিন্তু চিকিৎসকে মৃত হোৱা বুলি ঘোষণা কৰে।
পিছত মৃতদেহ এপ’ল’ এক্সেলকেয়াৰ হাস্পতালৰ মৰ্গতে ৰাখে। কাইলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে এপ’ল’ এক্সেলকেয়াৰ হাস্পতালৰ পৰা জি এম চি এইচলৈ যাব।
উল্লেখ্য যে প্ৰয়াত ছাইফুদ্দিন আলীৰ ঘৰৰ ঠিকনা অদ্যাপি লাভ কৰিব পৰা নাই যদিও দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত কোনবা গাঁৱত বুলি সদৰী কৰে আজাৰা যান বাহন আৰক্ষীয়ে। সম্প্ৰতি মৃতদেহ এপ’ল’ এক্সেলকেয়াৰ হাস্পতালত আছে বুলি জানিব পৰা গৈছে।
মহানগৰ বাৰ্তা, আজাৰা, ১৬ ফেব্ৰুৱাৰী